• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

1 month ago
২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?

২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?

19 minutes ago
সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

39 minutes ago
সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

2 hours ago
বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

2 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

3 hours ago
‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

3 hours ago
চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

4 hours ago
জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

5 hours ago
LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতকৰণত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতকৰণত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

5 hours ago
মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

6 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

ভাগ্যই ল’ব নতুন গতি, শনি জয়ন্তীত কৰক এই কাম!

14 hours ago
NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

editor by editor
April 14, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে
0
SHARES
22
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যত আৰম্ভ ৰঙালীৰ আনন্দ। আজি গৰু বিহু। ব’হাগ বিহু অথবা ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু হিচাপে পালন কৰা হয়। চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু। গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ নোৱায়-ধুৱায়। দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে। গৰুক গা ধুৱাৰ পিছত লাউ-বেঙেনা খুৱাই সুস্বাস্থ্য আৰু মংগল কামনা কৰা হয়।

গৰু বিহু পালনৰ মূল বৈশিষ্ট হৈছে, ঘৰৰ গোহালিৰ গৰুকেইটাৰ মংগল তথা সু-স্বাস্থ্য কামনা কৰা আৰু তাৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা।

গৰু বিহুৰ নিয়ম প্ৰথা

গৰু বিহুৰ দিনা ৰাতিপুৱাই উঠি গৰুকেইটাক নদীৰ পাৰলৈ লৈ যোৱা হয় আৰু আটোম-টোকাৰিকৈ গা ধুওৱা হয়। গৰুৰ গা ঘঁহিবৰ বাবে খেৰৰ নুৰা ব্যৱহাৰ কৰা হয়। পানীৰে গা ধুওৱাৰ আগতে গৰুৰ গাত মিঠাতেল আৰু মাহ হালধিৰ মিহি মিশ্ৰণ সানি দিয়া হয়। সেইদিনা গৰুৰ গাত লাউ-বেঙেনা আদি ছটিয়াবলৈ ছাট সজা হয়। গৰুৰ স্নান পৰ্ব শেষ হোৱাৰ পিছতে গৰুৰ নিপোটল এটি শৰীৰ কামনা কৰি গালৈ লাউ, বেঙেনা আদি ছটিওৱা হয়। এইক্ষেত্ৰত অসমবাসীয়ে এনেদৰে গায়-

লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু বাপেৰ সৰু, তই হ’বি বৰ বৰ গৰু

নৈৰ পাৰৰ এই সমগ্ৰ কৰ্মৰাজিত গাঁৱৰ ডেকা-গাভৰু, শিশু-মহিলা সকলো উপস্থিত থাকে আৰু পৰিবেশটো যথেষ্ট মোহনীয় হৈ পৰে। এই মধুৰ ক্ষণতে দীঘলতি আৰু মাখিয়তীৰে গৰুৰ গাত কোবোৱা প্ৰথাও গৰুবিহুৰে এটা নিয়ম।

সন্ধিয়া ঘৰত নতুন পঘাৰে গৰু বান্ধি জাগ দিয়া পৰম্পৰাও আছে। গোহালিৰ কোনোবা এক কোণত ছাটটি সযতনে সংৰক্ষণ কৰা হয়। এই সকলো নিয়মৰ পৰা আজৰি হৈ গৃহস্থই ঘৰলৈ আহি স্নান কৰে। জনপ্ৰবাদ অনুসৰি পথাৰত বা নদীৰ পাৰত গৰুৰ গালৈ মৰা হালধিৰে সেইদিনা গা ধুলে বহুখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰি। সেইদিনা বহু অসমীয়াই ঘৰৰ গৰুকেইটাৰ মংগলৰ অৰ্থে ভগবানৰ ওচৰত মিনতি নিবেদি গোসাঁইঘৰত প্ৰাৰ্থনা জনায়। গাঁৱৰ বুঢ়ামেথাই সেইদিনা নামঘৰত সমবেত হৈ সমজুৱাকৈ শৰাই আগবঢ়ায়। ঘৰৰ সকলো সদস্যই একেলগে বহি চিৰা–দৈৰে এসাজ জলপান খোৱাটো অসমীয়া সমাজৰ এক চিৰাচৰিত নিয়ম।

নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ দুৱাৰ-খিৰিকীৰ কোণত লগোৱা গৰু বিহুৰ এটা উল্লেখযোগ্য প্ৰথা। জনবিশ্বাস অনুসৰি এনে কৰিলে ধুমুহা, বা-মাৰলিৰ পৰা ঘৰখন ৰক্ষা পৰে। ভগৱান শিৱলৈ প্ৰাৰ্থনা জনাই নাহৰ পাতৰ বিপৰীত অংশত এনেদৰে লিখা হয়,

দেৱ দেৱ মহাদেৱ নীলগ্ৰীব জটাধৰ।
বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে ॥

সন্ধিয়া পথাৰৰ পৰা ঘৰৰ গৰু ঘূৰি অহাৰ পাছতেই খেৰ, বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়া হয়। অসমবাসীৰ মাজত ইয়াক ‘জাগ দিয়া’ বুলি কোৱা হয়। প্ৰবাদ আছে যে, অসমবাসীয়ে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক জাগ দিয়াৰ পিছতহে বিচনী ব্যৱহাৰ কৰে। অসমৰ ভালেকেইখন ঠাইত সন্ধিয়া গৰু গোহালিলৈ প্ৰবেশ কৰাৰ আগে আগে মাছৰ পানীৰে গৰুৰ ভৰি ধুওৱাৰ নিয়ম প্ৰচলিত আছে। জনবিশ্বাস মতে- এনে কৰিলে বছৰটোলৈ গৰুৰ খুড়াত কোনোধৰণৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। কোনো কোনো ঠাইত পিঠাগুৰি খুন্দি গৰুক খুৱাবলৈ পিঠা তৈয়াৰ কৰাৰ প্ৰথাও প্ৰচলিত আছে।

গৰুক নতুন পঘা দিয়া গৰু বিহুৰ এক উল্লেখযোগ্য নিয়ম। বিশেষকৈ এই পঘা মৰাপাটেৰে তৈয়াৰ কৰা হয়। মৰাপাটৰ প্ৰতিটো পাকৰ মাজে মাজে ‘তৰাগছ’ৰ বাকলি খাজি এই পঘা সাজি উলিওৱা হয়। তাত হালধিৰে মিহি প্ৰলেপ সানি গৰু বিহুৰ দিনাই গৰুক নতুন পঘাৰে আদৰণি জনোৱা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24rongali bihu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?
জীৱনশৈলী

২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?

May 16, 2026
সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?
জীৱনশৈলী

সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

May 16, 2026
সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?
জীৱনশৈলী

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

May 16, 2026
বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?
জীৱনশৈলী

বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

May 16, 2026
Next Post
হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

'নিথৰ ব'হাগ, শূন্য বসন্ত', ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.