• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বেয়াৰ বজাৰত পতন আৰু দেশৰ ভৱিষ্যৎ

শ্বেয়াৰ বজাৰত পতন আৰু দেশৰ ভৱিষ্যৎ

1 week ago
পাক ৰমনীৰ মোহত বন্দী সেনা জোৱান! গোপনীয় তথ্য সৰ্পি হ’ল গ্ৰেপ্তাৰ

পাক ৰমনীৰ মোহত বন্দী সেনা জোৱান! গোপনীয় তথ্য সৰ্পি হ’ল গ্ৰেপ্তাৰ

1 hour ago
কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ

কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ

2 hours ago
কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?

কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?

4 hours ago
ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

4 hours ago
কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

5 hours ago
দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

6 hours ago
বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

8 hours ago
স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?

স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?

9 hours ago
পকা আম খোৱাৰ আগতে এইবোৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাব

পকা আম খোৱাৰ আগতে এইবোৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাব

1 day ago
অভিনেত্ৰীক যৌন নিগ্ৰহ! পলাতক দক্ষিণৰ তাৰকা বিজয় বাবুৰ পাছপ’ৰ্ট জব্দ

অভিনেত্ৰীক যৌন নিগ্ৰহ! পলাতক দক্ষিণৰ তাৰকা বিজয় বাবুৰ পাছপ’ৰ্ট জব্দ

1 day ago
পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

1 day ago
‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

1 day ago
  • About
  • Advertise
  • Careers
Saturday, May 21, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

শ্বেয়াৰ বজাৰত পতন আৰু দেশৰ ভৱিষ্যৎ

editor by editor
May 14, 2022
in অসম, লেখা
0
শ্বেয়াৰ বজাৰত পতন আৰু দেশৰ ভৱিষ্যৎ
0
SHARES
241
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ যোৱা এপ্ৰিল মাহৰ পৰা ভাৰতৰ শ্বেয়াৰ বজাৰত পতন আৰম্ভ হৈছে। এনে ধাৰাবাহিক পতন অৰ্থাৎ নিম্নগামী ধাৰা অভাৱনীয়। কিন্তু কিয় এই অভাৱনীয় অৱস্থা? ইয়াৰ পূৰ্বে আমি বহুবাৰ উল্লেখ কৰিছো যে, দেশৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থাৰ ওপৰত শ্বেয়াৰ বজাৰ চলি থাকে। অন্য অৰ্থত শ্বেয়াৰ বজাৰে দেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ভৱিষ্যতৰ ইংগিত দিয়ে। গতিকে আমাৰ দেশৰ শ্বেয়াৰ বজাৰে কি ইংগিত দিছে? তলত ইয়াৰ কিছু দিশ আলোচনা কৰা হৈছে।

বৰ্তমান ভাৰতত দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ লগতে দীৰ্ঘম্যাদী ব্যৱহাৰ্য সামগ্ৰীৰো অত্যধিক মূল্য বৃদ্ধি হৈছে। তাৰ পৰিণতিত গ্ৰাহক মূল্য সূচাংক (Consumer Price Index) চমুকৈ চিপিআইৰ হাৰ উদ্বেজনক ভাৱে বৃদ্ধি হৈছে। সাধাৰণ অৰ্থত ইয়েই মুদ্ৰাস্ফীতি। যোৱা মাৰ্চ মাহত ভাৰতত মুদ্ৰাস্ফীতি বা ‘ইনফ্লেচন‘ৰ হাৰ আছিল ৬.৯৫ শতাংশ। মুদ্ৰাস্ফীতিৰ হাৰ ৩.৪৫ শতাংশতকৈ অধিক হ’লে ভাৰতৰ দৰে দেশত বিনিয়োগ প্ৰতিকূল হৈ উঠে। তেনে পৰিবেশত ঘৰুৱা বিনিয়োগকাৰীয়ে বজাৰ অৰ্থনীতি বা দেশৰ অৰ্থনৈতিক ব্যৱস্থাত বিনিয়োগ নকৰে। আৰু নগদ ধন মজুত ৰাখিবলৈ তৎপৰ হয়। ঠিক তেনেদৰে স্থাৱৰ সম্পত্তি ক্ৰয় কৰাৰ কথা চিন্তা কৰে।

 

লগতে পঢ়ক বাওঁপন্থী নেতা তথা শিক্ষকৰ কু-কৰ্ম! ৬০ ছাত্ৰীক যৌন নিৰ্যাতন কৰি হ’ল গ্ৰেপ্তাৰ

সেইবাবে যোৱা মাৰ্চ মাহৰ পৰা ভাৰতৰ শ্বেয়াৰ বজাৰত শ্বেয়াৰ বিক্ৰীৰ প্ৰৱণতা বাঢ়িছে। শ্বেয়াৰ বজাৰৰ ভাষাত এনে পৰিবেশক অ’ভাৰ চেলিং প্ৰেচাৰ বুলি কোৱা হয়। সেইবাবে ঘৰুৱা বিনিয়োগকাৰীয়ে ক্ষীপ্ৰতাৰে শ্বেয়াৰ বিক্ৰী কৰিছে। বহুতে প্ৰ’ফিট বুক কৰাৰ সুবিধা পাইছে যদিও আন বহুতে লোকচানতো শ্বেয়াৰ বিক্ৰী কৰা পৰিলক্ষিত হৈছে। যাৰ বাবে যোৱা তিনিটা ট্ৰেডিং চেছনত ৩৫ লাখ কোটি টকাৰ শ্বেয়াৰ বিনিয়োগকাৰীয়ে লোকচানত বিক্ৰী কৰিছে। অৰ্থাৎ যোৱা ১১,১২ আৰু ১৩ মে’ত ভাৰতৰ ঘৰুৱা বিনিয়োগকাৰীয়ে শ্বেয়াৰ বজাৰত ৩৫ লাখ কোটি টকাৰো অধিক লোকচান ভৰিবলগীয়া হ‘ল। ই দেশৰ অৰ্থনৈতিৰ বাবে শুভ লক্ষণ নহয়।

ধাৰাবাহিক মূল্য বৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতীয় অৰ্থনীতিৰ নিৰ্ভৰযোগ্যতাও বহু হ্ৰাস হৈছে। সেইবাবে বিদেশী বিনিয়োগকাৰীসকলে ভাৰতৰ শ্বেয়াৰ বজাৰত অত্যধিক বিক্ৰী প্ৰৱণতা সৃষ্টি কৰিছে। যোৱা এপ্ৰিল আৰু মে’ মাহত কেৱল আমেৰিকাৰ বিনিয়োগকাৰীয়ে ১৭,৪০৩ লাখ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰিছে। যোৱা জানুৱাৰীৰ পৰা ১৩ মে’লৈ বৈদেশিক বিনিয়োগকাৰীয়ে ভাৰতৰ শ্বেয়াৰ বজাৰত ১,৪৪,৫৬৫ লাখ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰিছে। এনেদৰে বৃহৎ সংখ্যক শ্বেয়াৰ বিক্ৰী হোৱা বাবে আমাৰ দেশৰ শ্বেয়াৰ বজাৰত পতন অবধাৰিত হৈ পৰে।

 

লগতে পঢ়ক যৌন সংক্ৰামক ৰোগ বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? এইবোৰ লক্ষণ দেখা পালে সাৱধান হওক

একে সময়তে ভাৰতীয় মুদ্ৰাৰ মূল্যও বহু হ্ৰাস হৈছে। যোৱা ১৩ মে’ত এক আমেৰিকান ডলাৰৰ মূল্য হৈছে ৭৭.৪৪ টকা। আৰু সেইবাবে আগন্তুক সময়চোৱাত ভাৰতৰ শ্বেয়াৰ বজাৰত অধিক বিক্ৰীৰ চাপ সৃষ্টি হ’ব পাৰে। কিন্তু এইটো দেশৰ বাবে মুঠেই শুভ নহয়। এপ্ৰিল মাহত ভাৰতত মুদ্ৰাস্ফীতিৰ হাৰ ৭.৪০ শতাংশ। ভাৰতৰ দৰে এখন বিকাশশীল ৰাষ্ট্ৰৰ বাবে এই হাৰ উদ্বেজনক। তেনে পৰিবেশত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতীয় অৰ্থনীতিৰ নিৰ্ভৰযোগ্যতাও কম হয়। পৰিস্থিতি অধিক শোচনীয় হ’ব পাৰে বুলি শংকিত হৈ গৰিষ্ঠসংখ্যক বিদেশী বিনিয়োগকাৰীয়ে ভাৰতৰ শ্বেয়াৰ বজাৰ ত্যাগ কৰিছে। ধাৰাবাহিক মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ পৰিণতিত চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাত যি ভয়াৱহ ঘটনা ঘটিব লাগিছে, তাৰবাবেও শংকিত হৈছে বিনিয়োগকাৰী। ভৰতো সেই দিশে আগবাঢ়িছে নেকি?

যোৱ সপ্তাহত ভাৰতীয় শ্বেয়াৰ বজাৰৰ কিছু তথ্যও উল্লেখ কৰা ভাল হ‘ব। এই সময়ছোৱাত শ্বেয়াৰ বজাৰত বঢ়া টুটাৰ অনুপাত ২:৯। অৰ্থাৎ দুটা শ্বেয়াৰ বঢ়াৰ বিপৰীত ন টা শ্বেয়াৰৰ দাম কমিছে। যোৱা সময়চোৱাত ৭৬০ টা কোম্পানীৰ শ্বেয়াৰৰ দাম বাঢ়িছে। নিম্নগামী হৈছে ২৬০১ টা শ্বেয়াৰৰ দাম। ৫৫৩ টা শ্বেয়াৰে ল’ৱাৰ শ্বাৰ্কিত স্পৰ্শ কৰে। অৱশ্যে তাৰ মাজতো বহুকেইটা শ্বেয়াৰত বিনিয়োগ কৰাৰ সুযোগ আহিছে। কিয়নো স্থিতাৱস্থা সৰহ দিনলৈ নাথাকে। তথাপিও কিন্তু শ্বেয়াৰ বজাৰে ভয়াৱহ অৰ্থনৈতিক অৱস্থাৰ ইংগিত দিছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamshare marketshare market advice
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?
চিনেমা

বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

May 21, 2022
আৰক্ষীয়ে FIR পঞ্জীয়ন কৰা নাই নেকি? তেনে ক্ষেত্ৰত কি কৰিব আপুনি?   
ভাৰত

আৰক্ষীয়ে FIR পঞ্জীয়ন কৰা নাই নেকি? তেনে ক্ষেত্ৰত কি কৰিব আপুনি?  

May 19, 2022
জঘন্য কাণ্ড! গৰু পোৱালিক ধৰ্ষণ কৰি  ত্ৰিপুৰাত গ্ৰেপ্তাৰ হ’ল অসমৰ যুৱক
উত্তৰ-পূব

জঘন্য কাণ্ড! গৰু পোৱালিক ধৰ্ষণ কৰি ত্ৰিপুৰাত গ্ৰেপ্তাৰ হ’ল অসমৰ যুৱক

May 18, 2022
অৰুণাচলৰ পৰা পলুৱাই আনিলে কিশোৰীক, বাল্য বিবাহকলৈ উত্তপ্ত অসমৰ এখন গাঁও
উত্তৰ-পূব

অৰুণাচলৰ পৰা পলুৱাই আনিলে কিশোৰীক, বাল্য বিবাহকলৈ উত্তপ্ত অসমৰ এখন গাঁও

May 16, 2022
Next Post
কোন হ’ল ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী?

কোন হ’ল ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী?

প্ৰেমিকক নিয়ন্ত্ৰণৰ বাবে ৮ টা কঠোৰ নিয়ম প্ৰেমিকাৰ! কি কি এই নিয়মসমূহ?

প্ৰেমিকক নিয়ন্ত্ৰণৰ বাবে ৮ টা কঠোৰ নিয়ম প্ৰেমিকাৰ! কি কি এই নিয়মসমূহ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.