কৰ্মসূত্ৰে তেওঁ বাহিৰত থাকে। সেই সুবিধা লৈয়েই বিবাহ বহিৰ্ভূত সম্পৰ্কত সোমাই পৰিল পত্নী। বিষয়টো জানিব পাৰি স্বামীয়ে কোনোধৰণৰ কাজিয়া, মাৰধৰ নকৰাকৈ হাঁহিমুখে মানি ললে পত্নীৰ পৰকীয়া প্ৰেমৰ কাহিনী। নিজেই প্ৰেমিকৰ হাততো তুলি দিলে পত্নীক। এই কাহিনী চিনেমাৰ নহয়। সঁচা অৰ্থত ভালপোনাৰ নজিৰ গঢ়ি সকলোকে হতবাক কৰিছে উত্তৰপ্ৰদেশৰ বাবুল নাম ব্য়ক্তিজনে।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি ঘটনাটো ঘটিছে উত্তৰপ্ৰদেশৰ সন্ত কবিৰ নগৰ এলেকাত। স্থানীয় সুত্ৰৰ পৰা জনা গৈছে যে ২০১৭ চনত বাবুল আৰু ৰাধিকা বিবাহবন্ধনত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুটিকৈ সন্তানো আছে। এটি সন্তানৰ বয়স দুবছৰ আৰু আনগৰাকীৰ বয়স সাতবছৰ। কামৰ সূত্ৰে বাবুল বাহিৰতেই বেছিভাগ সময় থাকে। কেইমাহপূৰ্বে তেওঁ ঘৰলৈ উভতি আহি জানিব পাৰে যে পত্নীয়ে স্থানীয় এজন যুৱকৰ সৈতে বিবাহ বহিৰ্ভুত সম্পৰ্ক গঢ়ি তুলিছে।
বিষয়টো জানিব পাৰি কোনো অশান্তি বাবুলে নকৰিলে। বৰং তেওঁ নিজেই কৰ্টলৈ গৈ পত্নীৰ বিবাহৰ আয়োজন কৰে। সদ্য় সেই প্ৰেমিকৰ সৈতে ৰাধিকা বিবাহপাশত আৱদ্ধ হৈছে। বিবাহৰ সময়ত স্বামীৰ ওপৰিও কেইবাগৰাকীও গাঁৱৰ স্থানীয় ব্যক্তি উপস্থিত থাকে। স্বামীৰ চকুৰ সন্মুখতেই প্ৰেমিকৰ সৈতে সাতপাকত বান্ধ খাই ৰাধিকা। প্ৰেমিকৰ সৈতে মালাবদলৰ সময়ত কান্দোনতো ভাঙি পৰা দেখা যায় ৰাধিকাক। তেতিয়া বাবুলে ৰাধিকাক সান্তনা দি কয় যে তেওঁ দুটি সন্তানক ভালকৈ ডাঙৰ কৰিব। ৰাধিকাৰ সুখেই তেওঁৰ বাবে ডাঙৰ সুখ।
উল্লেখ কৰা প্ৰয়োজন যে, যি সময়ত দেশৰ বিভিন্ন কোণৰ পৰা পৰকীয়া প্ৰেমৰ বাবে হত্যাকাণ্ড সংঘটিত হোৱাৰ খবৰ আহিছে তেনে সময়তেই এজন সাধাৰন গাঁৱৰ ব্যক্তিয়ে লোৱা এই সিদ্ধান্ত যোগাত্মকতাৰ নিদৰ্শন। সুখ আহৰণৰ বাবে কোনোধৰণৰ বিবাদ অথৱা কঠোৰ সিদ্ধান্তৰ প্ৰয়োজন নাই। সুখী হোৱাৰ সংজ্ঞাও সকলোৰে বাবে একেই নহয়। সেয়ে কোনোৱে যদি ভালপোৱাক এনেদৰেও উপস্থাপন কৰিব পাৰে তেন্তে এই ভালপোৱাই দাঙি ধৰে যোগাত্মক বাৰ্তা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ