অসম লাইভ ২৪ঃ টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰা লাভলীনাক উৎসাহিত কৰিবৰ বাবে Go for Glory Lovlina- শীৰ্ষক চাইকেল ৰেলী মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰে এই চাইকেল ৰেলী। ৰেলীত অংশগ্ৰহণ কৰে বহু মন্ত্ৰী-বিধায়কে। দিছপুৰ লাষ্ট গেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ আয়োজন কৰা হয় এই চাইকেল ৰেলীৰ। সকলোৰে আশা অলিম্পিকত পদক অৰ্জনেৰে ৰাজ্যবাসীৰ লগতে দেশবাসীত গৌৰাৱান্বিত কৰিব লাভলীনাই। অসম গৌৰৱ লাভলীনা বৰগোঁহাইৰ বাবে ৰাজ্য চৰকাৰৰ এই প্ৰশংসনীয় পদক্ষেপ। লগতে বক্সাৰ তাৰকাগৰাকীক অধিক উজ্জীৱিত কৰাৰ উদ্দেশ্যে শনিবাৰে এগছি বন্তি জ্বলাবলৈ অসমবাসীক আহ্বান জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য, শনিবাৰে অলিম্পিকৰ ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোঁহাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















