লিভাৰ শৰীৰৰ অন্য়তম গুৰুত্বপূৰ্ণ অংগ, যিয়ে খাদ্য হজম কৰাৰ পৰা আৰম্ভ কৰি শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ অপসাৰণৰ দৰে গুৰুত্বপূৰ্ণ কাম কৰে। সেয়ে লিভাৰৰ স্বাস্থ্যৰ দিশত প্ৰথমে নজৰ দিয়া জৰুৰী। সাম্প্ৰতিক এক সমীক্ষা অনুসৰি বৰ্তমান প্ৰায় ৪০ শতাংশ ভাৰতীয়ই নন এলকহলিক ফেটি লিভাৰত ভূগি আছে। আৰু এই ৰোগৰ হাতত ধৰি শৰীৰত বাঁহ বান্ধিব পাৰে লিভাৰ ছিৰোচিচৰ দৰে মাৰণ ব্যাধি। সেয়ে প্ৰাথমিক পৰ্যায়ত ৰোগ চিনাক্ত কৰা জৰুৰী। লিভাৰৰ সমস্যাৰ কেইবাটাও লক্ষণ প্ৰাথমিকভাৱে ছালত ফুঁটি উঠে। যি অৱহেলা কৰিলে মাৰাত্মক লিভাৰৰ ৰোগত ভূগিব পাৰে আপুনি।
১. মুখৰ ছাল শুকাই যোৱা
লিভাৰৰ সমস্যা হলে মুখৰ ছাল বা চকুৰ বগা অংশ লাহে লাহে হালধীয়া হবলৈ আৰম্ভ কৰে এয়া জণ্ডিছৰ লক্ষণ। লিভাৰে শৰীৰৰ পৰা বিলিৰুবিন নামৰ হালধীয়া উপাদানটো সঠিকভাৱে বাহিৰ কৰিব নোৱাৰিলে তেজত সেয়া জমা হবলৈ আৰম্ভ কৰে। তেতিয়াই মুখ, চকু, চালত হালধীয়া ভাৱে দেখা দিয়ে। সেয়ে এই সমস্যাক অৱহেলা কৰা উচিত নহয়।
২. চকুৰ তলত কলা দাগ
কেৱল অপৰ্যাপ্ত টোপনিৰ বাবেই চকুৰ তল কলা নপৰে, বহু সময়ত চকুৰ তলত কলা দাগ কিংবা ফোলাভাৱৰ বাবে লিভাৰৰ সমস্যা দায়ী হব পাৰে। লিভাৰে শৰীৰৰ পৰা বিষাক্ত উপাদানসমূহ সম্পূৰ্ণৰূপে দূৰ কৰিব নোৱাৰিলেই মুখত ক্লান্তি, কলা দাগ আৰু ফোলাভাৱে দেখা দিয়ে। যদি এই লক্ষণসমূহ দীৰ্ঘ সময় ধৰি চলি থাকে তেন্তে দ্ৰুত চিকিৎসকৰ পৰামৰ্শ লওক।
৩. সূক্ষ্ম ৰঙা ৰক্তনলীৰ জাল
মুখ, ডিঙি, বুকুৰ ওপৰত সূক্ষ্ম জালৰ দৰে ৰঙা দাগ দেখা গলে সতৰ্ক হওক। ই সাধাৰণতে লিভাৰৰ সমস্য়াৰ কাৰণে শৰীৰত হৰমনৰ হৰমনৰ ভাৰসাম্য নষ্ট হলে এনে দাগে দেখা দিয়ে। সেয়ে এই ধৰণৰ লক্ষণ দেখিলে লগে লগেই চিকিৎসকৰ পৰামৰ্শ লওক।
৪. মুখৰ ছালত জ্বলাপোৰা
যদি এলাৰ্জি বা বাহ্যিক কাৰণ অবিহনেই মুখৰ ছাল খজুৱাই বা জ্বলাপোৰা কৰে তেতিয়া সেয়াও লিভাৰৰ কাৰ্যকাৰিতাৰ ব্যাঘাতৰ লক্ষণ হব পাৰে। যেতিয়া লিভাৰে পিত্ত সঠিকভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেতিয়া ছালত এনে খজুৱতি হয় আৰু জ্বলাপোৰাও হব পাৰে।
৫. হাতৰ তলুৱাত অস্বাভাৱিক ৰং
দুহাতৰ তলুৱা কমলা কিংবা ৰঙা ৰঙে দেখা দিলে সেয়া লিভাৰৰ সমস্যাৰ ইংগিত হব পাৰে। এই লক্ষণক অৱহেলা কৰা উচিত নহয়। লিভাৰে ঠিকভাৱে টক্সিন ফিল্টাৰ কৰিব নোৱাৰিলে ছালত ইয়াৰ প্ৰভাৱ পৰে। ফলত হাতৰ ছাল ৰুক্ষ আৰু খহটা হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















