• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

1 month ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

37 seconds ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

30 minutes ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

1 hour ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

2 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

2 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

2 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

3 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

4 hours ago
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

4 hours ago
আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

6 hours ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

14 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

 স্কুল-কলেজ বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ

editor by editor
August 8, 2026
in বিবিধ, বিশ্ব, লেখা
0
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পশ্চিম প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ‘ডলফিন’ ঘূৰ্ণীবতাহে। জাপানৰ দক্ষিণাঞ্চলৰ ওকিনৱা আৰু কাগোচিমাৰ আমামি দ্বীপপুঞ্জত ধুমুহাৰ প্ৰচণ্ড প্ৰভাৱ পৰাৰ পাছত এতিয়া ‘ডলফিনে’ চীনৰ পূব উপকূলৰ দিশে গতি কৰিছে। ঘণ্টাত প্ৰায় ১৬২ কিলোমিটাৰ বেগৰ ধাৰাবাহিক বতাহ আৰু ঘণ্টাত ২১৬ কিলোমিটাৰ পৰ্যন্ত বতাহৰ জোকাৰণিৰ আশংকাই পৰিস্থিতি অধিক ভয়ংকৰ কৰি তুলিছে।

‘ডলফিন’ৰ প্ৰভাৱত জাপানৰ ওকিনৱা আৰু কাগোচিমা প্ৰিফেকচাৰ, বিশেষকৈ আমামি দ্বীপপুঞ্জত তীব্ৰ বতাহ আৰু মুষলধাৰ বৰষুণে স্বাভাৱিক জনজীৱন ব্যাহত কৰিছে। ধুমুহাৰ ফলত কেইবাজনো লোক আহত হৈছে আৰু বহু অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হৈছে। ৰয়টাৰ্ছৰ মতে, ওকিনৱা আৰু কাগোচিমাত ৫০ হাজাৰতকৈ অধিক অট্টালিকাত বিদ্যুৎ বিচ্ছিন্ন হৈছিল। তীব্ৰ বতাহৰ বাবে গছ-গছনি উভালি পৰাৰ লগতে বিভিন্ন স্থানত পথ যোগাযোগতো সমস্যাৰ সৃষ্টি হৈছে। ইতিমধ্যে বহু বিমানৰ উৰণ বাতিল কৰা হৈছে। জাপানৰ বিমান সংস্থাসমূহে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিমান সেৱাত ব্যাপক পৰিৱৰ্তন আনিছে।

অৱশ্যে টাইফুনৰ আগমনৰ পূৰ্বেই কাগোচিমা আৰু ওকিনৱাৰ প্ৰায় ২.৬ লাখ লোকক সুৰক্ষিত স্থানলৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছিল। বতৰ বিজ্ঞানৰ তথ্য অনুসৰি ‘ডলফিন’ৰ আৰম্ভ হৈছিল ২৬ জুলাইত। আৰম্ভণিতে মাৰ্শ্বাল দ্বীপপুঞ্জৰ ওচৰত সৃষ্টি হোৱা এই নিম্নচাপীয় বতাহে ক্ৰমাৎ টাইফুনৰ ৰূপ লয়। জাপানৰ ফালে আগবাঢ়ি যোৱাৰ সময়ত ইয়াৰ শক্তি দ্ৰুতগতিত বৃদ্ধি পায়। এতিয়া ডলফিনৰ ধাৰাবাহিক বতাহৰ গতিবেগ প্ৰায় ১৬২ কিলোমিটাৰ প্ৰতি ঘণ্টা, আনহাতে সৰ্বোচ্চ বতাহ ২১৬ কিলোমিটাৰ প্ৰতি ঘণ্টা পৰ্যন্ত হ’ব পাৰে।

জাপানৰ পিছত এতিয়া ‘ডলফিন’ টাইফুনে চীনৰ পূব উপকূলৰ দিশে গতি কৰাত দেশখনতো ব্যাপক সতৰ্কতা জাৰি কৰা হৈছে। চীন কৰ্তৃপক্ষই ডলফিনৰ সম্ভাৱ্য প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰীকালীন ব্যৱস্থা বৃদ্ধি কৰিছে। বিশেষকৈ ঝেজিয়াং, উত্তৰ ফুজিয়ান আৰু ছাংহাই অঞ্চলত প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ আশংকা কৰা হৈছে। বতৰ বিভাগৰ পূৰ্বানুমান অনুসৰি কোনো কোনো অঞ্চলত ২০০ৰ পৰা ৪০০ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হ’ব পাৰে।

ডলফিনৰ আশংকাত চীনৰ নিংবো চহৰত স্কুল আৰু শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। নিংবো লিছে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতো বিমান সেৱা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। একেদৰে উপকূলীয় অঞ্চলত ফেৰী আৰু অন্যান্য জলপৰিবহণ সেৱাও বন্ধ কৰা হৈছে। ধুমুহাৰ প্ৰচণ্ড প্ৰভাৱৰ আশংকাত চীনৰ উপকূলীয় বন্দৰসমূহতো ব্যাপক প্ৰস্তুতি চলিছে। ছাংহাইৰ বন্দৰকে ধৰি বিভিন্ন বন্দৰৰ পৰা জাহাজ আঁতৰাই সুৰক্ষিত স্থানলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। নিংবো বন্দৰতো প্ৰায় ৮০০খন জাহাজ আগতীয়াকৈ সুৰক্ষিতভাৱে ৰাখি দিয়া হৈছে।

ইয়াৰ লগতে চীনৰ পূব অংশত ফেৰী, ক্ৰুজ, মাছ ধৰা নাও আৰু অন্যান্য জলযানৰ চলাচল বন্ধ বা সীমিত কৰা হৈছে। ইয়াংচে নদীৰ ডেল্টা অঞ্চলতো ৰে’ল সেৱা ব্যাহত হোৱাৰ আশংকাত বিভিন্ন সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। টাইফুনৰ সৈতে অহা অত্যন্ত ভয়াৱহ বৰষুণক লৈও চিন্তা বৃদ্ধি পাইছে। কিছু অঞ্চলত মুঠ বৰষুণৰ পৰিমাণ ৬০০ মিলিমিটাৰতকৈ অধিক হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। এনে পৰিমাণৰ বৰষুণে নিম্নভূমি অঞ্চলত আকস্মিক বান, ভূমিস্খলন আৰু জলমগ্নতাৰ আশংকা বৃদ্ধি কৰিব পাৰে। চীনৰ চৰকাৰী কৰ্তৃপক্ষই ইতিমধ্যে উপকূলীয় অঞ্চলত ঢৌ আৰু ধুমুহাৰ বাবে সতৰ্কতা বৃদ্ধি কৰিছে। বহু পৰ্যটনস্থলী বন্ধ কৰাৰ লগতে জলক্ৰীড়া আৰু পানীৰ সৈতে জড়িত সকলো কাৰ্যসূচী স্থগিত ৰখা হৈছে।

এফালে জাপানত ধুমুহাৰ প্ৰত্যক্ষ প্ৰভাৱত বিদ্যুৎ যোগান, বিমান সেৱা আৰু দৈনন্দিন জনজীৱন ব্যাহত হৈছে। আনফালে চীনে সম্ভাৱ্য বিপদৰ পূৰ্বেই বন্দৰ, বিমানবন্দৰ, বিদ্যালয় আৰু জলপৰিবহণ ব্যৱস্থাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। ‘ডলফিন’ৰ গতিপথ আৰু শক্তিৰ ওপৰত বতৰ বিজ্ঞানীসকলে নিৰন্তৰ নজৰ ৰাখিছে। বৰ্তমানৰ পূৰ্বানুমান অনুসৰি জাপান অতিক্ৰম কৰি টাইফুনে চীনৰ ঝেজিয়াং-ফুজিয়ান উপকূলৰ দিশে আগবাঢ়িব পাৰে, যাৰ ফলত দেওবাৰ আৰু সোমবাৰৰ ভিতৰত চীনৰ পূব উপকূলত ইয়াৰ প্ৰভাৱ অধিক স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cyclone
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ
জীৱনশৈলী

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

September 19, 2026
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা
অসম

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

September 19, 2026
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’
ৰাজনীতি

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

September 19, 2026
Next Post
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.