কাণৰ সংক্ৰমণ হৈছে নেকি, ঘৰুৱা চিকিৎসাৰে মিনিটৰ ভিতৰতে থিক কৰক সকলো
কাণৰ সংক্ৰমণ অতি বেদনাদায়ক, এই সংক্ৰমণ যিকোনো বয়সৰ লোকৰ ক্ষেত্ৰতো হ’ব পাৰে। কিন্তু এই সমস্যা শিশুৰ ক্ষেত্ৰত যথেষ্ট সাধাৰণ। এনে হয় যেতিয়া বেক্টেৰিয়া বা ভাইৰাছে ভিতৰৰ কাণত সংক্ৰমিত কৰে, যাৰ ফলত বিষ, অস্বস্তি, আনকি জ্বৰ আদি লক্ষণে দেখা দিয়ে।
আনহাতে স্থায়ী বা গুৰুতৰ সংক্ৰমণৰ বাবে চিকিৎসকৰ প্ৰয়োজন হ’ব পাৰে। যদিও, এই বিষৰ পৰা মুক্তি পাবলৈ বহুতো ঘৰুৱা উপায় উপলব্ধ, কিন্তু আজি আমি আপোনালোকক এটা ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জনাম।
কাণৰ সংক্ৰমণ কিয় হয়?
বহু কাৰণত কাণৰ সংক্ৰমণ হব পাৰে। কাণৰ মাজৰ অংশটো ডিঙিৰ লগত সংযুক্ত হৈ থাকে। চৰ্দি, এলাৰ্জী বা চাইনাছৰ সংক্ৰমণৰ বাবে মধ্য কাণত তৰল পদাৰ্থ জমা হ’ব পাৰে, যাৰ ফলত তাত বেক্টেৰিয়া বা ভাইৰাছ বাঢ়ি সংক্ৰমণ হ’ব পাৰে। ইয়াৰ উপৰিও শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত লোকো কাণৰ সংক্ৰমণৰ প্ৰৱণতা থাকে। ঋতুৰ পৰিৱৰ্তনেও কাণৰ সংক্ৰমণৰ কাৰণ। ইয়াৰ ভিতৰত এলাৰ্জী আৰু চৰ্দিও অন্তৰ্ভুক্ত, যিয়ে প্ৰতি বছৰে ঋতু সলনি হোৱাৰ লগে লগে কিছুমান মানুহক আমনি কৰে।
কাণৰ সংক্ৰমণৰ ঘৰুৱা উপায় কি?
কাণৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ পাকঘৰৰ ২টা বস্তু ব্যৱহাৰ কৰিব পাৰে। এই দুটা বস্তু হ’ল- নহৰু আৰু সৰিয়হৰ তেল। কাণৰ সংক্ৰমণক আওকাণ কৰিলেও আপোনাৰ শ্ৰৱণ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে। গতিকে গুৰুতৰ সমস্যাৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়।
নহৰু তেল কিদৰে ব্যৱহাৰ কৰিব-
নহৰুৰ প্ৰাকৃতিক এন্টিবেক্টেৰিয়েল গুণ আছে যিয়ে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে। এই তেল বনাবলৈ প্ৰথমে নহৰুৰ কেইটামান কলি পিহি সৰিয়হৰ তেলত দি গৰম কৰিব লাগিব। তেল ঠাণ্ডা হোৱাৰ পিছত চেকি লৈ তাৰে কেইটোপালমান কাণত দিব। কিছু সময় থাকি পাছত চাফা কৰি দিব। নিতৌ দুবাৰকৈ এনেদৰে কৰিলে অতি সোনকালে সমস্যাৰ পৰা পৰিত্ৰাণ পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ