অতিকে শোকাৱহ, প্ৰাইভেট জেট দুৰ্ঘটনাত ফেমাছ ৰেচাৰসহ সম্পূৰ্ণ পৰিয়াল নিহত
আমেৰিকাৰ উত্তৰ কেৰ’লিনাৰ ষ্টেটছভিল আঞ্চলিক বিমানবন্দৰত সংঘটিত হৈছে এক অতিকে শোকাৱহ বিমান দুৰ্ঘটনা। এক প্ৰাইভেট জেট দুৰ্ঘটনাত দেশখনৰ জনপ্ৰিয় ৰেচাৰ এগৰাকী নিহত হোৱাৰ লগতে ৰেচাৰগৰাকীৰ সম্পূৰ্ণ পৰিয়ালে প্ৰাণ হেৰুৱায়।
জানিব পৰা অনুসৰি এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোক গৰাকী আমেৰিকাৰ এসময়ৰ জনপ্ৰিয় কাৰ ৰেচাৰ গ্ৰেগ বিফেল আৰু তেওঁৰ সম্পূৰ্ণ পৰিয়ালকে ধৰি মুঠ সাতজন লোকে প্ৰাণ হেৰুৱাইছে।
স্থানীয় সময় অনুসৰি আজি পুৱা প্ৰায় ১০:২০ মান বজাত ব্যক্তিগত জেট খন অৱতৰণ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাতে দুৰ্ঘটনাগ্ৰস্ত হয় আৰু লগে লগে ভয়ংকৰ জুইয়ে বিমানখন আগুৰি ধৰে। যাৰ ফলতেই বিমানখনৰ ভিতৰত থকা গ্ৰেগৰ সম্পূৰ্ণ পৰিয়ালসহ বিমানখনৰ পাইলট নিহত হয়।
আমেৰিকাৰ বিমান সন্থা তথা আৰক্ষী বিষয়াসকলে নিশ্চিত কৰিছে যে চেছনা চি৫৫০ কৰ্পৰেট জেট বিমানখন উৰণৰ কিছু সময়ৰ পিছতে ৰাণৱেৰ পূব প্ৰান্তত খুন্দা মাৰে আৰু বিমানখনে খুন্দা মৰাৰ লগে লগে জুই লাগি যায়।
গ্ৰেগ বিফেলৰ মৃত্যু নিশ্চিত কৰাৰ লগতে তেওঁৰ পত্নী ক্ৰীষ্টিনা, তেওঁলোকৰ কন্যা এমা, পুত্ৰ ৰাইডাৰ আৰু আন তিনিজনৰ মৃত্যু নিশ্চিত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















