২০০ টা ভাগত ভাগ কৰি ভৰাই থলে পাকঘৰৰ ফ্ৰীজত
পোহৰলৈ আহিছে এক শিহৰণকাৰী ঘটনা। যি ঘটনাই এতিয়া আৰক্ষীৰো চকু কপালত তুলিছে। এগৰাকী লোকে কৰা কাণ্ডই হতচকিত কৰ তুলিছে বহু লোককে।
মাত্ৰ ১৬ মাহ পূৰ্বে বিয়া হোৱা এহাৰ দম্পতিৰ স্বামীগৰাকীয়ে পত্নীৰ হত্যা কৰি, মৃতদেহৰ ২০০ টুকুৰা কৰি এটা সপ্তাহ ধৰি ভৰাই থলে পাকঘৰৰ ফ্ৰীজত। পাছতে সেই টুকুৰবোৰ পেলাই দিলে নদীত।
এই পাশৱিক ঘটনা সংঘটিত হৈছে ব্ৰিটেইনত। মেটচন নামৰ এগৰাকী লোকে মাৰ্চ মাহত সংঘটিত কৰিলে এই ঘটনা। পাছত এজন বন্ধুক ৫০ পাউণ্ড যি ভাৰতীয় হিচাপত ৫ হাজাৰ ৫২৬৪ টকা দি পত্নীৰ মৃতদেহৰ টুকুৰাবোৰ নদীত পেলোৱাৰ বাবে সহায় লয়।
সেই বন্ধুৱেই কাৰোবাক মেছেজ কৰে মৃতদেহ এটা পেলোৱাত সহায় কৰি দিয়াৰ বাবদ পালো ৫০ পাইণ্ড। সেই মেছেজটোৰ বাবেই আৰক্ষীয়ে এই ঘটনাৰ ওৰ পেলাবলৈ লক্ষম হয়।
আৰক্ষীয়ে পাছত হত্যাকাৰী স্বামী মেটচনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰৰ পাছতে মৃত পত্নীৰ মাতৃয়ে কয় মেটচন মানসিক ভাৰসাম্য হেৰুৱা লোকৰ দৰে। বিয়াৰ মাত্ৰ ১৬ মাহ হৈছিল হে, কিন্তু সেই সম্পৰ্ক প্ৰায় শেষ হোৱাৰ দৰেই হৈছিল।
কিয়নো মেটচনে ইতিপূৰ্বে পোহনীয়া কেইবাটাও জীৱৰ হত্যা কৰিছিল। এটা পোহনীয়া নিগনিক মিক্সিত দি অভেনত ভৰাই হত্যা কৰিছিল আন এটা কুকুৰ পোৱালীক ৱাচিং মেছিনত ভৰাই দি হত্যা কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ