অসম লাইভ২৪ঃ ১৬ হাজাৰৰো অধিক হাৰ্টৰ ৰোগীক তেওঁ সুস্থ কৰি তুলিছে। হাৰ্টৰ চিকিৎসাৰ বাবে তেওঁৰ চেম্বাৰত শাৰী পাতে ৰোগীয়ে। কিন্তু ৰোগীক সুস্থ কৰি কৰি নিজেই হঠাতেই হেৰাই গ’ল চিকিৎসক গৌৰৱ গান্ধী। হৃদৰোগতেই মৃত্যুক আঁকোৱালী ল’লে চিকিৎসক গৌৰৱে। গুজৰাটৰ জামানগৰৰ বাসিন্দা আছিল ৪১ বছৰীয়া গৌৰৱ।
সোমবাৰে নিশা অইন দিনাৰ দৰে হাস্পতালত ৰোগী চাই ঘৰলৈ উভতিছিল চিকিৎসক গৌৰৱ। পৰিবাৰৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰি শুৱলৈ গ’ল। তেতিয়ালৈ সকলো ঠিকেই আছিল। কিন্তু মঙলবাৰে পুৱা ৬ মান বজাত হঠাতেই বুকুত বিষ অনুভৱ কৰাৰ কথা পত্নীক জনায়। পত্নীয়ে লগে লগেই তেওঁক জি জি হাস্পতাললৈ লৈ যায়। হাস্পতালত চিকিৎসকে গৌৰৱক মৃত ঘোষণা কৰে। হাস্পতালত যোৱাৰ পথতেই শেষ নিশ্বাস ত্যাগ কৰে চিকিৎসক গৌৰৱে। শৰীৰটো পোষ্টমৰ্টেম কৰাৰ পাছতেই চিকিৎসকে হৃদৰোগত মৃত্যু হোৱা বুলি পৰিয়ালক জনায়।
উল্লেখ্য যে, চিকিৎসক হিচাপে বেছ নামজ্বলা চিকিৎসকেই আছিল গৌৰৱ। তেওঁৰ মৃত্যুৰ পাছতেই হাস্পতালৰ বাহিৰত তেওঁক শেষবাৰৰ বাবে এবাৰ চাবলৈকে বহু লোকে ভীৰ কৰে। হাস্পতালৰ বাহিৰত তেওঁ পূৰ্বে চিকিৎসা কৰি সুস্থ কৰি তোলা বহুতেই কান্দোনত ভাঙি পৰিছে। জামানগৰৰ জনপ্ৰিয় হাৰ্টৰ চিকিৎসক গৌৰৱে জামানগৰতেই পঢ়াশুনা কৰিছিল। তাৰপিছত তেওঁ চিকিৎসক লৈ জামনগৰতেই কৰ্মজীৱন আৰম্ভ কৰিছিল। সামাজিক মাধ্যমতো চিকিৎসক গৌৰৱে ‘হল্ট হাৰ্ট এটেক’ সম্পৰ্কে সচেতনতামূলক বাৰ্তাও প্ৰচাৰ কৰিছিল। কেনেকৈ হাৰ্ট এটেকৰ পৰা ৰক্ষা পাব সেই বিষয়েই বিভিন্ন পৰামৰ্শ আগবঢ়াই আহিছিল গৌৰৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ