প্ৰধানমন্ত্ৰীৰ মন কি বাতত বিশেষ বাৱে চৰ্চিত এগৰাকী জাৰ্মান জন্মান্ধ যুৱতী
ভাৰতৰ সংস্কৃতি আৰু সংগীতৰ প্ৰতিধ্বনি সমগ্ৰ বিশ্বতে শুনা যায়। এই আকৰ্ষণে জাৰ্মানী যুৱতী জন্মান্ধ কাছমে (Cassmae) ভাৰতীয় সংগীতৰ সৈতে সংযোগ কৰিছিল। জাৰ্মানী হৈয়ো সুন্দৰকৈ পৰিবেশন কৰিব পাৰে হিন্দী গীত।
কিন্তু কাছমেৰ জীৱনৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন আহে যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কি বাত’ অনুষ্ঠানত কাছমেৰ নাম উল্লেখ কৰে। কাছমেৰ সম্পূৰ্ণ নাম কেছাণ্ড্ৰা মে স্পিটমেন। জাৰ্মান গায়িকা তথা গীতিকাৰ কাছমে জন্মৰে পৰা অন্ধ।
কেছাণ্ড্ৰা মে স্পিটমেনে তথা কাছমে ১২টা ভাষাত সলসলীয়াকৈ গীত গাব পাৰে। কিন্তু বিশেষকৈ ভাৰতীয় আধ্যাত্মিক সংগীতৰ সৈতে বিশেষভাৱে জড়িত কাছমে।
ভাৰতীয় সংগীতৰ প্ৰতি কাছমেৰ গভীৰ প্ৰেম, ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু ভজন গাই ভাল পাই কাছমে। ভাৰতীয় গীত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি ভাৰতীয় সংগীতপ্ৰেমীৰ মাজতো জনপ্ৰিয় হৈ পৰিছে কাছমে।
সেই কাছমেৰ কথাই প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কি বাত’ অনুষ্ঠানত উল্লেখ কৰি ভাৰতীয় সংগীতৰ প্ৰতি থকা কাছমেৰ প্ৰেমৰ শলাগ লয়।
প্ৰধানমন্ত্ৰীয়ে মন কি বাতত কাছমেৰ নাম উল্লেখ কৰাক লৈ কাছমে অত্যন্ত আৱেগিক হৈ পৰিছে। কৃতজ্ঞতা প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি কাছমে কয় যে এয়া ‘এটা অবিশ্বাস্য মুহূৰ্ত’। ভাৰতৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰি কয় যে ই তেওঁক ভাৰতীয় সংগীতক অধিক গভীৰভাৱে শিকিবলৈ অনুপ্ৰাণিত কৰে।
ভাৰতৰ প্ৰতি কাছমেৰ গভীৰ প্ৰেম কেৱল সংগীততে সীমাবদ্ধ নহয়। হিন্দী ভাষাও শিকি ভাৰতীয় পৰম্পৰাৰ বিষয়ে অধিকৰ পৰা অধিক জানিবলৈ চেষ্টা কৰিছে কাছমে।
উল্লেখ্য যে, জন্মৰে পৰা অন্ধ কাছমে জাৰ্মানীৰ ডুইছবাৰ্গৰ পৰা অহা। কাছমেই কেৱল হিন্দী ভাষাতেই নহয় মালয়ালম, তামিল, কানাড়াকে ধৰি ১২টাতকৈও অধিক ভাৰতীয় ভাষাত গায় ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ