হু হুকৈ বাঢ়িছে হালধীয়া ধাতুৰ দাম৷ চলিত বছৰত ১০ গ্ৰামৰ দামেই লাখ টকা চোৱাৰ সম্ভাৱনা আছে৷ কিন্তু জানেনে ডুবাই বা ছৌদী আৰৱতকৈয়ো সস্তাত সোণ পোৱা যায় ভাৰতৰ চুবুৰীয়া এই দেশত৷ ডুবাইতকৈ কম খৰচতেই এই দেশলৈ যাত্ৰা কৰিব পাৰিব আপুনি৷ ভাৰতৰ পশ্চিমবংগৰ সৈতে একেবাৰে সীমান্তত আছে এই দেশ৷
আপুনি সকলোতকৈ সস্তাত সোণ কিনিব পৰা দেশখন হৈছে ভুটান৷ ভুটান এছিয়াৰ আটাইতকৈ শান্তিপূৰ্ণ দেশ৷ প্ৰাকৃতিক সৌন্দৰ্য আৰু সুখী মানুহেৰে পৰিপূৰ্ণ এই দেশ৷ ইয়াতেই সোণত শুল্ক আমাৰ দেশতকৈ বহু কম৷ ভুটানত সোণৰ দাম কম হোৱাৰ কেইবাটাও বিশেষ কাৰণ আছে৷
শুল্কমুক্ত সোণ ক্ৰয়
ভুটানৰ অৰ্থ মন্ত্ৰণালয়ৰ অধীনত পৰিচালিত বিশেষ শুল্কমুক্ত দোকানৰ পৰা আপুনি সোণ ক্ৰয় কৰিব পাৰে৷ পৰ্যটকেও কোনো অতিৰিক্ত চাৰ্জ অবিহনেই এই দোকানসমূহৰ পৰা সোণ কিনিব পাৰে৷ ভুটানত সোণ ক্ৰয় কৰিবলৈ অৱশ্যে কিছুমান চৰ্ত পৰ্যটকে পূৰণ কৰিব লাগে৷ কমপক্ষেও এনিশা হোটেলত থাকিব লাগিব গ্ৰাহক৷ ক্ৰেতাসকলে তেওঁলোকে ক্ৰয় কৰা সোণৰ এখন চৰকাৰী ৰচিদ সংগ্ৰহ কৰিব লাগিব৷ যদি কোনো ব্যক্তিয়ে ভূটানত সোণ কিনিব খোজে তেন্তে তেওঁলোকে তাত মাৰ্কিন ডলাৰত অৰ্থ প্ৰদান কৰিব লাগিব৷ অৱশ্যে ভাৰতীয় পৰ্যটকে অতিৰিক্ত সুবিধা ভোগ কৰিব পাৰিব৷ ভাৰতীয় পৰ্যটকে কেৱল ১২০০-১৮০০ SDF দিব লাগিব৷ সাম্প্ৰতি বছৰসমূহত ভুটানত সোণ ক্ৰয় কৰিবলৈকে বহু মানুহে যাত্ৰা কৰাও পৰিলক্ষিত হৈছে৷
আজিৰ তাৰিখত যদি চোৱা হয় তেন্তে ভুটানত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ দাম ৮,৩৭৬.৬১/ বিটিএন৷ প্ৰতি ৮ গ্ৰামত ৬৭,০১২.৮৯/- বিটিএন। ১০ গ্ৰামৰ দাম ৮৩,৭৬৬.১১-বিটিএন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ