ভাৰতত অৰেল কেন্সাৰ বৃদ্ধি পাব ধৰিছে৷ অথচ চেষ্টা কৰিও এই ৰোগ প্ৰতিৰোধ কৰাটো সম্ভৱ হৈ উঠা নাই৷ গুটখা, পানমছলা খোৱাৰ অভ্যাসেই মাতি আনিছে এই মাৰণ ৰোগৰ আশংকা৷ জানি বুজিও এইসমূহ অভ্যাস এৰিব পৰা নাই বহুজনে৷ প্রাথমিক অৱস্থাত ধৰা পৰিলে মুখৰ কৰ্কট সম্পূৰ্ণৰূপে দূৰ কৰিব পৰা যায়৷ কোনো বিকল্প চিকিৎসাৰ ব্যৱস্থা নোলোৱাকৈ কৰ্কট আক্ৰান্তৰ সেই বিশেষ অংশক সম্পূৰ্ণৰূপে এৰুৱাই পেলোৱা হয়৷ নাৰীৰ তুলনাত পুৰুষেই এই কৰ্কটত সৰ্বাধিক আক্ৰান্ত হয়৷ ওঁঠ, জিভা, গালৰ ভিতৰৰ অংশ, মুখৰ তালু, ডিঙিৰ তলৰ অংশ আদিত সৰ্বাধিক কৰ্কটৰ বীজাণু ধৰা পৰে৷
কি কি উপসৰ্গই দেখা দিলে সতৰ্ক হ’ব?
- মুখৰ ভিতৰত কোনো বগা দাগ বা গোটা অংশ দেখিলে চিকিৎসকৰ পৰামৰ্শ লোৱা জৰুৰী৷ বিশেষকৈ তেওঁ যদি স্মোকাৰ বা ধোঁৱাহীন ধঁপাতত আসক্ত হয় তেতিয়া লিউকোপ্লেকিয়া হ’ব পাৰে৷ এয়া কৰ্কটৰ প্ৰাথমিক লক্ষণ৷
- ডিঙি বা ডিঙিৰ কোনো অংশ ফুলি গৈছে কিন্তু কোনো বিষ নাই এই উপসৰ্গ দেখিলেও সতৰ্ক হওক৷
- মুখৰ ভিতৰত কোনো বিষহীন ফোলা অংশ আছে আৰু ক্ৰমশ বাঢ়িছে কিংবা মুখৰ ভিতৰত মাংসপিণ্ড হৈ সেয়া ধীৰে ধীৰে বাঢ়িছে যদি এয়াও কৰ্কটৰ লক্ষণ হব পাৰে৷
- দীৰ্ঘদিন ধৰি জিভা লৰোৱাত অসুবিধা হৈছে, কথা কওঁতেও সমস্যা হৈছে, মুখ মেলোতে প্ৰৱল বিষ অনুভৱ কৰিছে তেন্তে লগে লগেই চিকিৎসকৰ পৰামৰ্শ লওক৷
- ঠাণ্ডা লাগিলে বা কোনো ভাইৰেল জ্বৰ হলেই ডিঙিৰ বিষ হয় বা সেপ গিলিবলৈ সমস্যা হয় সেই সমস্যা যদি কম দিনৰ বাবে হয় তেতিয়া চিন্তাৰ কাৰণ নাই৷ কিন্তু দীৰ্ঘদিন ধৰি এই সমস্যা হৈ থাকিলে সতৰ্ক হওক৷
মুখৰ কৰ্কটৰ মোকাবিলাৰ বাবে আপুনি পোনতেই ছুপাৰী, বিৰি, চিগাৰেট, জৰ্দাসহ ধঁপাতজাতীয় পণ্য বৰ্জন কৰিব লাগিব৷ দাঁতৰ যত্নও লব লাগিব৷ দিনত দুবাৰ ব্ৰাছ কৰা, লগতে ফ্লছ মাউথৱাছৰ ব্যৱহাৰ কৰিব পাৰে৷ বছৰত অন্তত দুবাৰ দাঁতৰ চিকিৎসকৰ কাষলৈ যোৱা উচিত৷ মুখৰ যিকোনো ঘাঁ বা আলছাৰ হলে লগে লগেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা জৰুৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















