• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ড° নন্দিতা শৰ্মালৈ ‘বিশিষ্ট শিক্ষাবিদ বঁটা’

ড° নন্দিতা শৰ্মালৈ ‘বিশিষ্ট শিক্ষাবিদ বঁটা’

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

1 week ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

1 week ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

1 week ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ড° নন্দিতা শৰ্মালৈ ‘বিশিষ্ট শিক্ষাবিদ বঁটা’

editor by editor
February 17, 2023
in অসম, গুৱাহাটী, শিক্ষা
0
ড° নন্দিতা শৰ্মালৈ ‘বিশিষ্ট শিক্ষাবিদ বঁটা’
0
SHARES
590
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসমৰ আগশাৰীৰ জনপ্ৰিয় ৱেব চেনেল ‘দা নেটৱৰ্ক অসম’য়ে বিগত ১৬ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে জ্যোতি চিত্ৰবনত দিনজোৰা কাৰ্যসূচীৰে ‘গোল্ডেন এৱাৰ্ডচ-২০২২’ অনুষ্ঠানৰ আয়োজন কৰে৷ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চেনেলটিয়ে অসমৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোত ভাবে জড়িত থকা সন্মানীয় কিছু ব্যক্তি আৰু প্ৰতিষ্ঠানক গোল্ডেন এৱাৰ্ডচ-২০২২ ৰ বিভিন্ন বঁটাৰে সন্মানিত কৰে। জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° নন্দিতা শৰ্মালৈ শৈক্ষিক জগতত অনবদ্য অৱদান আগবঢ়োৱা বাবে দা নেটৱৰ্ক অসমে ‘বিশিষ্ট শিক্ষাবিদ বটাঁ’ৰে সন্মানিত কৰে৷

উল্লেখযোগ্য যে এই বছৰৰ পৰা এই চেনেলটিয়ে দেশৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা লোক তথা প্ৰতিষ্ঠানক বঁটা প্ৰদান কৰিব৷ দ্যা নেটৱৰ্ক অসমৰ হৈ এই বটাঁ প্ৰদান কৰে অসমৰ স্বনামধন্য সংগীত শিল্পী, চিকিৎসক তথা সুৰকাৰ ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে৷ অসমৰ এখন লেখত ল’বলগীয়া মহাবিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত শিক্ষাৰ ক্ষেত্ৰত এক সুস্থ বাতাবৰণৰ সৃষ্টি কৰি অহা শৰ্মা আজি মহাবিদ্যালয়খনত সকলোৰে মুখত এটি পৰিচিত নাম৷
গোলাঘাট জিলাৰ কছাৰীহাট নিবাসী শ্ৰী যুতা অৰুণা বৰুৱা আৰু শ্ৰী যুত দিনেশ চন্দ্ৰ শৰ্মাৰ জ্যেষ্ঠকন্যা ড° নন্দিতা শৰ্মাই কছাৰীহাট হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়৷ ২০০০ চনত দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা সংস্কৃত সন্মানীয় বিষয় হিচাপে লৈ স্নাতক আৰু ২০০২ চনত গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত (কাব্য) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ উপৰিও ২০০৩ চনত কামৰূপ জিলাৰ লংকেশ্বৰস্থিত অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা বি.এড. ডিগ্ৰী লাভ কৰে৷ ২০০৫ চনত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত সংস্কৃত কাব্য বিভাগত সহকাৰী অধ্যাপিকা হিচাপে যোগদান কৰে৷ মহাবিদ্যালয়ত শিক্ষাদান কৰি থকা সময়তেই ২০১৪ চনত গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি ডিগ্ৰী লাভ কৰে।

মহাবিদ্যালয়খনত প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক স্বৰূপ সকলোৰে শ্ৰদ্ধাৰ নন্দিতা শৰ্মাই অতি মৰমেৰে শিক্ষা দান কৰি ছাত্ৰ-ছাত্ৰীসকলৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰি আহিছে৷ অনুষ্ঠানত ড° নন্দিতা শৰ্মাৰ লগতে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা,অসমৰ জনপ্ৰিয় সাংবাদিক চক্ৰপাণি পৰাশৰ,বিশিষ্ট ব্যৱসায়ী তথা ডাটা মেচনৰ স্বত্বাধিকাৰী পৱন কুমাৰ আগৰৱালা, বিশিষ্ট সংগীত পৰিচালক অজয় ফুকনকে ধৰি কেইবাগৰাকী লোকক দা নেটৱৰ্ক অসমে বঁটা প্ৰদান কৰে৷ ড° শৰ্মাই এই বঁটা লাভ কৰাৰ পিছতে তেওঁৰ জন্মস্থানৰ লগতে মহাবিদ্যালয়খনত এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী
জীৱনশৈলী

ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী

January 26, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
Next Post
মদ্যপান কৰি ফ্লাইটত উঠিলে নিস্তাৰ নাই! কাঢ়া নিয়ম আনিলে এই এয়াৰ সংস্থাই…

মদ্যপান কৰি ফ্লাইটত উঠিলে নিস্তাৰ নাই! কাঢ়া নিয়ম আনিলে এই এয়াৰ সংস্থাই...

গোৱালপাৰা জিলাৰ দশনন ৰাভালৈ ‘জাতি উপজাতি সমন্বয় বঁটা’

গোৱালপাৰা জিলাৰ দশনন ৰাভালৈ 'জাতি উপজাতি সমন্বয় বঁটা’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.