বিমানৰ টিকট বুকিং কৰাৰ পিছত যদি আপোনাৰ মন সলনি হয় আৰু টিকট বুকিং বাতিল কৰে তেতিয়া চাৰ্জ লোৱা হয়। সাধাৰণ মানুহৰ বাবে এয়া এক ডাঙৰ সমস্যা হৈ পৰে। কিন্তু এইবাৰ বিমান নিয়ন্ত্ৰণ সংস্থা অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (ডিজিচিএ) এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে।
নতুন নিয়মৰ অধীনত বুকিং কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত কোনো ধৰণৰ টিকট বাতিলৰ চাৰ্জ লোৱা নহয়। এতিয়া টিকট বুকিং কৰাৰ পিছত যদি আপোনাৰ মন সলনি হয়, তেন্তে আপুনি জৰিমনা ভৰাৰ চিন্তা কৰিব নালাগে। ২৬ মাৰ্চৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই নতুন নিয়মে বিমান যাত্ৰীসকলক এক উল্লেখযোগ্য সহায় প্ৰদান কৰিব।
৪৮ ঘণ্টীয়া ‘লুক-ইন অপচন’
ডিজিচিএৰ নতুন গাইডলাইনৰ আটাইতকৈ ডাঙৰ সকাহ হৈছে ৪৮ ঘণ্টীয়া “লুক-ইন অপচন”। সহজ ভাষাত ক’বলৈ গ’লে টিকট বুকিং কৰাৰ লগে লগে বাতিলৰ ৪৮ ঘণ্টা সময় থাকে, যদি আপুনি এই সময়সীমাৰ ভিতৰত আপোনাৰ ভ্ৰমণ বাতিল কৰে বা তাৰিখত কোনো পৰিৱৰ্তন কৰে, তেন্তে বিমান সংস্থাই আপোনাৰ পৰা কোনো অতিৰিক্ত বাতিলৰ মাচুল নলয়। যিসকলে বুকিং কৰাৰ সময়ত প্ৰায়ে ভুল তাৰিখ বাছি লয় বা যিসকলৰ ভ্ৰমণ পৰিকল্পনা শেষ মুহূৰ্তলৈকে চূড়ান্ত নহয়, তেওঁলোকৰ বাবে ই এক উল্লেখযোগ্য সকাহ।
অৱশ্যে প্ৰতিটো টিকটৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য নহ’ব। নিয়ন্ত্ৰকে স্পষ্ট কৰি দিছে যে এই ৰেহাইৰ সুবিধা লাভ কৰিবলৈ যাত্ৰীসকলে কিছুমান নিয়ম মানি চলিব লাগিব। ইয়াৰ বাবে আপোনাৰ টিকট বিমান সংস্থাটোৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে পোনপটীয়াকৈ বুকিং কৰিব লাগিব। তদুপৰি বিমানৰ সময় সন্দৰ্ভত কঠোৰ নিয়ম আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















