ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে ইতিমধ্যে এমাহ অতিক্ৰম কৰিছে৷ এমাহৰো অধিক দিন আক্ৰমণ অব্যাহত ৰাখিও ইউক্ৰেইনৰ ৰাজধানী দখল কৰিবলৈ সক্ষম হোৱা যুদ্ধবাজ ৰাছিয়াৰ সৈন্য বাহিনীয়ে৷
যুদ্ধ যিমানেই দীঘলীয়া হৈ গৈছে যুদ্ধক্ষেত্ৰত থকা ৰুছ সেনাৰ মনোবল সিমানে ভাঙি গৈছে, যাৰফলত ৰাছিয়ান পদাতিক সেনাই ওপৰৰ মহলৰ নিৰ্দেশ অমান্য কৰিবলৈ ধৰিছে৷ এই দাবী কৰিছে ব্ৰিটিছ গুপ্তচৰ সংস্থাই৷
ব্ৰিটিছ চাইবাৰ আৰু নিৰাপত্তা সংস্থাৰ চৰকাৰী যোগাযোগ মুখ্য কাৰ্যালয়ৰ প্ৰধান জেৰেমি ফ্লেমিঙে বুধবাৰে অষ্ট্ৰেলিয়ান নেশ্যনেল ইউনিভাৰ্ছিটিৰ এক অনুষ্ঠানত দাবী কৰে যে মনোবল ভাঙি যোৱাৰ ফলত ৰাছিয়ান নিজৰে অস্ত্ৰ-শস্ত্ৰ নষ্ট কৰিবলৈ ধৰিছে৷
লগতে পঢ়ক RRRএ ধুমুহাৰ সৃষ্টিৰে হিন্দী বলয়তো দ্য কাশ্মীৰ ফাইলছ, গংগোবাইক পেলালে চেৰ
‘‘আমি ৰাছিয়ান সৈন্য বাহিনীক দেখিছো, তেওঁলোকৰ মনোবল ভাঙি পৰিছে৷ ওপৰৰ মহলৰ নিৰ্দেশো পালন কৰিবলৈ অস্বীকাৰ কৰিছে৷ সেনাসকলে নিজেই নিজৰ অস্ত্ৰ-শস্ত্ৰও নষ্ট কৰিছে৷’’ অনুষ্ঠানটোত ফ্লেমিঙে কয়৷
তেওঁৰ মতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও ইউক্ৰেইনৰ সামগ্ৰিক পৰিস্থিতি অনুধাৱন কৰাত ব্যৰ্থ হৈছে৷
‘‘এইটো লাহে লাহে স্পষ্ট হৈছে যে পুটিনে পৰিস্থিতি বুজিবলৈ ব্যৰ্থ হৈছে৷ আৰু ইউক্ৰেইনৰ প্ৰতিৰক্ষা ব্যৱস্থাক পুটিনে গুৰুত্ব প্ৰদান নকৰাটোও স্পষ্ট হৈ পৰিছে৷’’ জেৰেমি ফ্লেমিঙে লগতে কয়৷
লগতে পঢ়ক অসমৰ হাইৱেত ১০ খন নতুন উৰণীয়া সেতু : ক’ত ক’ত নিৰ্মাণ হ’ব এই সেতুসমূহ?
ইফালে পুটিনে ভাবিছিল যে তেওঁৰ সেনাই অতি সহজেই কীয়েভ দখল কৰিব৷ জেৰেমিৰ মতে পুটিনৰ উপদেষ্টাই তেওঁক সঁচা কথাবোৰ ক’বলৈও শংকিত হৈছে যাৰ ফলত ৰাছিয়াই এই যুদ্ধত পৰাস্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে৷
ইফালে কীয়েভ দখল আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিক হত্যাৰ বাবে কুখ্যাত ৱেগ’নাৰ বাহিনীক কীয়েভলৈ পুটিনে প্ৰেৰণ কৰাতো সত্য নহয় বুলিও মন্তব্য কৰিছে ব্ৰিটিছ চোৰাংচোৱা বিষয়াগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ