• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫লাখ টকাত ক্ৰয় কৰিব খুজিছিল চাৰ্কাছ দলে, তিনি ফুটৰ গণেশ এতিয়া MBBS ডাক্তৰ! ৭২শতাংশ শাৰীৰিক অক্ষমতাৰে কেনেকৈ চিকিৎসক হ’ল গণেশ?

৫লাখ টকাত ক্ৰয় কৰিব খুজিছিল চাৰ্কাছ দলে, তিনি ফুটৰ গণেশ এতিয়া MBBS ডাক্তৰ! ৭২শতাংশ শাৰীৰিক অক্ষমতাৰে কেনেকৈ চিকিৎসক হ’ল গণেশ?

3 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫লাখ টকাত ক্ৰয় কৰিব খুজিছিল চাৰ্কাছ দলে, তিনি ফুটৰ গণেশ এতিয়া MBBS ডাক্তৰ! ৭২শতাংশ শাৰীৰিক অক্ষমতাৰে কেনেকৈ চিকিৎসক হ’ল গণেশ?

৫লাখ টকাত ক্ৰয় কৰিব খুজিছিল চাৰ্কাছ দলে, তিনি ফুটৰ গণেশ এতিয়া MBBS ডাক্তৰ! ৭২শতাংশ শাৰীৰিক অক্ষমতাৰে কেনেকৈ চিকিৎসক হ’ল গণেশ?

editor by editor
December 7, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৫লাখ টকাত ক্ৰয় কৰিব খুজিছিল চাৰ্কাছ দলে, তিনি ফুটৰ গণেশ এতিয়া MBBS ডাক্তৰ! ৭২শতাংশ শাৰীৰিক অক্ষমতাৰে কেনেকৈ চিকিৎসক হ’ল গণেশ?
0
SHARES
594
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চাৰ্টৰ ওপৰত হাস্পতালত চিকিৎসকে পৰিধান কৰা বগা এপ্ৰন৷ ডিঙিত ষ্টেথ’স্কোপ৷ গুজৰাটৰ ভাৱনগৰৰ ছাৰ টি জেনেৰেল হাস্পতালত ট্ৰমা চেণ্টাৰত ৰোগী চোৱাচিতা কৰাত তেওঁ ব্যস্ত৷ তেওঁ নিজে ৰোগীক চোৱাৰ লগতে দুজন ইণ্টাৰ্ণকো প্ৰয়োজনীয় দিহা দি আছে৷ ষ্ট্ৰেচাৰতকৈ চিকিৎসক চাপৰ সেইবাবেই ৰোগীৰ পৰিয়ালে বাৰে বাৰে চিকিৎসকক ঘূৰি চাইছে৷ তেওঁ আন কোনো নহয় তেওঁ হৈছে চিকিৎসক গণেশ বৰইয়া৷ বয়স ২৫ বছৰ৷ উচ্চতা ৩ ফুট আৰু তেওঁ এমবিবিএছ পাছ কৰা এগৰাকী চিকিৎসক৷

শৰীৰৰ ৭২ শতাংশ অক্ষমতাক লৈয়েই তেওঁ পঢ়াশুনা কৰি চিকিৎসক হৈছে৷ নিৰক্ষৰ কৃষক পিতৃৰ সপোন পূৰণ কৰিছে  চিকিৎসক গণেশে৷ ভাৱনগৰৰ গোৰখি গাওঁৰ দৰিদ্ৰ পৰিয়ালত জন্ম গণেশৰ৷ পিতৃ-মাতৃৰ অষ্টম সন্তান আৰু প্ৰথম পুত্ৰ৷ আৰম্ভণিৰে পৰাই এই পুত্ৰক লৈ বহু সপোন দেখিছিল পৰিয়ালে৷ কিন্তু জন্মৰ পৰা গণেশ বামন৷ গ্ৰোথ হৰমনৰ অভাৱত চলাফিৰাতো সমস্যা তেওঁৰ বিস্তৰ৷ ৰোগ ধৰা পৰাৰ পাছত তেওঁক লৈ পৰিয়ালত যি আশা ভৰসা আহিছিল সেই আশা হঠাৎ ভাঙি পৰে৷ কিন্তু নিজৰ পুত্ৰক কেনেকৈ অৱহেলা কৰিব?

গণেশে জনায় যে ১০ বছৰ বয়সত তেওঁক ক্ৰয় কৰিবলৈকো আহিছিল চাৰ্কাছৰ দলৰ কেইজনমান সদস্য৷ পিতৃক পাঁচ লাখ টকা দি তেওঁক ক্ৰয় কৰিব খুজিছিল চাৰ্কাছ দলে৷ তেওঁলোকে জনাই দিছিল যে চাৰ্কাছ দলৰ সৈতে কাম কৰাক বাদ দি গণেশৰ আৰু কোনো ভৱিষ্যৎ নাই৷ সেই দিনা কিছু গণেশৰ পিতৃয়ে লৈছিল বিশেষ সিদ্ধান্ত৷ পাঁচ লাখ কৰা উভতাই দি পুত্ৰক নিদিও বুলি উভতাই পঠিয়াইছিল চাৰ্কাছ দলৰ সদস্যসকলক৷ একমাত্ৰ পুত্ৰক তেওঁলোকে এনেকৈ হেৰুওৱাব খোজা নাছিল বাবেই উভতাই দিছিল চাৰ্কাছ দলটোক৷ গণেশক চাৰ্কাছ দলত দিয়াৰ সলনি পিতৃয়ে কোলাত লৈ স্কুললৈ অনানিয়া কৰিছিল৷ পিতৃৰ এই কৰ্মই প্ৰত্যাশা জন্ম দিছিল গণেশৰ মনত৷ গণেশে বুজি উঠিছিল অক্ষমতাক সংগী কৰি আগন্তুক দিনত তেওঁ পঢ়াশুনাৰ ক্ষেত্ৰত আগুৱাই যাব৷ শাৰীৰিক উচ্চতা নাবাঢ়িলেও শিক্ষাৰ উচ্চতাৰে তেওঁ ওখ হ’ব৷

আকাশ চোৱাৰ সপোন সেইদিনাই দেখিছিল গণেশে৷ অৰ্থাৎ ১০ বছৰ বয়সতে নিজক প্ৰতিষ্ঠা কৰাৰ সপোন দুচকুত গণেশৰ৷ গণেশে কয়, ‘চলাফিৰাৰ বাবে মোক কাৰোবাৰ কান্ধৰ দৰকাৰ হ’ব মই সৰুতেই বুজি উঠিছিলো৷ জীৱনৰ বাটত মোক বহুতেই সহায় কৰিছে৷ সহায় অবিহনে মই ইমান দূৰ আগুৱাব নোৱাৰিলোহেতেন৷’

ভাৱনগৰ জেনেৰেল হাস্পতালৰ বণ্ডেড মেডিকেল অফিচাৰ ক্লাছ-২ গণেশ৷ ২৬ নৱেম্বৰত তেওঁ নিয়োগপত্ৰ পাইছে৷ তেওঁ এই সন্দৰ্ভত কয়, ‘মই এতিয়াও বিশ্বাস কৰিব পৰা নাই বাস্তৱক৷’ কাৰণ তেওঁ প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষিত আসনত তেওঁ চিকিৎসকৰ প্ৰৱেশিকা পৰীক্ষাত পাছ কৰিছে ৭ বছৰ পূৰ্বে৷ অৰ্থাৎ ২০১৮ চনত৷ তাক পিছত চিকিৎসক হোৱাৰ এই যাত্ৰাত পদে পদে বাধা আহিছে৷ সহজে কতোৱেই তেওঁ আগুৱাব পৰা নাই৷ প্ৰথম বাধা আহিছিল জাতীয় মেডিকেল কাউন্সিলৰ পৰা৷ কোৱা হৈছিল গণেশৰ শাৰীৰিক অক্ষমতা চিকিৎসক হোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধক৷ গোচৰ গৈছিল আদালত পৰ্যন্ত৷

গুজৰাট হাইকৰ্টে গণেশৰ আবেদনৰ বিপক্ষে ৰায় দিয়ে৷ জনাই দিয়ে মেডিকেল কাউন্সিলৰ ধাৰণা অমূলক নহয়৷ ইয়াৰ পাছতেই গণেশে আৰু আশা ৰখা নাছিল৷ গণেশে ভাৱিছিল চিকিৎসক হোৱাৰ সপোনত ইতি টানি বাস্তৱত মন দিয়াই শ্ৰেয়৷ তেওঁ ভাৱিছিল সকলো বাদ দি বি এছ চি পঢ়াৰ কথা৷ কিন্তু সেই সময়তে তেওঁৰ কাষত থিয় দিয়ে স্কুলৰ ডাইৰেক্টৰ চিকিৎসক দলপৎ কাটাৰিয়া৷ গণেশক নজনোৱাকৈয়ে তেওঁ নিজেই তেওঁৰ গোচৰটো ছুপ্ৰিম কৰ্টলৈ লৈ যায়, অৰ্থাৎ ছুপ্ৰিম কৰ্টত আবেদন জনায়৷ শীৰ্ষ আদালতে গণেশৰ পক্ষে ৰায় দিয়ে সেই বছৰেই৷ তাৰপিছৰে পৰাই চিকিৎসক কাটাৰিয়াক মেণ্টৰ হিচাপে মানে গণেশে৷

ডাক্তৰি পঢ়াৰ যাত্ৰা তেওঁৰ আৰম্ভ হল৷ ভাৱনগৰ মেডিকেল কলেজত ভৰ্তিও হ’ল গণেশ৷ কিন্তু আকৌ ধাক্কা৷ প্ৰথম ছেমিষ্টাৰৰ লিখিত পৰীক্ষাত পাছেই কৰিব নোৱাৰিলে গণেশে৷ বাকীসকলৰ সৈতে প্ৰতিযোগিতাত তেওঁ পিছুৱাই গল৷ সময়ত উত্তৰ লিখি শেষ কৰিব নোৱাৰিলে গণেশে৷ গণেশে এই সন্দৰ্ভত কৈছে, ‘দীৰ্ঘ উত্তৰ মই নিৰ্ধাৰিত সময়ৰ ভিতৰত লিখি শেষ কৰিব নোৱাৰিলো৷ বিধ্বস্ত হৈ পৰিছিলো৷ কিন্তু চিকিৎসক কাটাৰিয়াই মোৰ চিনিয়ৰসকলৰ সৈতে কথা পাতে৷ মোক উত্তৰ লিখিবলৈ কিছু সময় বঢ়াই দিয়ে৷ প্ৰায় এঘণ্টা সময় বঢ়াই দিয়ে৷ এম বিবিএছৰ বাকী চেমিষ্টাৰসমূহত অৱশ্যে মই বিফল হোৱা নাই৷ প্ৰথম সুযোগতেই পাছ কৰিছো৷ ইয়াক পূৰ্বে কেতিয়াও এম বিবিএছত কাকোৱেই লিখাৰ সময় বঢ়াই দিয়াৰ ৰেকৰ্ড নাই৷’ যিসকল তেওঁৰ কাষত থিয় দিছে প্ৰত্যেকজনৰ ওচৰতেই কৃতজ্ঞ গণেশ৷ তেওঁ কয়, ‘মই সাফল্য লাভ কৰিছো কাৰণ বহু মানুহে মোৰ কাষত সহায় হৈ থিয় দিছে৷ সকলোতকৈ গুৰুত্বপূৰ্ণ মানুহজনেই হৈছে কাটাৰিয়া ছাৰ৷ তেওঁ মোৰ হৈ আইনী যুঁজ কৰি মোক চিকিৎসক হোৱাত সহায় কৰিছে৷’
গণেশৰ সৈতে ভাৱনগৰৰ সেই হাস্পতালত তেওঁৰ দুজন সহপাঠীয়েও যোগ দিছে৷ তেওঁলোকৰ এজনে সংবাদমাধ্যমৰ আগত কৈছে, ‘এম বিবিএছৰ ক্লাছত প্ৰথম যেতিয়া গণেষ আহিছিল আমি ভাৱিছিলো এই শিশুটো কেনেকৈ আহিল? ক্লাছৰ সকলোৰে সৈতে মিলি পৰিলেও গণেশক মানি লবলৈ সময় লাগিছিল আমাৰ৷ তাৰপিছতেই লাহে লাহে গণেশ আমাৰ খুবেই ভাল বন্ধু হৈ পৰিল৷ তেওঁক আমি গণি বুলি মাতো৷ তেওঁৰ এই যুঁজ অনুপ্ৰেৰণাদায়ক৷ সমস্ত বাধা অতিক্ৰমি তেওঁ আজি চিকিৎসক গণেশ৷’
এম বিবিএছ ডিগ্ৰী গ্ৰহণৰ পাছত এতিয়া এজন চিকিৎসক হৈ চিকিৎসা সেৱা আগবঢ়াবনে আন কিবা প্লেন আছে গণেশৰ সেই প্ৰশ্ন গণেশক কৰিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ এজন সাংবাদিকে৷ তেতিয়া গণেশে কয় যে ৰোগীয়ে তেওঁক দেখি দ্বিধাগ্ৰস্থ হয়৷ স্বাভাৱিকভাৱেই তেনে পৰিস্থিতি হ’বই৷ সেয়ে চিকিৎসক কাটাৰিয়াই তেওঁক ইউপিএছচি দি প্ৰশাসনিক সেৱাত যোগ দিয়াৰ পৰামৰ্শ দিছে৷ কিন্তু তেওঁ বৰ্তমান স্নাতকোত্তৰ স্তৰৰ পঢ়াশুনা আগুৱাই নিয়াতহে আগ্ৰহী৷’ গণেশে তেওঁৰ মন্তব্যত লগতে কৈছে, ‘অস্ত্ৰোপচাৰৰ বাবে শাৰীৰিকভাৱে দক্ষ চিকিৎসকৰ প্ৰয়োজন৷ কিয় মই জানিশুনি কোনো ৰোগীৰ জীৱন সংকটলৈ থেলি দিম৷ অস্ত্ৰোপচাৰৰ কাম মই নকৰো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
বানত ভাঁহিছিল মঙ্গলো! কিমান দিনলৈকে প্ৰাণ আছিল পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙ্গলত? নিশ্চিহ্ন হ’ল কেতিয়া? কি কৈছে নতুন গৱেষণাই?

বানত ভাঁহিছিল মঙ্গলো! কিমান দিনলৈকে প্ৰাণ আছিল পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙ্গলত? নিশ্চিহ্ন হ’ল কেতিয়া? কি কৈছে নতুন গৱেষণাই?

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.