মানুহে প্ৰধানকৈ দুখ, শোক, যন্ত্ৰণা বা অতিকৈ আনন্দৰ সময়ত আৱেগিকভাৱে চকুলো টোকে। ছুইজাৰলেণ্ডৰ ইনষ্টিটিউট অৱ হিউমেন বায়’লজিৰ পোষ্ট ডক্টৰেট ফেল’ ডাঃ মেৰী বেনিয়াৰ-হেল’ৱেটে ব্যাখ্যা কৰে যে চকুলো পাঁচটা উপাদানৰে গঠিত: শ্লেষ্মা, ইলেক্ট্ৰ’লাইট, পানী, প্ৰ’টিন আৰু লিপিড।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমত তেওঁ বুজাই দিয়ে যে এই সকলোবোৰৰ ধৰ্ম বেলেগ বেলেগ। উদাহৰণস্বৰূপে, প্ৰ’টিন এন্টিভাইৰেল আৰু এন্টিবেক্টেৰিয়েল, আনহাতে ইলেক্ট্ৰ’লাইট হৈছে শৰীৰৰ কাম-কাজৰ লগত জড়িত অপৰিহাৰ্য খনিজ পদাৰ্থ।
তেওঁ কয়, চকুলো তিনি প্ৰকাৰৰ। “বেচেল টিয়াৰ হৈছে সেই চকুলো যিবোৰ আমাৰ চকুৰ তলৰ পৃষ্ঠত সদায় থাকে। ই চকু দুটা আৰ্দ্ৰ কৰি ৰাখে। কোনো পোক বা ধূলিৰ কণা আমাৰ চকুত প্ৰৱেশ কৰিলেই ৰিফ্লেক্স চকুপানী স্বয়ংক্ৰিয়ভাৱে বৈ যাবলৈ আৰম্ভ কৰে। কৰ্ণিয়াৰ স্নায়ুকোষে ইয়াক অনুভৱ কৰে, যিয়ে আমাৰ চকুক ধূলি আৰু মলিৰ পৰা ৰক্ষা কৰে।
বেনিয়াৰ-হেল’ৱেটৰ মতে, “কৰ্ণিয়াত সমগ্ৰ শৰীৰৰ ভিতৰতে সৰ্বাধিক সংখ্যক স্নায়ুকোষ থাকে। এই কোষবোৰে উষ্ণতা, যান্ত্ৰিক চাপ আৰু শুকানতা অনুভৱ কৰিব পাৰে।”
আৱেগৰ বাবে ওলোৱা চকুলো আৰু ইয়াতেই কথাবোৰ আটাইতকৈ জটিল হৈ পৰে। আমাৰ মগজুৰ আৱেগ প্ৰক্ৰিয়াকৰণ কৰা অংশবোৰেও চকুৰ নিউক্লিয়াছৰ সৈতে যোগাযোগ কৰে যদিও ইয়াৰ প্ৰক্ৰিয়াকৰণ অধিক জটিল।
নেদাৰলেণ্ডৰ টিলবাৰ্গ বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক এড ভিংগাৰহ’টছৰ মতে, “কান্দিলে একক আৱেগৰ পৰিৱৰ্তে আৱেগৰ অতিৰিক্ত বোজা প্ৰতিফলিত হয়।”
তেওঁ কয়, “আৱেগ স্পষ্টভাৱে প্ৰকাশ কৰাটো খুব কমেইহে হয়। ইয়াৰ পৰিৱৰ্তন দ্ৰুতগতিত হয় আৰু একেলগে বহু আৱেগ হ’ব পাৰে। বয়স বৃদ্ধিৰ লগে লগে আমাৰ কান্দোনৰ আৱেগিক কাৰণ সলনি হয়। শিশুৰ কান্দোনৰ মূল কাৰণ শাৰীৰিক বিষ, কিন্তু প্ৰাপ্তবয়স্ক আৰু বৃদ্ধৰ ক্ষেত্ৰত এইটো কম হয়। বয়স বঢ়াৰ লগে লগে কান্দোন সহানুভূতিৰ লগত জড়িত হৈ পৰে; আমি কেৱল নিজৰ দুখৰ বাবে কান্দিব নোৱাৰো, কিন্তু আনৰ বিষে আমাক কান্দিবলৈও বাধ্য কৰে।”
বহুতে কান্দোনৰ পিছত সকাহ অনুভৱ কৰা বুলি কয়, কিন্তু এই কথা সঁচা নে নহয় সেয়া এতিয়াও বিতৰ্কৰ বিষয়। পিটচবাৰ্গ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা লৰেন বাইলছমাই হৃদস্পন্দন নিৰীক্ষণ কৰি কান্দিলে আমাৰ মন ভাল হয় নেকি সেইটো জানিবলৈ চেষ্টা কৰিছে।
কান্দা আৰম্ভ হোৱাৰ লগে লগে পেৰাচিম্পেথেটিক এক্টিভিটি বৃদ্ধি পায়, যিটো আমাৰ স্নায়ুতন্ত্ৰৰ শাখাটোৱে আমাক শান্ত আৰু শিথিল হোৱাত সহায় কৰে। কিন্তু ভিংগাৰহ’টে আঙুলিয়াই দিয়ে যে কান্দিলে সদায় ভাল নালাগে, বিশেষকৈ যেতিয়া আমি হতাশ বা মানসিক চাপত থাকোঁ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















