কুকুৰ হৈছে প্ৰভূভক্ত৷ অৰ্থাৎ মানুহে কুকুৰক প্ৰভূভক্ত বুলিয়েই আখ্যা দি আহিছে৷ কোৱা হয় যে গৰাকীক কুকুৰে কেতিয়াও অনিষ্ট নকৰে৷ সেয়ে চাগে গৰাকীয়ে কুকুৰক আদৰ-সাদৰ কৰা দেখা যায়!! অৱশ্যে এতিয়া বৰ্ণ শংকৰজাতৰ কুকুৰ বিলাসী জীৱন ধাৰাৰো অবিচ্ছেদ্য অংগ হৈ পৰিছে৷
কিন্তু ইয়াৰ মাজেত আজি আমি গুজৰাটৰ এখন গাঁৱৰ কুকুৰকেন্দ্ৰিক এটা প্ৰেৰণাদায়ক কাহিনী ক’বলৈ আগবাঢ়িছো। ৫ কোটি টকা মূল্যৰ ভূমিৰ গৰাকী কুকুৰৰ বিষয়ে ক’বলৈ লৈছো৷
গুজৰাটৰ বনাস্কান্ত জিলাৰ পালনপুৰ তালুকাৰ কুশকল গাঁৱত অঘৰী কুকুৰৰ বাবে এক বিশেষ পৰম্পৰা আছে, যাৰবাবে কুকুৰসমূহে বিলাসী জীৱন উপভোগ কৰাৰ লগতে ‘কোটিপতি’ হৈ পৰিছে।
লগতে পঢ়ক ইয়াকে কয় প্ৰেম! প্ৰেমিকা পৰীক্ষাত অনুত্তীৰ্ণ, বিদ্যালয়ত জুই লগাই দিলে প্ৰেমিকে
গাঁওবাসীয়ে জনোৱা মতে, তেওঁলোকৰ পূৰ্বপুৰুষসকলে গাঁওখনৰ অঘৰী কুকুৰৰ বাবে এক অনন্য ব্যৱস্থা স্থাপন কৰি অঘৰী কুকুৰৰ বাবে ২০ বিঘা কৃষিভূমি আবণ্টন দিছিল। অঘৰী কুকুৰবোৰৰ বাবে হ’বলগীয়া এই ভূমিৰ আনুমানিক বজাৰ মূল্য ৫ কোটি টকাৰো অধিক।
যদিও উক্ত ভূমিখিনি আনুষ্ঠানিক তথা কাগজে পত্ৰই কুকুৰবোৰৰ নামত নাই কিন্তু সেই মাটিৰ পৰা হোৱা সকলো উপাৰ্জন কুকুৰবোৰৰ নামতে ৰখা হয়।
বাতৰি অনুসৰি গাঁৱৰ মানুহে নিশ্চিত কৰে যে এই অঞ্চলৰ এটাও কুকুৰৰো যাতে ভোকত থাকিবলৈ নাপায়। এই অঞ্চলত প্ৰায় ১৫০ টা কুকুৰ আছে আৰু তেওঁলোকক নিয়মিতভাৱে লাডুৰ দৰে মিঠাই খাবলৈ দিয়া হয়।
লগতে পঢ়ক অচিনাকি যাত্ৰীৰ কান্ধত মূৰ থৈ শুই যাত্ৰা কৰিছিল এক যুৱতীয়ে! পাছত দুই সহযাত্ৰীৰ মাজত আৰম্ভ প্ৰেম
উল্লেখ্য যে উক্ত গাঁওখনৰ জনসংখ্যা প্ৰায় ৭০০ জন, বেছিভাগেই চৌধুৰী জনগোষ্ঠীৰ। স্বাধীনতাৰ পূৰ্বে পালনপুৰ নবাবৰ শাসনত আছিল আৰু শাসকে গাঁৱৰ মানুহক কিছু ভূমি প্ৰদান কৰিছিল। কিন্তু গাঁওবাসীয়ে ভাবিলে যে মানুহে জীৱিকা উপাৰ্জন কৰি নিজৰ পৰিয়াল পোহপাল দিব পাৰে কিন্তু অঘৰী কুকুৰবোৰৰ কি হ’ব!
আৰু সেয়ে এনে কুকুৰৰ বাবে ২০ বিঘা কৃষিভূমি তেওঁলোকে আবণ্টন দিছিল আৰু তেতিয়াৰ পৰা এই ভূমিৰ পৰা হোৱা উপাৰ্জন অঘৰী কুকুৰৰ কল্যাণৰ বাবে ব্যয় কৰা হয়। জাতি-বৰ্ণ নিৰ্বিশেষে সকলো গাঁৱৰ লোকে আজিলৈকে এই মহান পৰম্পৰা মানি চলি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ