এক জঘন্য কাণ্ড পোহৰলৈ আহিছে৷ তিনিজন লোকে এজনী গৰ্ভৱতী ছাগলীক ধৰ্ষণ কৰি হত্যা কৰিছে৷
কেৰেলাৰ কানহাংগড় চহৰত এই জঘন্য কাণ্ডটো সংঘটিত হৈছে৷ হ’ছডাৰ্গ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ক’ট্টাছাৰীৰ এলিট হোটেলৰ চাৰিমহীয়া গৰ্ভৱতী এজনী ছাগলীক তিনিজন লোকে ধৰ্ষণ কৰি হত্যা কৰে৷ আৰক্ষীৰ মতে আৰু এমাহৰ পিছতে ছাগলীজনীৰ প্ৰসৱৰ দিন আছিল৷
হোটেল তথা ছাগলীজনীৰ গৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰে জড়িত থকাৰ অভিযোগত হোটেলখনৰ কৰ্মচাৰী তামিলনাডুৰ ছেণ্টিল নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছে৷
লগতে পঢ়ক পৰাজয় নিশ্চিত! হতাশ ৰাছিয়ান সেনা, নিৰ্দেশ অমান্য কৰি নষ্ট কৰিছে নিজৰে অস্ত্ৰ-শস্ত্ৰ
ইফালে আন দুই অভিযুক্ত ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে৷ ‘‘আন দুই অভিযুক্ত ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে৷’’ হ’ছবাৰ্গ আৰক্ষী থানাৰ বিষয়াই কয়৷ পলাতক দুয়োগৰাকী অভিযুক্তই হোটেলখনৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে৷
আৰক্ষীয়ে প্ৰকাশ কৰা মতে পশু চিকিৎসকে মৃত ছাগলীজনী মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত অপ্ৰাকৃতিক যৌন অত্যাচাৰৰ কৰা বুলি উল্লেখ কৰিছে৷ ছাগলীৰজনীৰ সবিশেষ কাৰণ সম্পূৰ্ণ প্ৰতিবেদন পোৱাৰ পিছত জানিব পৰা যাব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷
লগতে পঢ়ক আজিয়ে আধাৰ আৰু পান কাৰ্ডৰ সংযোগ কৰক : অন্যথা ভৰিব লাগিব জৰমিনা!
ঘটনাটো বুধবাৰে নিশা ১.৩০ বজাত সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ অভিযুক্ত লোককেইজনে হোটেলৰ পিছফালৰ পৰা গৰ্ভৱতীজনীসহ এজনী পোৱালী ছাগলী ধৰি আনি এই জঘন্য কাণ্ড সংঘটিত কৰে৷
আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৭ আৰু পশু নৃশংসতা প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰি ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ