অসম লাইভ ২৪ঃ ২০ এপ্ৰিলত অসমৰ ৪টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। শনিবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰে এই নিৰ্দেশনা। কৰিমগঞ্জ, কাছাৰ আৰু ডিমা হাছাও জিলাৰ ৪ টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ১ এপ্ৰিলত অসমৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত ৰাতাবাৰী ভোটগ্ৰহণ কেন্দ্ৰৰ EVM উদ্ধাৰ হৈছিল পাথাৰকান্দিত। ইয়াৰ পিছতে ৰাজ্যজুৰি এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হৈছিল। পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ দাবী তুলিছিল ৰাইজ তথা ৰাজনৈতিক দলসমূহে। সেইমৰ্মে অহা ২০ এপ্ৰিলত কৰিমগঞ্জৰ ৰাতাবাৰী, কাছাৰৰ সোণাই আৰু ডিমা হাছাও জিলাৰ হাফলঙত পুনৰ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ