এগৰাকী ছাত্ৰীক বিনামূলীয়া টিউচনৰ বিনিময়ত ছাত্ৰীগৰাকীৰ মাতৃৰে বলপূৰ্বক যৌন সম্পৰ্ক স্থাপন কৰি এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষক নিলম্বিত হ’বলগীয়া হৈছে৷
এই ঘনটনাটো সংঘটিত হৈছে কর্ণাটকৰ ৰাইচুৰ জিলাত৷ উত্থাপিত অভিযোগ অনুসৰি এখন চৰকাৰী বিদ্যালয়ে এই ঘটনা সংঘটিত কৰিছে৷
অভিযোগ অনুসৰি চিংগাপুৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক মহম্মদ আজাৰুদ্দিনে এগৰাকীৰ ছাত্ৰীক টিউনচ কৰা বিনিময়ত ছাত্ৰীগৰাকীৰ মাতৃৰে বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ লগতে ভিডিঅ’ ৰেকৰ্ডিং কৰি ভাইৰেল কৰাৰ ভাবুকি দি আহিছিল৷
লগতে পঢ়ক শ্ৰীলংকালৈ ভাৰতৰ সহায়ৰ হাত। শ্ৰীলংকালৈ ইন্ধন পঠিয়াব ভাৰতে
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি উক্ত ভিডিঅ’ লিকড্ কৰাৰ ভাবুকিৰে শিক্ষকজনে ব্লেইকমেইলিং কৰি ছাত্ৰীগৰাকীৰ মাতৃক দীৰ্ঘদিন যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰি আহিছে৷
ইয়াৰ পিছতে ভুক্তভোগী মাতৃগৰাকীয়ে কাৰাটাগী আৰক্ষী থানাত এজাহাৰ দাখিল আৰু আৰক্ষীয়ে অভিযুক্ত শিক্ষক আজাৰুদ্দিনক ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি অভিযুক্ত শিক্ষকগৰাকীয়ে অন্যান্য ছাত্ৰীকো দুৰ্ব্যৱহাৰ কৰি অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে এক নিৰ্দেশনাৰ জৰিয়তে ৰাইচুৰ জিলাৰ উপ-সঞ্চালকে শিক্ষকগৰাকীক নিলম্বন কৰিছে৷
আৰক্ষীৰ মতে, ছাত্ৰীগৰাকীক টিউচনকে ধৰি চৰকাৰী সা-সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দি শিক্ষকগৰাকীয়ে বলপূৰ্বকভাৱে মাতৃৰে যৌন সম্পৰ্কৰ স্থাপন কৰি অহাৰ কথা মাতৃগৰাকীয়েও স্বীকাৰ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















