অসম লাইভ ২৪ঃ শীঘ্ৰেই ৯ গৰাকী নতুন ন্যায়াধীশে নিযুক্তি লাভ কৰিব দেশৰ উচ্চতম ন্যায়ালয়ত৷ মুখ্য ন্যায়াধীশ এন ভি ৰমণৰ অধ্যক্ষতাত বিশেষজ্ঞ কমিটীয়ে প্ৰেৰণ কৰা ৯গৰাকী ন্যায়াধীশৰ নামক স্বীকৃতি প্ৰদান কৰে কেন্দ্ৰই৷ সেইসকলৰ ভিতৰত ৩ গৰাকী মহিলা ন্যায়াধীশো আছে৷ ইয়াৰে ৩ গৰাকী ন্যায়াধীশ ক্ৰমে বিক্ৰম নাথ, বি ভি নাগাৰত্না আৰু পি এচ নৰসিংহাৰ মাজৰ এগৰাকী ভৱিষ্যতে দেশৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্ত হ’ব৷ এই ক্ষেত্ৰত সৰ্বাধিক চৰ্চিত ব্যক্তিগৰাকী হৈছে ন্যায়াধীশ বি ভি নাগাৰত্না৷ বৰ্তমানলৈকে উচ্চতম ন্যায়ালত মহিলা ন্যায়াধীশে মুখ্য ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰা নাই৷ তেনে পৰিপ্ৰেক্ষিতত ন্যায়াধীশ বি ভি নাগাৰত্না ২০২৭ চনৰ ছেপ্তেম্বৰত দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ ভাৰতৰ উচ্চতম ন্যায়ালয়ত পুৰুষ ন্যায়াধীশৰ তুলনাত মহিলা ন্যায়াধীশৰ সংখ্যা অতি কম৷ ১৯৮৯ চনত নিযুক্তি লাভ কৰা ফাটিমা বিবি উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী ন্যায়াধীশ৷ ন্যায়াধীশ ন্যায়মূৰ্তি সুজাতা বি মনোহৰ, ন্যায়াধীশ ৰুমা পাল, ন্যায়াধীশ সুধা মিশ্ৰা, ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাই, ন্যায়াধীশ আৰ ভানুমতি, ন্যায়াধীশ ইন্দু মলহোট্ৰা আৰু ন্যায়াধীশ ইন্দ্ৰা বেনাৰ্জী দেশৰ উচ্চতম ন্যায়ালয়ৰ মহিলা ন্যায়াধীশ৷ ইয়াৰ বিপৰীতে ২০২৭চনত দেশে লাভ কৰিব প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ