বহু মহিলাৰ মনত এটি বিশেষ প্ৰশ্ন, মহাকাশত ৯ মাহে আৱদ্ধ সুনীতাই মাহেকীয়াৰ সময়ত কি কৰিছিল
কাইলৈ ১৯ মাৰ্চ তাৰিখে মাজনিশা ৩.২৭ত মহাকাশচাৰী সুনীতা উইলিয়ামছ আজি বুচ উইলম’ৰ পৃথিৱীত পদাৰ্পন কৰিব। ৯ মাহ ১৩ দিন মহাকাশত থাকি উভতিব সুনীতা আৰু সতীৰ্থ। মহাকাশলৈ আজি পৰ্যন্ত মুঠ ৯৯ গৰাকী মহিলাই মহাকাশলৈ বিভিন্ন অভিযানত যাত্ৰা কৰিছে।
কিন্তু এনদৰে মহাকাশ যাত্ৰাৰ সময়ত মহিলাসকলে মাহেকীয়াৰ দিন কেইটাত কিদৰে মেনেজ কৰে। কি কৰে। হয়তো বহু লোকৰে মনত এইটো প্ৰশ্ন সুনীতাৰ ক্ষেত্ৰতো আহিছে। ৮ দিনৰবাবে গৈ ৯ মাহ আৱদ্ধ সুনীতাই নিজৰ মাহেকীয়াৰ সময়ত কিদৰে মোকাবিলা কৰিছিল।
এই সন্দৰ্ভত মহাকাশ বিজ্ঞানীসকলে নিজেই সাক্ষাৎকাৰত দিছিল। পিৰিয়ডৰ বাবে ২টা বিকল্প উপলব্ধ মহিলা মহাকাশচাৰীৰ হাতত।
আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ মহিলা মহাকাশচাৰী ৰিয়াই সাক্ষাৎকাৰত এই বিষয়ত ভাষণ দিছিল। মহাকাশলৈ যোৱা মহিলাসকলৰ মাহেকীয়াৰ সন্দৰ্ভত দুটা বিকল্প আছে। এটা, মহাকাশত থকাৰ সময়ত মাহেকীয়া নোহোৱা কৰি ৰখা, আনটো মাহেকীয়াৰ সৈতে সাধাৰণ হৈ থকা। এই দুয়োটা পদ্ধতিয়ে মহিলা মহাকাশচাৰী সকলে নিজ ইচ্ছাৰে গ্ৰহণ কৰিছিল। ইয়াৰ ওপৰত নাছাৰ ফালৰ পৰা কোনো ধৰণৰ নিয়ম নাই।
মাহেকীয়া বন্ধ কৰিবলৈ মহিলা মহাকাশচাৰী সকলে হৰম’নযুক্ত গৰ্ভনিৰোধক অৰ্থাৎ গৰ্ভনিৰোধক বড়ি ব্যৱহাৰ কৰিছিল। যদি গৰ্ভনিৰোধক বড়ি ব্যৱহাৰ কৰে তেন্তে এই বড়িত ইষ্ট্ৰজেন থাকে, যিটো পিৰিয়ড বন্ধ কৰাত ফলপ্ৰসূ, কিন্তু মহাকাশত থকাৰ সময়ত প্ৰতিদিনে অবিৰতভাৱে এই বড়ি খাব লাগিব। এই বিকল্পটো নিৰাপদ আৰু ফলপ্ৰসূ। ইয়াৰ দ্বাৰা মহিলাৰ শৰীৰৰ ওপৰত কোনো পাৰ্শ্ব-প্ৰতিক্ৰিয়া নাহে।
আনহাতে যদি মহিলা মহাকাশচাৰীয়ে পিৰিয়ডৰ সৈতে থাকিবলৈ বিচাৰে তেন্তে তেওঁলোকে পৃথিৱীত থকাৰ দৰেই চেনিটেৰী পেড ব্যৱহাৰ নাইবা তেনেধৰণৰ ব্যৱস্থা কৰি লব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ