অসম লাইভ২৪ঃ হিন্দু পঞ্জিকাৰ চতুৰ্থ মাহ হৈছে ভাদ মাহ। ভাদ মাহ অসমবাসীৰ বাবে অতি বিশেষ। এই মাহতেই গুৰু দুজনাৰ তিথি। শাস্ত্ৰমতেও শাওন মাহ যেনেদৰে শিৱৰ প্ৰিয় তেনেদৰে ভাদমাহ আকৌ কৃষ্ণৰ প্ৰিয় মাহ। শাস্ত্ৰই এই মাহত ঋষিকেশৰ পূজা কৰাটো অতি উত্তম বুলি দাবী কৰে। শ্ৰী কৃষ্ণ আৰু তেওঁৰ ভাতৃ বলৰামৰ জন্মও এই মাহতেই হৈছিল। জন্মমাহ বাবেই ভাদ শ্ৰী কৃষ্ণৰ প্ৰিয় মাহ। ভাদ মাহৰ অধিপতি হৈছে চন্দ্ৰ। বেদ আৰু পুৰাণতো ভাদমাহত কি কি খাব লাগে কি কি পূজা অৰ্চনা কৰিব লাগে সমূহ নিয়মৰ বৰ্ণনা কৰা আছে। এই নিয়মসমূহ মানি বিষ্ণুৰূপী কৃষ্ণ আৰু চন্দ্ৰক উপাসনা কৰিলে সুফল লাভ কৰিব। এই মাহত কি কি কৰিলে বিষ্ণুৰ আশীৰ্বাদ লাভ কৰিব?
কৃষ্ণ পুজা
ভাদ মাহত গণেশ পুজাৰ পাছতেই দক্ষিণাবৰ্তী শঙ্খ লৈ বাল গোপালৰ প্ৰতিমাৰ অভিষেক কৰিব লাগে। তাৰপিছতেই মাখন মিশ্ৰীত ভোগ দিব। ভোগত তুলসীৰ পাত অৰ্পণ কৰিবলৈ নাপাহৰিব। ইয়াৰোপৰি গাখীৰত জাফৰাণ মিহলাই বাল গোপালক অৰ্পণ কৰিব। এই মাহত ঘৰত ৰখা বালক কৃষ্ণক হালধীয়া পোছাক হে পিন্ধাব। এই মাহত ওম কৃষ্ণাই নমঃ মন্ত্ৰ জপ কৰাটো শুভ।
এই মাহত কেইবিধমান পাচলি নাখাব
শাস্ত্ৰ অনুসাৰে ভাদ মাহত মাংস, মৌ, গুড়, মূলা আৰু বেঙেনা খাব নালাগে। কাৰণ এই মাহত এইসমূহ পাচলি খালে শাৰীৰিক অসুস্থতাই দেখা দিয়ে। বৈজ্ঞানিক দিশেৰে যদি চোৱা যায় তেন্তে এই মাহত বৰষুণ খুবেই বেছি হয়। যাৰফলত সেউজীয়া পাচলিসমূহত পোকে ধৰে। এই ধৰণৰ পাচলি খালে অসুস্থ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।
ভাদমাহত তেলজাতীয় খাদ্য খোৱাটো অনুচিত
ভাদমাহত তেলজাতীয় খাদ্য আৰু গুড় খাব নালাগে বুলি শাস্ত্ৰত উল্লেখ আছে। এই মাহত গুড় খালে কণ্ঠত প্ৰভাৱ পৰে। ইয়াৰোপৰি এই মাহত তিল তেলো খাব নালাগে। ভাদমাহত যিসকল ব্যক্তিয়ে তিল তেল খায় তেওঁলোকৰ আয়ুস কমে। গুড় আৰু তিল তেলৰ ওপৰিও ভাদ মাহত দৈয়ো খাব নালাগে। ইয়াৰোপৰি অন্যৰ ঘৰত ভাত খোৱাটোও অনুচিত বুলি শাস্ত্ৰত উল্লেখ আছে। ভাদ মাহত নাৰিকলো খাব নালাগে।
ভাদ মাহত কি কি খাব?
শাস্ত্ৰমতে ভাদমাহত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। এই মাহত তেওঁৰ জন্মোৎসব পালন কৰা হয়। কৃষ্ণৰ মাখন অত্যন্ত প্ৰিয়। মাখন চোৰ কৰি খোৱাৰ বাবেই কৃষ্ণৰ আন এটা নাম মাখন চোৰ। সেয়ে এই মাহত মাখন খোৱাটো শুভ বুলি শাস্ত্ৰত উল্লেখ আছে। ইয়াৰ ফলত স্বাস্থ্যৰ উন্নতি হয়। শিশুসকলক গাই ঘিউ খোৱাব পাৰে। ইয়াৰফলত শৰীৰত শক্তি সঞ্চয় হয়। ইয়াৰোপৰি গা ধোৱা পানীত গোমূত্ৰ মিহলাই স্নান কৰিলে সমস্ত পাপ নাশ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















