২৭ বছৰে ডাঙৰ মুখ্যমন্ত্ৰীৰ প্ৰেমত অভিনেত্ৰী, পৰিয়ালে নামানে-অভিনেত্ৰীয়ে নেৰে, গোপনে বিয়া
এগৰাকী এনে সুন্দৰী অভিনেত্ৰী যিয়ে নিজতকৈ ২৭ বছৰে ডাঙৰ এগৰাকী ৰাজনীতিকৰ প্ৰেমত পৰে। সেই ৰাজনীতিক গৰাকী ৰাজ্যখনৰ মুখ্যমন্ত্ৰী। কিন্তু বয়স বহু বেছি বাবে পৰিয়ালে কোনোপধ্যে মান্তি নহয় এই প্ৰেমত।
পাছে অভিনেত্ৰীয়ো নাচোৰবান্দা। প্ৰমত ইমানেই পাগল যে, পৰিয়ালৰ বিৰুদ্ধে গৈ নিজতকৈ ২৭ বছৰে ডাঙৰ হলেও সেই মুখ্যমন্ত্ৰীৰ সৈতে গোপনে বিয়াত বহে। পাছত পৰিয়ালৰ লোকে সেই বিষয়ে জানিব পাৰি হতবাক হৈ পৰে।
সেই অভিনেত্ৰীগৰাকী হৈছে দক্ষিণৰ কানাড়া ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী ৰাধিকা আৰু প্ৰেমিক কৰ্নাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যখনৰ অন্যতম জনপ্ৰিয় নেতা এইচ ডি কুমাৰাস্বামী। কুমাৰাস্বামীৰ প্ৰথম বিবাহৰ সময়ত জন্মহে হৈছিল ৰাধিকা। সেয়া ১৯৮৬ৰ কথা।
২০০৬ চনত ৰাধিকাই কুমাৰাস্বামীৰ সৈতে বিবাহপাষত আবদ্ধ হয়। তেতিয়া ৰাধিকাতকৈ কুমাৰাস্বামী ২৭ বছৰে ডাঙৰ আছিল। সেই সময়ত কুমাৰাস্বামীৰ প্ৰায় ৰাধিকাৰ সমানেই দুটি সন্তানো আছিল। কুমাৰাস্বামীৰ দ্বিতিয় বিবাহৰ সময়ত হাহাকাৰ লাগি গৈছিল কৰ্নাটকৰ ৰাজনীতিত।
ৰাধিকাৰো সেয়া আছিল দ্বিতীয় বিবাহ। ২০০০ চনত ৰতন কুমাৰৰ সৈতে বিবাহ হৈছিল, যদিও ২০০২ চনত হাৰ্ট এটেকত মৃত্যু হৈছিল প্ৰথম স্বামীৰ তাৰ পাছতে প্ৰেম হৈছিল কুমাৰাস্বামীৰ সৈতে।
আনহাতে এই বিবাহে কানাড়া ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী ৰাধিকাৰ অভিনয় কেৰিয়াৰ শেষ কৰি দিছিল। বৰ্তমানে ৰাধিকাই ছবি পৰিচালক হিচাপে কাম কৰি আছে কানাড়া ছবিজগতত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ