হঠাতে পদত্যাগ কৰিলে ত্ৰিপুৰাৰ বিজেপি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে। ইতিমধ্যে বিপ্লৱ কুমাৰ দেৱে ৰাজ্যপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে৷
হঠাতে বিজেপি শাসিত ৰাজ্য ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কিয় হঠাতে পদত্যাগ কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷
আনহাতে, বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশতে বিপ্লৱ কুমাৰ দেৱে পদত্যাগ কৰাৰ ইংগিত পোৱা গৈছে। ৰাজ্যপাল সত্যনাৰায়ণ আৰ্যৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছত বিপ্লৱ কুমাৰে কয় যে “দলে মোক যি কাম কৰিবলৈ দায়িত্ব দিয়ে মই তাকে কৰিবলৈ সাজু।”
লগতে পঢ়ক যৌন সংক্ৰামক ৰোগ বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? এইবোৰ লক্ষণ দেখা পালে সাৱধান হওক
ইফালে বিপ্লৱ কুমাৰ দেৱে হঠাতে পদত্যাগ কৰাৰ পিছতে ত্ৰিপুৰাৰ ৰাজনীতিত নতুন মুখ্যমন্ত্ৰী কোন হ’ব তাকে লৈ জল্পনা-কল্পনাৰ আৰম্ভ হৈছে। অৱশ্যে বিপ্লৱ কুমাৰ দেৱৰ উত্তৰসূৰী কোন হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
উল্লেখ্য যে ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত মাণিক চৰকাৰৰ বাওঁপন্থী চৰকাৰক উৎখাত কৰি বিজেপিয়ে ত্ৰিপুৰা দখল কৰাৰ পিছতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই বিপ্লৱ কুমাৰ দেৱক মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰোৱাইছিল।
বিপ্লৱ কুমাৰ দেৱে আগন্তুক দিনত বিজেপিয়ে তেওঁক দলৰ সাংগঠনিক কামৰ দায়িত্ব দিব বুলিও দাবী কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ