আজি অৰ্থাৎ ৩১ মাৰ্চ, ২০২২ আধাৰ কাৰ্ডৰ (Aadhar Card) সৈতে পান (Pan Card) সংযোগ কৰাৰ অন্তিম তাৰিখ।
আপুনি ৩১ মাৰ্চৰ নিশা ১২ বজাৰ ভিৰতত আপোনাৰ পান কাৰ্ড আধাৰৰ সৈতে সংযোগ নকৰিলে আপুনি অধিক জৰিমনা পৰিশোধ কৰিব লাগিবলীয়া হ’ব পাৰে। আনহাতে আৰু তিনিমাহ পলম কৰিলে জৰিমনাৰ পৰিমাণ দুগুণ হোৱাৰো সম্ভাৱনা আছে৷
কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে ২৯ মাৰ্চত এক জাননীত কোৱা হৈছিল যে সময়সীমা উকলি যোৱাৰ তিনি মাহৰ ভিতৰত পান আৰু আধাৰ কাৰ্ড সংযোগ কৰাসকলৰ পৰা ৫০০ টকা মাচুল লোৱা হ’ব।
লগতে পঢ়ক RRRএ ধুমুহাৰ সৃষ্টিৰে হিন্দী বলয়তো দ্য কাশ্মীৰ ফাইলছ, গংগোবাইক পেলালে চেৰ
অৰ্থাৎ ১ এপ্ৰিলৰ পৰা ৩০ জুন, ২০২২ লৈ জৰিমনা ৫০০ টকা নিৰ্ধাৰণ কৰা হৈছে। যদি আপুনি ৩০ জুনৰ ভিতৰত আধাৰ আৰু পান কাৰ্ড সংযোগ নকৰে তেতিয়া জৰিমনা ১০০০ টকালৈ বৃদ্ধি হ’ব পাৰে।
আধাৰৰ সৈতে পেন কেনেদৰে সংযোগ কৰিব লাগে?
আপুনি প্ৰথমে, আয়কৰ ৱেবছাইটলৈ যাব লাগিব।
লগতে পঢ়ক ‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিৰুদ্ধে টিপ্পনী : কেজৰিৱালৰ বাসভৱনত আক্ৰমণ বিজেপি কৰ্মীৰ
ইয়াৰ পিছত আধাৰ লিংক থকা অপশ্যনত ক্লিক কৰি আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আৰু পান কাৰ্ড নম্বৰ আৰু নাম লিখিব লাগিব।
তাৰ পিছত ‘লিংক আধাৰ’ৰ বিকল্পটো বাছনি কৰিব লাগিব।
এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত, আপোনাৰ আধাৰ আৰু পান লিংক কৰা হ’ব।
ইয়াৰ উপৰিও, আধাৰ কাৰ্ড আৰু পান এছএমএছ-ৰ জৰিয়তে বা আপোনাৰ নিকটতম পান সেৱা কেন্দ্ৰলৈ গৈও সংযোগ কৰিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ