চৰকাৰীৰ আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীলৈ ভাল খবৰ, লগতে গ্ৰেড৩-গ্ৰেড৪ সন্দৰ্ভতো বিশেষ মন্তব্য মুখ্যমন্ত্ৰীৰ
চৰকাৰীৰ আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীলৈ ভাল খবৰ, লগতে গ্ৰেড৩-গ্ৰেড৪ সন্দৰ্ভতো বিশেষ মন্তব্য মুখ্যমন্ত্ৰীৰ
পুনৰ সামাজিক মাধ্যম ফেচবুক যোগে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখী পথত ফেচবুক লাইভ আহি কেইবাটাও তথ্য সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। সদৰি কৰা অনুসৰি চৰকাৰী কৰ্মচাৰী আৰু চৰকাৰী পৰীক্ষাৰ পৰীক্ষাৰ্থী সকললৈ খবৰ ।
চৰকৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ, ৫ দিন একেলেঠাৰিয়ে বন্ধ পাব চৰকাৰী কৰ্মচাৰীসকলে। পিতৃ-মাতৃৰ বন্দনাৰ বাবে পাব একেলেথাৰিয়ে ৫ দিনৰ বন্ধ। ৭ নৱেম্বৰৰ পৰা ১১ নৱেম্বৰলৈ পাব এই বন্ধ। ৭ আৰু ৮ নৱেম্বৰ তাৰিখে মাতৃ-পিতৃ বন্দনাৰ বাবে বন্ধ। ৯ নৱেম্বৰত ষঠ্ পূজা ।
মাতৃ-পিতৃ বন্দনাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ স্বত্বাধীকাৰ সকললৈয়ো আহ্বান। কৰ্মচাৰী সকলকো বেতন কৰ্তন নকৰাকৈ এই সুবিধা প্ৰদান কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ৭ আৰু ৮ তাৰিখে একেলগে বন্ধ দিয়াৰ আহ্বান ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী সকলকো।
আনহাতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে আহি গ’ল চৰকাৰৰ নতুন ঘোষণা। APSC পদ্ধতিৰে নহয়, পূৰ্বৰ পদ্ধতিৰেই অনুষ্ঠিত হ’ব পৰীক্ষা। কিয় এ পি এছ চি পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আলোচনা কৰিছিল, সেই সন্দৰ্ভতো বিতং তথ্য দাঙি ধৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, পৰীক্ষা হে প্ৰশাসনিক পৰীক্ষাৰ পদ্বতিৰে অনুষ্ঠিত কৰাৰ আলোচনা কৰিছিল। পৰীক্ষাত প্ৰশ্ন পদ অনুসৰিয়েই থাকিল হেতেন। লগতে ইয়াকো কয় যে, এইদৰে পৰীক্ষা পতাৰ মুখ্য কাৰণেই হৈছে পদ অনুসৰি প্ৰাৰ্থী অধিক। ৩ হাজাৰ পদৰ বিপৰীতে ১১ লাখ প্ৰাৰ্থী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ