অসম লাইভ২৪ঃ মহাকাশৰ পৰা পৃথিৱীলৈ আহিছে বিশেষ লেজাৰ বাৰ্তা। ১ কোটি ৬০লাখ কিঃমিঃ দূৰত্বৰ পৰা আহিছে সেই বিশেষ বাৰ্তা। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এই বাৰ্তা লাভ কৰিছে। নাছাই জনোৱা অনুসৰি যি দূৰত্বৰ পৰা এই বাৰ্তা আহিছে সেয়া পৃথিৱী আৰু চন্দ্ৰৰ দূৰত্বতকৈ প্ৰায় ৪০ গুণ বেছি। এয়াই পৃথিৱীৰ ইতিহাসত দীৰ্ঘতম পথ অতিক্ৰমী অহা লেজাৰ বাৰ্তা বুলি জনাইছে নাছাই। প্রথমবাৰৰ বাবে ইমান দূৰৈৰ পৰা অহা কোনো লেজাৰ বাৰ্তা পৃথিৱীলৈ আহিছে। কিন্তু কোনে পৃথিৱীলৈ পঠিয়াইছে এই বাৰ্তা? কোনো এলিয়েনেই পঠাইছে নেকি এই বাৰ্তা?
এই বাৰ্তা কোনো এলিয়েনে পঠিয়াইছে তেনে নহয়। এই বাৰ্তা আহিছে পৃথিৱীৰ পৰা মহাকাশলৈ পঠিওৱা এখন মহাকাশযানৰ পৰাই। মহাকাশ গৱেষণা সংস্থাই জনোৱামতে ছাইকি নামৰ মহাকাশযানখনত থকা এটা যন্ত্ৰৰ সহায়ত এই বাৰ্তা পৃথিৱীলৈ আহিছে। ছাইকি মহাকাশযানৰ ডিপ স্পেছ অপটিকেল কমিউনিকেশ্ব্যনছ নামৰ এটা বিশেষ যন্ত্ৰ আছে। এই যন্ত্ৰৰ সহায়তেই এই পৰীক্ষা কৰা হৈছে।
ফ্লৰিডাৰ কেনেডি স্পেছ চেণ্টাৰৰ পৰা বিগত ১৩ অক্টোবৰত যাত্ৰা কৰিছিল ছাইকি মহাকাশযানখনে। যাত্ৰা আৰম্ভ কৰাৰ এমাহ পাছতেই ১৪ নৱেম্বৰত সেই যানে পৃথিৱীলৈ এটা লেজাৰ বাৰ্তা পঠিওৱাত সফল হৈছে। ছাইকি মহাকাশযানখনে কেলিফৰ্নিয়াৰ পালোমাৰ মানমন্দিৰত থকা হেল’ টেলিস্কোপৰ সৈতে যোগাযোগ স্থাপন কৰে। পৰীক্ষাৰ সময়ত ডিএছওছিৰ ওপৰিও ইনফ্ৰাৰেড ফটনসমূহ ছাইকিৰ পৰা পৃথিৱীলৈ আহিবলৈ সময় লৈছে ৫০ ছেকেণ্ড।
নাছাৰ এগৰাকী উচ্চপদস্ত বিষয়া ট্ৰুডি কৰ্টেছে এই সন্দৰ্ভত কয়, ‘ডিএছওচিৰ ইমান দূৰৈৰ পৰা লেজাৰ বাৰ্তা পঠোৱা বিষয়টো প্রথমবাৰৰ বাবে কৰা হৈছে। নাছাৰ জেট প্ৰপালছন লেবৰটৰীৰ ডিএছওছিৰ প্ৰজেক্ট টেকনোলজিষ্টে এই সন্দৰ্ভত কয়, ‘ডিএছওছিৰ পৰা অহা লেজাৰ ফটন সফলভাৱে চিনাক্ত কৰা হৈছে। আমি ইয়াৰ তথ্যও প্ৰকাশ কৰিব পাৰো। আমি মহাকাশৰ গভীৰৰ পৰা আলোৰ বিট বিনিময় কৰিব পাৰো। ছাইকি মহাকাশযানখনৰ প্ৰাথমিক উদ্দেশ্য হৈছে অন্যান্য ধাতৱ গ্ৰহাণু ছাইকিত উপস্থিত হৈ পৰীক্ষা নিৰীক্ষা চলোৱা। গন্তব্যস্থান পোৱাৰ পূৰ্বে বাৰে বাৰে পৃথিৱীৰ দিশে লেজাৰ সংকেত পঠিয়াই থাকিব এই যানখনে। মহাকাশযানখনে বিশেষ গ্ৰহাণুত উপস্থিত হ’ব ২০২৯ চনত। ছাইকি গ্ৰহানুটো মঙল আৰু বৃহস্পতি গ্ৰহৰ মাজত আছে। ইটালীৰ জ্যোতিৰ্বিদ এনিবেল ডি গেছপেৰিছে ১৮৫২চনৰ ১৭ মাৰ্চত এই গ্ৰহাণুৰ আৱিষ্কাৰ কৰিছিল।
গ্ৰীক দেৱী ছাইকিৰ নামেৰে এই গ্ৰহাণুৰ নামকৰণ কৰা হৈছে। মহাবিশ্বত বৰ্তমান পৰ্যন্ত আৱিষ্কাৰ কৰা ডাঙৰ গ্ৰহাণুসমূহৰ ভিতৰত অন্যতম হৈছে ছাইকি। গ্ৰহাণুটোৰ গড় ব্যাস প্ৰায় ২২০ কিঃমিঃ। কিন্তু কিয় এই গ্ৰহাণুৰ প্ৰতি বিজ্ঞানীৰ ইমান বেছি কৌতুহল? ছাইকি গ্ৰহাণুৰ প্ৰায় সমগ্ৰ অংশই লো আৰু নিকেলেৰে গঠিত। গ্ৰহাণুটোৰ বেছ কিছু অংশ সোনেৰে তৈয়াৰী বুলিও বিজ্ঞানীয়ে দাবী কৰিছে। বিজ্ঞানীৰ অনুমান, আমেৰিকাৰ বৰ্তমান বজাৰ অনুসৰি ১৬ ছাইকিৰ আনুমানিক মূল্য প্ৰায় ১০হাজাৰ কোয়াড্ৰিলিয়ন ডলাৰ। যত বিশ্বৰ অৰ্থনীতি মাত্ৰ ৭৮ ট্ৰিলিয়ন ডলাৰহে। অৰ্থাৎ ১৬ ছাইকি গ্ৰহাণুটোৰ মুঠ মূল্য পৃথিৱীৰ সমস্ত মুদ্ৰাৰ ১ লাখ ৩৫ হাজাৰ গুণ বেছি। ইয়াৰ অৰ্থ কোনো দেশে যদি এই বহুমুলীয়া পাথৰ দখল কৰিবলৈ সক্ষম হয় তেন্তে বিশ্বৰ অৰ্থনীতিক সম্পূৰ্ণৰূপে ভাঙি পেলোৱাৰ ক্ষমতা থাকিব সেই বিশেষ দেশৰ।
নাছাৰ মতে, ১৬ ছাইকিত যি পৰিমানৰ লোহা আৰু নিকেল আছে তাৰ ঘনত্ব পৃথিৱীত পোৱা লো আৰু নিকেলৰ ঘনত্বতকৈ বেছি। ১৬ ছাইকিৰ দিশত বহুদিন ধৰিয়েই নজৰ ৰাখিছে নাছাই। এই গ্ৰহাণুটোলৈ বহু দিন ধৰিয়েই এখন যান পঠিয়াই দিয়াৰ পৰিকল্পনা নাছাই কৰি আছিল। অৱশেষত অক্টোবৰত নাছাই যান পঠিয়াবলৈ সক্ষম হৈছে। নাছাৰ এগৰাকী কৰ্তা বিল নেলছনে এক বিবৃত্তিত জনোৱামতে, ‘ছাইকি অভিযানে মানৱজাতিক গ্ৰহ গঠন সম্পৰ্কীয় বহু নতুন তথ্য জনাত সহায় কৰিব। বৰ্তমান মহাকাশৰ পৰা যন্ত্ৰটোৱে আমাক বাৰ্তা পঠিয়াবলৈ সক্ষম হোৱাত আমি আশা কৰিছো এই অভিযানত আমি সফল হম।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ