কেৱল আজৱ ঘটনাই নহয়, এক প্ৰকাৰৰ আসুৰিক কাৰবাৰো! এই আসুৰিক কাণ্ডটোৰ ভুক্তভোগীজন হৈছে ওড়িশাৰ গঞ্জাম জিলাৰ ব্ৰহ্মপুত্ৰ এলেকাৰ৷
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি উক্ত লোকজনে গুজৰাটৰ চুৰাটত কৰ্মৰত আছিল৷ এদিন ৰাতি লোকজনে বন্ধুসকলৰ সৈতে সুৰাৰ পাৰ্টিত মদ্যপান কৰি আছিল৷ উক্ত পাৰ্টিটোত মদ্যপান কৰা তেওঁৰ বন্ধুসকলে তেওঁৰ লগত এক আসুৰিক কাণ্ড সংঘটিত কৰিলে৷
বন্ধুকসকলে নিচাগ্ৰস্ত অৱস্থাতে লোকজনৰ মল্লদ্বাৰেদি ঠেলি এটা ষ্টীলৰ গিলাচ ভিতৰলৈ সুমুৱাই দিয়ে৷ পাৰ্টিৰ নিশা সুৰাৰ ৰাগীত লোকজনে সেয়া অনুভৱ কৰিব পৰা নাছিল৷ কিন্তু পিছদিনাৰ পৰাই তেওঁৰ অন্ত্ৰৰ তলৰ অংশত প্ৰচণ্ড বিষ আৰম্ভ হয়৷ সময় যোৱাৰ লগে লগে তেওঁৰ বিষ বৃদ্ধি হৈ গৈ থাকে৷
লগতে পঢ়ক পুৰুষৰ যৌন সংগী ৪ গৰাকীৰ বিপৰীতে মহিলাৰ যৌন সংগী কিমান? ৰৌটোকে ঢৌ কৰা হৈছে নেকি?
এই বিষ সম্পৰ্কে তেওঁ বন্ধুসকলক অৱগত কৰাৰ বিপৰীতে বিষ অসহ্যকৰ হোৱাত চুৰাটৰ পৰা ওড়িশাৰ নিজ ঘৰলৈ উভতি আহে৷ গঞ্জামস্থিত ঘৰত উপস্থিত হোৱাৰ পিছতে পৰিয়ালৰ লোকৰ আগত এই আসুৰিক কাণ্ডটোৰ বিষয়ে সদৰী কৰে৷
ইয়াৰ পাছত লগে লগে পৰিয়ালৰ লোকে লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱায়৷ এম কে চি জি হাস্পতালত ভৰ্তি কৰোৱাৰ পিছতে আৰক্ষীয়ে এক্স-ৰে কৰিবলৈ দিয়ে৷ এক্স-ৰে প্ৰতিবেদন দেখিয়ে চিকিৎসকসকল স্তম্ভিত হৈ পৰে৷ এক্স-ৰে ৰিপ’ৰ্টত দেখা যায় যে লোকজনৰ মল্লদ্বাৰৰ সন্মুখভাগত এটা ষ্টীলৰ গিলাচ আৱদ্ধ হৈ আছে৷
এক বিৰল অস্ত্ৰোপচাৰৰ জৰিয়তে চিকিৎসকসকলে অন্ত্ৰ কাটি ষ্টীলৰ গিলাচটো উলিয়াই আনিলে। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এতিয়া লোকজনৰ স্বাস্থ্যৰ অৱস্থা লাহে লাহে উন্নত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ