সম্পৰ্কবোৰ সদায় পৰস্পৰৰ বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। সংগীৰ মাজত বিশ্বাস থাকিলেহে যিকোনো সম্পৰ্ক ভাল হ’ব পাৰে বুলি বিশ্বাস কৰা হয়।
কিন্তু, এগৰাকী প্ৰেমিকাই প্ৰেমিকৰ ওপৰত বিশ্বাস টুটি অহাৰ ফলত কিছুমান কঠোৰ নিয়ম প্ৰৱৰ্তন কৰিছে৷ ইতিমধ্যে সামাজিক মাধ্যমত এই সম্পৰ্কীয় এটা ভিডিঅ’ ভাইৰেল হৈছে৷
প্ৰেমিকগৰাকীয়ে প্ৰেমিকক নিয়ন্ত্ৰণ কৰিবলৈ অতি কঠোৰ ৮ টা নিয়ম প্ৰণয়ন কৰিছে। সামাজিক মাধ্যমত এই আঠটা নিয়ম ভাইৰেল হোৱাৰ পিছতে এতিয়া ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে। ইতিমধ্যে ভিডিঅ’টোক ৩০ লাখ লোক দৰ্শন কৰিছে৷
লগতে পঢ়ক শ্বেয়াৰ বজাৰত পতন আৰু দেশৰ ভৱিষ্যৎ
প্ৰেমিকাগৰাকীৰ অনুৰাগীসকলে ভিডিঅ’টো চাই সামাজিক মাধ্যমত বিভিন্ন মতামত ব্যক্ত কৰা দেখা গৈছে। কিছুমানে তেওঁক প্ৰশংসা কৰিলেও আন কিছুমানে তাইক ট্ৰল কৰাও দেখা গৈছে।
ভিডিঅ’টোত নিজৰ নিয়মবোৰ বুজাই ছোৱালীজনীয়ে কৈছে যে ‘‘আজি মই আপোনালোকক কিছুমান বিতৰ্কিত নিয়মৰ বিষয়ে ক’ম যিবোৰ মই মোৰ প্ৰেমিকে মানি চলিব লাগিব।’’
লগতে পঢ়ক হঠাতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ, কিয় পদত্যাগ কৰিলে বিপ্লৱ কুমাৰ দেৱে?
এই আঠটা নিয়ম কি কি?
১. তুমি যিসকল ছোৱালীৰ সৈতে ৰোমান্টিক কথা পাতিছা সেই সকলো ছোৱালীক ব্লক কৰিব লাগিব।
২. যি দিনাৰ পৰা মোৰ সৈতে ডেটিং আৰম্ভ কৰিছা সেইদিনাৰ পৰাই আন কোনো ছোৱালীক অনুসৰণ কৰিব নোৱাৰিবা।
৩. অনলাইন চাইটত ছোৱালী বিচাৰিব নোৱাৰিবা।
৫. ছোৱালীৰ ফ’টোত ৰিয়েক্ট কৰিব নোৱাৰিবা। আৰু কাৰো ষ্ট’ৰীত উত্তৰ দিব নোৱাৰিবা।
লগতে পঢ়ক বাওঁপন্থী নেতা তথা শিক্ষকৰ কু-কৰ্ম! ৬০ ছাত্ৰীক যৌন নিৰ্যাতন কৰি হ’ল গ্ৰেপ্তাৰ
৬. এক্সপ্ল’ৰ পেজটো স্ক্ৰ’ল কৰি থাকোতে কোনো ছোৱালীক চাব নোৱাৰিবা।
৭. যদি কোনোবা ছোৱালীয়ে অনবৰতে বিকিনিৰ ফ’টো পোষ্ট কৰে তেন্তে তাইক আনফ’ল’ কৰিব লাগিব।
৮. লিংক ট্ৰীত ক্লিক কৰিব নোৱাৰিবা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ