ডিজিটেল ডেস্কঃ আপোনাৰ স্বাস্থ্য সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আপুনি সেৱন কৰা খাদ্যৰ ওপৰত। কিন্তু দিনটোৰ যিকোনো সময়তে খাদ্য সেৱন কৰিলে আপোনাক উপকাৰ কৰাৰ সলনি অপকাৰহে কৰে। চিকিতসা বিজ্ঞানৰ মতে, ৰাতি শোৱাৰ আগত আমি কিছুমান খাদ্য একেবাৰে খাব নালাগে। তেনে কেইবিধমান খাদ্য হৈছে এনেধৰণৰ-
নিশাৰ শোৱাৰ পৰত আপুনি এটা কথা সদায় মনত ৰাখিব যে, কেতিয়াও যাতে গধুৰ খাদ্য সেৱন নকৰে। শোৱাৰ পৰত বিশেষকৈ JUNK ফুড খোৱাৰ পৰা বিৰত থাকিব লাগে। বেচি তেলেতীয়া খাদ্য শোৱাৰ পৰত খাব নালাগে। ই শৰীৰৰ বাবে অতিকৈ অপকাৰী।
নিশা আহাৰত কেতিয়াও কেচা শাক-পাচলি খাহব নালাগে। কেচা শাক-পাচলিৰ পৰা বনোৱা চালাড জাতীয় সামগ্ৰী পৰাপক্ষত ৰাতি খাব নালাগে। এনে খাদ্যই আপোনাৰ পাচন তন্ত্ৰ দুৰ্বল কৰি পেলায়। শোৱাৰ সময়ত কেতিয়াও চকলেট খাব নালাগে। চকলেটে আপোনাৰ ৰাতিৰ টোপনিত ব্যাঘাত জন্মায়।
আৰু শেষত এটা কথা সদায় মনত ৰাখিব, কেতিয়া শোৱাৰ পূৰ্বে সুৰা সেৱন নকৰিব। এনে কৰিলে আপোনাৰ শৰীৰটোৱে যথেষ্ট কষ্ট পায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ