ক্ৰিকেটাৰসকলৰ সৈতে বলিউড নায়িকাৰ প্ৰেমৰ সম্পৰ্কৰ কথাবোৰ নতুন নহয়৷ মনসুৰ আলি খান পতৌদি-শৰ্মিলা ঠাকুৰ, মহম্মদ আজহাৰউদ্দিন-সংগীতা বিজলানি, বিৰাট কোহলি-অনুষ্কা শৰ্মাই ইয়াৰ একোটা উদাহৰণ৷ জনা গৈছে ইয়াৰ ব্যতিক্ৰম নাছিল কপিল দেৱো৷ বিবাহৰ পূৰ্বে এগৰাকী অভিনেত্ৰীৰ প্ৰেমত ডুবিছিল ভাৰতৰ প্ৰথম বিশ্বকাপজয়ী অধিনায়ক৷
১৯৮০ চনত ৰোমি ভাটিয়াৰ সৈয়ে বিবাহপাশত আৱদ্ধ হৈছে কপিল দেৱ৷ তেওঁলোকৰ এই সুখৰ সংসাৰ আৰম্ভ হোৱাৰ পূৰ্বে কপিল দেৱে মন দিছিল বলীউড নায়িকা চাৰিকা ঠাকুৰক৷ তেওঁৰ সৈতে অৱশ্যে কপিল দেৱৰ সম্পৰ্ক স্থায়ী নহ’ল৷ কম দিনতেই ভাঙি যায় তেওঁলোকৰ প্ৰেম৷ কিন্তু দুয়োৱে দুয়োকে মনৰ পৰা মচি দিব নোৱাৰিলে৷ আকৌ সম্পৰ্কত আহে দুয়ো৷
ৰোমিৰ সৈতে বন্ধুত্ব হোৱাৰ পাছতেই মনোজ কুমাৰৰ পত্নীৰ মধ্যস্থতাৰ চাৰিকাৰ সৈতে পুনৰ যোগাযোগ হৈছিল কপিলৰ৷ তৈয়াৰ হয় নতুন সমীকৰণ৷ দ্বিতীয়বাৰ জোৰা লাগে তেওঁলোকৰ সম্পৰ্ক৷ তেতিয়াই দূৰত্ব বৃদ্ধি হয় কপিল ৰোমিৰ মাজত৷ চাৰিকাক বিবাহৰ সিদ্ধান্ত লয় কপিলে৷ পিতৃ-মাতৃৰ সৈতে অভিনেত্ৰীৰ পৰিচয়ো কৰাই দিয়ে৷ সকলো ঠিকেঠাকেই চলিছিল৷ তেতিয়াই হঠাৎ ছন্দপতন৷ সম্পৰ্কত আকৌ বিচ্ছেদ আহে৷ কিন্তু কিয় দুয়োৰে প্ৰেম বিচ্ছেদ হয় সেই কথা স্পষ্টকৈ আজিও প্ৰকাশ নকৰে কপিল দেৱে৷
কপিলৰ সৈতে সম্পৰ্ক ভাঙি যোৱাৰ দুখ পাহৰিবলৈ সময় লাগিছিল চাৰিকাৰ৷ কপিলক পাহৰিবলৈকে চিনেমাৰ কামত তেওঁ নিজকে মনোনিৱেশ কৰিছিল৷ প্ৰেম ভঙাৰ পিছৰ দুবছৰত তেওঁ ১৮ খন চিনেমাত অভিনয়ো কৰিছিল৷ ১৯৮৮ চনত তেওঁ বিবাহপাশত আৱদ্ধ হয় কমল হাছানৰ সৈতে৷ অৱশ্যে বিবাহৰ পূৰ্বৰে পৰাই দুয়ো লিভ-ইন-ৰিলেছনশ্বিপতো আছিল৷ বিবাহৰ পূৰ্বেই ১৯৮৬ চনত তেওঁলোকৰ কোলালৈ আহিছিল প্ৰথম সন্তান শ্ৰুতি হাছান৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















