অসম লাইভ২৪ঃ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ অনন্তনাগৰ ঘন জংঘলত অভিযান অব্যাহত ৰাখিছে জম্মু-কাশ্মীৰ সেনা আৰু আৰক্ষীৰ যৌথবাহিনীয়ে। দুইগৰাকী সেনাকৰ্তাৰ সৈতে এই অভিযানকাৰী দলটোৰ নেতৃত্ব দিছিল অনন্তনাগৰ ডেপুটি পুলিছ ছুপাৰ(ডিএছপি) হুমায়ুন ভাট্টে। উগ্ৰপন্থীৰ দলটোৱে পাহাৰৰ ওপৰত বাহৰ পাতি আছিল। আৰক্ষী আৰু সেনাৰ দলটোৱে পাহাৰলৈ উঠি যাওতেই উগ্ৰপন্থীৰ গুলিয়ে থকাসৰকা কৰিছিল ডিএছপি হুমায়ুন ভাট্ট, কৰ্নেল মনপ্ৰীত সিংহ আৰু মেজৰ আশিক ধনচকক।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল হুমায়ূন। অতিৰিক্ত ৰক্তক্ষৰণত মৃত্যু হয় হুমায়ূনৰ। গুলিবিদ্ধ হোৱাৰ পাছতেই তেওঁ ঘৰলৈকো ফোন কৰিছিল। পিতৃ আৰু পত্নীলৈ ফোন কৰিছিল হুমায়ূনে। ফোনত পত্নী ফাতিমাৰ হুমায়ূনে কৈছিল, ‘মই হয়তো জীয়াই নাথাকিম। আমাৰ সন্তানটোক তুমি ভালকৈ মানুহ কৰিবা।’ এমহীয়া সন্তানক এবাৰ চাবও খুজিছিল হুমায়ূনে। পিতৃ গুলাম হাছানকো ফোন কৰিছিল হুমায়ূনে। ফোনত পুত্ৰৰ কঁপা কঁপা কণ্ঠ শুনি পিতৃ গুলামৰ বুকু কঁপি উঠিছিল। পুত্ৰক কি হৈছে সোধোতে হুমায়ূনে সকলো ঠিকেই আছে বুলি জনায়।
মৃত্যু যে নিচেই কাষত সেই কথা পিতৃক বুজিবলৈ নিদিলে হুমায়ূনে। অত্যাধিক ৰক্তক্ষৰণৰ ফলত মৃত্যু হয় হুমায়ূনৰ। আৰু কেইটামান দিনৰ পাছতেই হুমায়ূন আৰু ফাতিমাৰ বিবাহবাৰ্ষিকী আছিল। কিন্তু তাৰ পূৰ্বেই হাছান পৰিয়ালত নামি আহিল অন্ধকাৰ। সন্তানক হেৰুৱাই দিশহাৰা হৈ পৰিছে হুমায়ূনৰ পৰিয়াল। কফিনবন্দী পুত্ৰক ঘৰসৃলৈ অনাত ভাঙি পৰিছে পিতৃ তথা প্ৰাক্তন পুলিছ আইজি গুলামো। কঁপা কঁপা হাতেৰে পুত্ৰৰ কফিনৰ ওপৰত তেওঁ তুলি দিছে কেইপাহমান ফুল। পুত্ৰক শেষ শ্ৰদ্ধা জনোৱাৰ সেই ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ