শাওন মাহত শিৱ পূজাৰ বিশেষ মাহাত্ম্য আছে৷ এই মাহত নিয়ম মানি শিৱ পুজা কৰিলে বিশেষ ফল পোৱা যায়৷ জলাভিষেক কৰিলে অত্যন্ত প্ৰসন্ন হয় মহাদেৱ৷ সাধাৰণতে গংগাজল বা গাখীৰেৰে শিৱৰ জলাভিষেক কৰাৰ প্ৰথা সৰ্বাধিক প্ৰচলিত৷ গাখীৰ আৰু গংগাজলৰ ওপৰিও পঞ্চামৃতেৰে শিৱৰ অভিষেক কৰাৰ কথা শিৱ পুৰাণত উল্লেখ আছে৷ জ্যোতিষ অনুসৰি শাওনত নিজৰ ৰাশি মানি শিৱৰ অভিষেক কেনেকৈ কৰিব জানি থওক সবিশেষ৷
ৰাশি অনুসৰি শিৱৰ অভিষেক
- মেষ ৰাশিৰ জাতকে শিৱক প্ৰসন্ন কৰিবলৈ শাওন মাহত তামৰ লোটাত পানী, মৌ আৰু সুগন্ধী মিহলাই অভিষেক কৰক৷
- বৃষৰ জাতকে শাওন মাহৰ সোমবাৰে কেঁচা গাখীৰেৰে শিৱৰ অভিষেক কৰক৷ ইয়াৰ ফলত কাংশিত আশীৰ্বাদ লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷
- মিথুন ৰাশিৰ জাতকে গাখীৰ ভাং মিহলাই শিৱৰ অভিষেক কৰিলে ঐশ্বৰ্য লাভ কৰিব পাৰিব৷
- কৰ্কট ৰাশিৰ জাতকে শাওন মাহত গাখীৰ, গংগাজল আৰু চেনী মিহলাই অভিষেক কৰক৷
- সিংহ ৰাশিৰ জাতকে কুঁহিয়াৰৰ ৰসেৰে শিৱৰ অভিষেক কৰক আৰু তাৰপাছতেই ইলাচি নিবেদন কৰক৷ ইয়াৰ ফলত শিৱৰ অশেষ কৃপা লাভ কৰিব পাৰিব৷
- কন্যা ৰাশিৰ জাতকে গাখীৰ, চেনী আৰু শুদ্ধ গাই ঘীঁ মিহলাই অভিষেক কৰিলে শুভ ফল লাভ কৰিব৷
- তুলাৰ জাতকে শাওন মাহত চেনী, ডাবৰ পানী আৰু ঘীঁ মিহলাই অভিষেক কৰক৷ ভোলানাথৰ সন্মুখত কৰ্পূৰ নিবেদন কৰিলে ধনধ্যান বৃদ্ধি পাব৷
- বৃশ্চিক ৰাশিৰ জাতকে পঞ্চামৃত দি শিৱৰ অভিষেক কৰক৷ ইয়াৰ প্ৰভাৱত ধন–ধ্যান বৃদ্ধি পাব৷ ইয়াৰোপৰি স্বাস্থ্য ভালে থাকিব৷
- ধনু ৰাশিৰ জাতকে গাখীৰৰ সৈতে জাফৰান আৰু হালধি মিহলাই শিৱৰ অভিষেক কৰক৷ তাৰপাছতেই কল আৰু গুৰৰ ভোগ নিবেদন কৰিলে ধন আৰু ঐশ্বৰ্য বৃদ্ধি পাব৷
- মকৰ ৰাশিৰ জাতকে শাওন মাহত গাখীৰৰ সৈতে পাঁচ মেৱা, গোটা ৰাজমাহৰ দাইল মিহলাই অভিষেক কৰক৷ ইয়াৰ ফলত ৰোগমুক্তি সম্ভৱ৷ ধনলাভ কৰিব পাৰে মকৰ ৰাশিৰ জাতকে৷
- কুম্ভৰ জাতকে কুঁহিয়াৰৰ ৰসত গংগাজল মিহলাই শিৱৰ অভিষেক কৰিলে সমস্ত মনোকামনা পূৰণ হ’ব৷
- শাওন মাহত মীন ৰাশিৰ জাতকে গাখীৰত হালধি আৰু জাফৰান মিহলাই শিৱৰ অভিষেক কৰিলে শিক্ষা আৰু ব্যৱসায়ত লাভ হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ