দাম্পত্য জীৱনত প্ৰেম ভালপোৱা সকলোৱে বিচাৰে৷ কিন্তু বেছিভাগ ক্ষেত্ৰত দেখা যায় বিয়াৰ কেইবছৰ পাছৰে পৰাই প্ৰেম যেন কমি যায় স্বামী আৰু স্ত্ৰীৰ মাজত৷ পৰস্পৰৰ সান্নিধ্য প্ৰতিদিনৰ অভ্যাসত পৰিণত হোৱাৰ বাবেই হয়তো এজনৰ প্ৰতি আনজনৰ আকৰ্ষণো কমি যায়৷ আৰু প্ৰেম নাথাকিলেই দাম্পত্য জীৱনত বিভিন্ন সমস্যা আহে৷ নানান মনোমালিন্য চলে৷ স্বামী স্ত্ৰীৰ মাজত অশান্তি হ’লে সেয়ে ঘৰৰ পৰিবেশতো কিছু সালসলনি অনাটো প্ৰয়োজন৷ কাৰণ সাংসৰিক অশান্তিয়ে সন্তানৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়৷ এই পৰিস্থিতিৰ পৰা বাহিৰলৈ ওলোৱাৰ উপায় বাস্তু শাস্ত্ৰত উল্লেখ আছে৷ বাস্তু অনুসৰি সাংসৰিক জীৱনত সুখ বৰ্তাই ৰাখিবলৈ এইকেইটা কাম কৰিবলৈ নাপাহৰিব৷
ছাদ পৰিষ্কাৰকৈ ৰাখক
ঘৰৰ ছাদত বহু অপ্ৰয়োজনীয় সামগ্ৰী আমি জমাই থও৷ বাস্তু অনুসৰি ঘৰৰ ছাদত এইদৰে অলাগতিয়াল বস্তু গোটাই থোৱাটো উচিত নহয়৷ ই দাম্পত্য জীৱনত ক্ষতিকৰ প্ৰভাৱ পেলাই৷ আমি যেতিয়া শুও তেতিয়া ছাদৰ সৈতে আমাৰ শৰীৰো সমান্তৰাল হৈ থাকে৷ ফলত ছাদৰ পৰা নিৰ্গত এনাৰ্জি সেই সময়ত আমাৰ ওপৰত পৰে৷ সেয়ে ছাদত অপ্ৰয়োজনীয় সামগ্ৰী থাকিলে সেই নিগেটিভ এনাৰ্জি নিশা শোৱাৰ সময়ত আমাৰ ওপৰত পৰে৷ ফলত দাম্পত্য জীৱনত অশান্তি বাঢ়ে৷ সেয়ে ঘৰৰ ছাদ সদায়ে পৰিষ্কাৰ কৰি ৰাখক৷
বিছনা পৰিষ্কাৰকৈ ৰাখিব
বিছনা সদায়ে পৰিষ্কাৰকৈ ৰাখিব লাগে৷ বিছনাৰ ছাদৰ, গাৰু সকলো পৰিষ্কাৰ কৰি ৰখাটো জৰুৰী৷ বিছনা ছাদৰ আৰু গাৰুৰ কভাৰ কেতিয়াও লেতেৰাকৈ নাৰাখিব৷ বিছনা লেতেৰাকৈ ৰখা ঘৰতো অশান্তিৰ সৃষ্টি হ’ব পাৰে৷
ঘৰখন চিজিলকৈ ৰাখিব
ঘৰৰ সৰু বৰ প্ৰতিটো আচবাবেই পৰিপাটিকৈ ৰাখিবলৈ যত্ন কৰিব৷ ব্যৱহাৰৰ যোগ্য সামগ্ৰীসমূহ ব্যৱহাৰৰ অন্তত নিৰ্দিষ্ট স্থানত নাৰাখি য’তে ত’তে পেলাই থোৱাটো বহুতৰে অভ্যাস৷ সামগ্ৰী তেনেকৈ নাৰাখিব৷ এনেকৈ অলাগতীয়াল সামগ্ৰীৰ ধৰণেৰে লাগতীয়াল সামগ্ৰী থলে সংসাৰত অসুবিধা আহে৷
বেডৰুমত ছবি
পিতৃ মাতৃ বা আপোনাৰ আৰাধ্য দেৱতাৰ ছবি বেডৰুমত নথব৷ ইয়াৰোপৰি শোৱা ঘৰত কেতিয়াও উগ্ৰ বা হিংসাত্মক ছবি নথব৷ শোৱাৰূমত এনে মূৰ্তি ৰাখক যিয়ে আপোনাৰ মনলৈ শান্তি আৰু প্ৰেম কঢ়িয়াই আনে৷ ইয়াৰ শুভ প্ৰভাৱত স্বামী স্ত্ৰীৰ মাজত প্ৰেম বৰ্তি থাকিব৷
বেডৰুমৰ ৰং
বেডৰুমৰ দেৱালত কলা, ঘন নীলা বা অন্য কোনো গাঢ় ৰং নলগাব৷ শোৱাৰুমত সদায়ে পাতল ৰং লগাওক যিয়ে চকু আৰু মনক শান্ত কৰে৷ এই ৰঙে দাম্পত্য জীৱনতো পজিটিভ এনাৰ্জি আনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ