অসম লাইভ২৪ঃ ২৯ জুন বৃহস্পতিবাৰে ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ উৎসৱ ঈদ-আল-আজহা৷ মুছলমান সমাজৰ প্ৰধান দুটা উৎসৱৰ ভিতৰত অন্যতম হৈছে বকৰি ঈদ৷ এই ঈদক কুৰবানিৰ ঈদ বুলিও কোৱা হয়৷ হিজৰি কেলেণ্ডাৰৰ শেষ মাহত ধুল হিজাৰ দশম দিনটোত পালন কৰা হয় ঈদ-উল-আজহা৷ ন জোন ওলোৱাৰ লগে লগেই বিভিন্ন দেশৰ মুছলমান ধৰ্মাৱলম্বী লোকে এই উৎসৱ পালন কৰে৷ সমগ্ৰ বিশ্বৰ মুছলমানসকলে এই দিনটো বিশেষভাৱে উদযাপন কৰে৷
বকৰি ঈদৰ বিশেষত্ব
প্ৰচলিত লোককথা অনুসৰি ইব্ৰাহিমৰ সপোনত আল্লাহ আহি তেওঁৰ সন্তান ইছমাইলক কুৰবানিৰ বাবে পঠিয়াবলৈ নিৰ্দেশ দিছিল৷ আল্লাহৰ প্ৰতি থকা অটল বিশ্বাসতেই ইব্ৰাহিমে নিজৰ সন্তানক কুৰবানি দিবলৈ উদ্যত হয়৷ তেওঁৰ ভক্তিত মুগ্ধ হৈ আল্লাহে তেওঁক জনাই যে ইব্ৰাহিমে তেওঁৰ সন্তানৰ সলনি এটা ছাগলী কুৰবানি দিলেও হ’ব৷ সেই দিনাৰ পৰাই এই বিশেষ দিনটোক মুছলমান সম্প্ৰদায়ে কুৰবানিৰ ঈদ হিচাপে পালন কৰি আহিছে৷
এই ঈদত সমূহীয়া নামাজৰ পাছত কুৰবানি দিয়া হয়৷ কুৰবানি দিয়া মাংস তিনিভাগত ভাগ কৰে৷ এটা ভাগ গৃহস্থই নিজৰ বাবে থৈ আন দুটা ভাগ আত্মীজ স্বজন আৰু দুখীয়া দৰিদ্ৰৰ মাজত ভগাই দিয়ে৷ বকৰি ঈদত ছাগলি, উট বা অন্য পশুও বলি দিয়ে৷ আল্লাহক নিজৰ প্ৰিয় কিছু উৎসৰ্গা কৰাই হ’ল কুৰবানি ঈদৰ মূল কথা৷ ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ হাদিথ অনুসৰি কোৰাণত ঈদ-উল-জুহাক অত্যন্ত গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে উল্লেখ কৰা হৈছে৷ আল্লাহৰ প্ৰতি আনগত্য আৰু বিশ্বাস প্ৰদৰ্শনেই এই ঈদৰ মূল উদ্দেশ্য৷ সত্য পথত থাকি সকলোবোৰ বলিদান দিয়াৰ বাৰ্তাই বকৰি ঈদৰ মাধ্যমেৰে জনতাক দিয়া হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ