হোৱাইট হাউচত কামবেকৰ পাছত এটাৰ পাছত আনটো চমকপ্ৰদ সিদ্ধান্ত লৈছে ডনাল্ড ট্ৰাম্পে৷ এইবাৰ ৪১ খন দেশৰ নাগৰিকৰ আমেৰিকা ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পথত এইবাৰ ট্ৰাম্প প্ৰশাসন৷ সূত্ৰৰ খবৰ অনুসৰি সেই ৪১ দেশৰ তালিকাত আছে পাকিস্তান, ইৰান, চিৰিয়াৰ দৰে দেশসমূহ৷ অৱশ্যে এতিয়াও কোনো চূড়ান্ত সিদ্ধান্তৰ কথা হোৱাইট হাউছৰ তৰফৰ পৰা ঘোষণা কৰা হোৱা নাই৷
এই ৪১খন দেশক ৩টা বিভাগত ভাগ কৰা হৈছে৷ তালিকাত থকা ১০খন দেশৰ নাগৰিকৰ আমেৰিকা ভ্ৰমণৰ ভিছাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হব পাৰে৷ এই তালিকাত আছে ইৰান, চিৰিয়া, কিউবা, উত্তৰ কোৰিয়া, আফগানিস্তানৰ দৰে দেশ৷
দ্বিতীয় তালিকাত আছে পাঁচখন দেশ৷ সেই দেশসমূহৰ নাগৰিকসকলে ভিছা পোৱাৰ ক্ষেত্ৰত আংশিক নিষেধাজ্ঞা জাৰি কৰিব পাৰে ট্ৰাম্প প্ৰশাসনে৷ কেইবাটাও নিৰ্দিষ্ট ক্ষেত্ৰত ভ্ৰমণ, পঢ়াশুনা, অভিবাসনৰ ক্ষেত্ৰত ভিছাৰ ওপৰত প্ৰভাৱ পৰিব পাৰে৷ এই তালিকাত আছে দক্ষিণ ছুদান, ম্যানমাৰ, এৰিট্ৰিয়া, হাইটি, লাউছ৷
তৃতীয় তালিকাত আছে ২৬খন দেশৰ নাম৷ সেই তালিকাত আছে পাকিস্তান, ভূটান, ম্যানমাৰৰ দৰে দেশ৷ এই দেশৰ নাগৰিকৰ বাবেও আংশিক ভিছা বাতিল কৰিব পাৰে আমেৰিকাই৷ আমেৰিকাৰ এগৰাকী চৰকাৰী অধিকাৰীয়ে জনাইছে যে এই তালিকা এতিয়াও চূড়ান্ত নহয়৷ এতিয়া পৰ্যন্ত চূড়ান্ত ছিলমোহৰ দিয়া নাই সেই দেশৰ প্ৰশাসনে৷ আমেৰিকাৰ নিৰাপত্তা, বেআইনী অনুপ্ৰৱেশ দূৰ কৰিবলৈকে এই পদক্ষেপ গ্ৰহণৰ পথত আগুৱাইছে ট্ৰাম্প প্ৰশাসন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















