অসম লাইভ ২৪ঃ কাটাৰ প্ৰশাসনৰ নিৰ্দেশ আছিল কোনেও খেলৰ মাজতে চুম্বন কৰিব নোৱাৰিব। কিন্তু খেলৰ উল্লাসৰ মাজত কঠোৰ নিৰ্দেশ পাহৰি পেলালে বেলজিয়ামৰ গলকীপাৰ কৰ্টইছে হাজাৰ হাজাৰ মানুহৰ সন্মুখতেই Courtois য়ে তেওঁৰ প্ৰিয় বান্ধৱীৰ ওঁঠত আঁকি দিয়ে বিজয়ৰ চুম্বন। কিন্তু কাটাৰৰ আইন অনুসৰি এই কাৰ্য মানেই গুৰুতৰ অপৰাধ।
বিশ্বকাপৰ প্ৰথম মেচত কানাডাৰ বিৰুদ্ধে ১-০ গলত জয়লাভ কৰিছে বেলজিয়ামে। মেচৰ আৰম্ভনিতেই এটা পেনাল্টি পাইছিল কানাডাই। আলফনছ ডেভিছৰ শ্বটটো বিশেষধৰণে ৰখাই দিয়ে কৰ্টইছে। গল পষ্টলৈ লক্ষ্য কৰি ২২ টা শ্বট মাৰিছিল কানাডাৰ খেলুৱৈয়ে। গলৰক্ষক কৰ্টইছে এটাৰ পাছত আনটো আক্ৰমনাত্মক শ্বট ৰখাই গৈছিল। খেল শেষ হওঁতেই আনন্দতে বেলজিয়ামৰ গলকীপাৰ মাৰ্ক কৰ্টইছে বান্ধৱীৰ কাষলৈ দৌৰী যায়। আনন্দতে সাবটি ধৰে বান্ধৱীক। ওঁঠত আঁকি দিয়ে চুমা। চুম্বনৰ এই বিশেষ ফটোখনক লৈ এতিয়া বিশ্বজুৰি চৰ্চা।
ইপিনে এই বিশ্বকাপত চুম্বন , সাবটি ধৰাই নহয় বিয়েৰো সম্পূৰ্ণৰূপে নিষিদ্ধ এই বিশ্বকাপত। এই আইন অমান্য কৰাসকলক কঠোৰ শাস্তি বিহাৰ কথাও পূৰ্বেই ঘোষণা কৰিছিল বিশ্বকাপ আয়োজক দেশখনে। আমেৰিকা, ইউৰোপ আদি দেশত এইধৰণৰ কাৰ্যকলাপ সাধাৰণ কথা যদিও কাটাৰত এয়া একধৰণৰ অপৰাধ। কৰ্টইছে সাবটি ধৰা বান্ধৱী মিছেলো কোনো সাধাৰণ নাৰী নহয়। তেওঁ স্পেইনৰ এগৰাকী আগশাৰীৰ মডেল। কভিডৰ ভয়াৱহতাৰ সময়তে কৰ্টইছ আৰু মিছেলৰ সামাজিক মাধ্যমযোগে বন্ধুত্ব গঢ়ি উঠিছিল। ক্ৰমে সেই বন্ধুত্ব গাঢ় হৈছে। বিশ্বকাপতো সেয়ে বন্ধুৰ খেল চাবলৈকে কাটাৰলৈ আহিছিল বান্ধৱী মিছেল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ