অসম লাইভ২৪ঃ হিন্দু ধৰ্মত অন্য এক গুৰুত্বপূৰ্ণ উৎসৱ হৈছে দীপাৱলী। প্ৰতি বছৰে কাতি মাহৰ অমাবস্যা তিথিত দীপাৱলী পালন কৰা হয়। দীপাৱলীক সুখ-সমৃদ্ধি প্ৰদানকাৰী উৎসৱ বুলি কোৱা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত লক্ষ্মীয়ে নিজৰ ভক্তৰ ঘৰলৈ গৈ তেওঁলোকক ধন ধ্যানৰ আশীৰ্বাদ প্ৰদান কৰে। এই দিনটোত লক্ষ্মী-গণেশ পূজাৰ ওপৰিও দীপান্বিতা লক্ষ্মী পূজাও কৰা হয়। চলিত বছৰ দীপাৱলীৰ সঠিক তাৰিখক লৈয়ো বিভ্ৰান্তি আছে। এই বছৰ দীপাৱলীত লক্ষ্মী পূজা কেতিয়া কৰিব তাৰ সবিশেষ তথ্য জানি লওক।
কাতি মাহৰ অমাবস্যা তিথিত দীপাৱলী পালিত হয়। এইবৰ্ষৰ দীপাৱলীৰ পূজাৰ শুভ সময় হৈছে ১২ নৱেম্বৰ, দেওবাৰ দুপৰীয়া ২ বাজি ৪৪ মিনিটৰ পৰা। কাৰ্তিক অমাবস্যা তিথি সমাপ্ত হ’ব ১৩ নৱেম্বৰ সোমবাৰে দুপৰীয়া ২ বাজি ৫৬ মিনিটত। হিন্দু ধৰ্মত উদয়া তিথি মানি পূজাৰ উৎসৱ পালন কৰা হয়। দীপাৱলীৰ প্ৰদোষ কালত লক্ষ্মী পূজাৰো নিয়ম আছে। ১২ নৱেম্বৰত প্ৰদোষ কালৰ পূজাৰ সময়ত সেয়ে দীপাৱলী পালন কৰা হয়।
পূজাৰ শুভক্ষণ
লক্ষ্মী-গণেশ আৰু লক্ষ্মী পূজাৰ শুভক্ষণ হৈছে ১২ নৱেম্বৰৰ সন্ধিয়া ৫ বাজি ৪০ মিনিটৰ পৰা সন্ধিয়া ৭ বাজি ৩৬ মিনিট পৰ্যন্ত।
লক্ষ্মী পূজাৰ বাবে মহানিশীথ কাল হৈছে নিশা ১১ বাজি ৩৯ মিনিটৰ পৰা মাজৰাতি ১২ বাজি ৩১ মিনিট পৰ্যন্ত।
জ্যোতিষ অনুসৰি এই শুভক্ষণত লক্ষ্মী পূজা কৰিলে ব্যক্তিৰ জীৱনলৈ সুখ সমৃদ্ধিৰ আগমন ঘটে।
দীপাৱলীৰ ধৰ্মীয় মাহাত্ম্য
দীপাৱলীত লক্ষ্মী-গণেশ আৰু কুবেৰৰ পূজা কৰা হয়। প্ৰচলিত বিশ্বাস অনুসৰি দীপাৱলীত পূজা কৰিলে ব্যক্তিৰ জীৱন ধন-ধ্যানে ভৰি পৰে। তেওঁলোকৰ জীৱনত কেতিয়াও অৰ্থাভাৱ নঘটে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ