মাজনিশা কঁপি উঠিল উত্তৰ পূৱৰ এই ৰাজ্য। মঙলবাৰে নিশা ভূমিকম্পই জোঁকাৰি গল চুবুৰীয়া ৰাজ্য মণিপুৰক। ৰিখটাৰ স্কেলত এই কম্পনৰ মাত্ৰা আছিল ৫.২। এই কম্পন অনুভূত হয় বাংলাদেশৰো বিভিন্ন স্থানত। নেশ্ব্যনেল চেণ্টাৰ ফৰ ছেচমলজিয়ে জনাইছে যে নিশা ১ বাজি ৫৪ মিনিটত প্ৰথমটো কম্পন অনুভূত হৈছিল। তাৰপাছৰ কম্পন হৈছে নিশা ২ বাজি ১৬ মিনিটত।
নেশ্ব্যনেল চেণ্টাৰ ফৰ ছেচমলজিয়ে জনাইছে যে নিশা ১ বাজি ৫৪ মিনিটত প্ৰথম কম্পন হৈছিল। এই কম্পনৰ মাত্ৰা আছিল ৫.২। এই ভূমিকম্পৰ উৎস হৈছে মনিপুৰৰ চুড়াচান্দপুৰ। মাটিৰ পৰা ৪০ কিঃমিঃ গভীৰ আছিল এই ভূমিকম্পৰ উৎসস্থল। নিশা ২ বাজি ২৬ মিনিটত হোৱা ভূমিকম্পৰ কম্পনৰ মাত্ৰা ৰিখটাৰ স্কেলত ২.৫। ইয়াৰো উৎসস্থল মনিপুৰেই। এই কম্পনো অনুভুত হৈছে মনিপুৰৰ কাষৰীয়া ৰাজ্য় অসম, ত্ৰিপুৰা, মেঘালয় আদিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















