অসম লাইভ২৪ঃ
পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত নৃশংস হত্যাকাণ্ডই জোঁকাৰিছে সমগ্ৰ ৰাজ্য।
হত্যাকাণ্ডৰ সন্দৰ্ভত পিতৃয়ে দাঙি ধৰিছে তথ্য।
ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বন্দনাৰ পিতৃ কামিনী কলিতাই।
বন্দনা কলিতাই স্বামী আৰু শাহুক হত্যা কৰাৰ কথা জনা নাছিল পিতৃয়ে।
পিতৃয়ে কন্যা সন্দৰ্ভত কয়, ‘যদিহে মোৰ কন্যা দোষী, তেন্তে তাইক গুলীয়াই মাৰক।’
প্ৰায় দহ বছৰ পূৰ্বে অমৰজ্যোতিৰ লগত বিয়া হৈছিল বন্দনাৰ।
কিন্তু বিগত দুবছৰ ধৰি পিতৃগৃহতে আছিল বন্দনা৷
পিতৃকো বন্দনাই স্বামী আৰু শাহুৱেক নোহোৱাৰ কথা প্ৰকাশ কৰিছিল।
পিতৃয়েই থানাত জনাবলৈ নিৰ্দেশ দিছিল জীয়াৰীক।
হত্যাকাণ্ডৰে পিতৃ-মাতৃ জড়িত নহয় বুলিও মন্তব্য পিতৃৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ