• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

48 minutes ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

3 minutes ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

35 minutes ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

3 hours ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

4 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

4 hours ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

5 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

7 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

20 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

20 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

21 hours ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

22 hours ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

ভাৰতে বিভিন্ন দেশৰ পৰা বছৰি প্ৰায় ৮০০ৰ পৰা ৯০০ টন সোণ আমদানি কৰে

editor by editor
June 25, 2026
in প্ৰযুক্তি, বাণিজ্য, বিবিধ, ভাৰত
0
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান
0
SHARES
312
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত সোণৰ প্ৰতি মানুহৰ আকৰ্ষণ যুগে যুগে চলি আহিছে। ধনী হওক বা দৰিদ্ৰ, সকলোৱে সোণক বিশেষ মূল্যৱান সম্পদ হিচাপে গণ্য কৰে। গহনা নিৰ্মাণৰ উপৰিও বহুতে ইয়াক বিনিয়োগৰ এক নিৰাপদ মাধ্যম হিচাপে গণ্য কৰে। বিশ্বৰ কেন্দ্ৰীয় বেংকসমূহেও অৰ্থনৈতিক স্থিৰতা বজাই ৰাখিবলৈ সোণৰ ভঁৰাল সংৰক্ষণ কৰে।

ভাৰতত সোণৰ নতুন ভঁৰালৰ সন্ধান

অন্ধ্ৰপ্ৰদেশত শেহতীয়াকৈ নতুন সোণৰ ভঁৰাল আৱিষ্কাৰ হোৱাত ৰাজ্যখনৰ লগতে সমগ্ৰ দেশজুৰি উৎসাহৰ সৃষ্টি হৈছে। ইতিমধ্যে খনন কাৰ্যও আৰম্ভ হৈছে। বিশেষজ্ঞসকলৰ মতে, এই অঞ্চলৰ আশে-পাশেও অধিক সোণৰ ভঁৰাল থকাৰ সম্ভাৱনাক উলাই কৰিব নোৱাৰি। এই খবৰটোৱে ভাৰতৰ সোণ উৎপাদন আৰু খনিজ সম্পদৰ ভৱিষ্যৎ সম্পৰ্কে নতুন আশাৰ সঞ্চাৰ কৰিছে। শেহতীয়াকৈ ৰাজ্যখনত নতুন সোণৰ ভঁৰাল আৱিষ্কাৰ হোৱাৰ খবৰে দেশৰ অৰ্থনীতিলৈ এক সম্ভাৱনাময় দিশ উন্মোচন কৰিছে।

কৰ্ণাটক: ভাৰতৰ সোণ উৎপাদনৰ শক্তিকেন্দ্ৰ

কৰ্ণাটকক ভাৰতৰ সৰ্ববৃহৎ সোণ উৎপাদক ৰাজ্য হিচাপে বিবেচনা কৰা হয়। দেশত উৎপাদিত মুঠ সোণৰ প্ৰায় ৯৯ শতাংশ কৰ্ণাটকৰ পৰাই আহে। কৰ্ণাটকৰ দুটা উল্লেখযোগ্য সোণৰ খনি হৈছে হট্টি সোণৰ খনি আৰু কোলাৰ সোণৰ খনি। হট্টি সোণৰ খনি ৰায়চুৰ জিলাত অৱস্থিত। হট্টি সোণৰ খনিখন ভাৰতৰ একমাত্ৰ সক্ৰিয় বাণিজ্যিক সোণৰ খনি। ১৯০২ চনৰ পৰা ইয়াত খনন চলি আহিছে। বৰ্তমান প্ৰতিবছৰে ইয়াৰ পৰা প্ৰায় ১.৫ৰ পৰা ২ টন সোণ উৎপাদন কৰা হয়। আনহাতে বিশ্বৰ আটাইতকৈ গভীৰ খনিসমূহৰ ভিতৰত অন্যতম কোলাৰ সোণৰ খনিত ১৮৮০ চনত বৃটিছ শাসনকালত বৃহৎ পৰিসৰত খনন আৰম্ভ হৈছিল। প্ৰায় ১২১ বছৰ ধৰি চলা খনন কাৰ্যৰ পিছত ২০০১ চনত সোণৰ ভঁৰাল হ্ৰাস আৰু অধিক ব্যয়ৰ বাবে ইয়াক বন্ধ কৰা হয়। ইয়াৰ পৰা মুঠ প্ৰায় ৮০০ টন সোণ আহৰণ কৰা হৈছিল।

অন্ধ্ৰ প্ৰদেশ: সোণ উৎপাদনৰ নতুন আশা

অন্ধ্ৰ প্ৰদেশ ইতিমধ্যে দেশৰ অন্যতম সোণ উৎপাদক ৰাজ্য হিচাপে বিবেচিত হৈছে। লগতে নতুন আৱিষ্কাৰৰ ফলত ৰাজ্যখনক লৈ অধিক আশাবাদী হৈছে চৰকাৰ আৰু বিশেষজ্ঞসকল। ৰাজ্যখনৰ কুৰ্নুল জিলাৰ জোন্নাগিৰিত প্ৰায় ৫০ টন সোণৰ ভঁৰাল থকাৰ অনুমান কৰা হৈছে। স্বাধীন ভাৰতৰ প্ৰথম ব্যক্তিগত সোণ খনি হিচাপে পৰিচিত এই প্ৰকল্পৰ লক্ষ্য হৈছে বছৰি প্ৰায় ১ টন সোণ উৎপাদন কৰা। আনহাতে ৰাজ্যখনৰ অনন্তপুৰ জিলাৰ ৰামগিৰি সোণৰ খনিত বহু বছৰ ধৰি খনন চলিছিল। যদিও বৰ্তমান এই খনিটোৰ কাৰ্যকলাপ কিছু মন্থৰ, তথাপি ইয়াত পুনৰ বৃহৎ পৰিসৰত উৎপাদনৰ সম্ভাৱনা আছে।

কুপ্পামত নতুন আৱিষ্কাৰ

ভাৰতীয় ভূতাত্ত্বিক জৰীপ সংস্থাই চিত্তূৰ জিলাৰ কুপ্পাম অঞ্চলত নতুন সোণৰ ব্লক চিনাক্ত কৰিছে। প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি ইয়াত যথেষ্ট পৰিমাণৰ সোণ মজুত আছে।
বৰ্তমান অন্ধ্ৰ প্ৰদেশৰ সোণ উৎপাদন সীমিত যদিও নতুন খনি আৰু নিলাম প্ৰক্ৰিয়াৰ ফলত বছৰি প্ৰায় ০.৫ টন সোণ উৎপাদনৰ সম্ভাৱনা দেখা গৈছে। ভৱিষ্যতে এই পৰিমাণ অধিক বৃদ্ধি পাব পাৰে।
ভাৰতে বছৰি প্ৰায় ১.৬ৰ পৰা ২.২ টন সোণ উৎপাদন কৰে। চাহিদা হিচাপে উৎপাদন কম হোৱাৰ বাবে ভাৰতে ৯৮% আমদানিৰ ওপৰতে নিৰ্ভৰ কৰে। ভাৰতে বছৰি প্ৰায় ৮০০ৰ পৰা ৯০০ টন সোণ বিভিন্ন দেশৰ পৰা আমদানি কৰে। ভাৰতে আমদানি কৰা মুখ্য দেশসমূহৰ ভিতৰত ছুইজাৰলেণ্ড, ইউএই আৰু দক্ষিণ আফ্ৰিকাই প্ৰধান।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24gold
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে
বিশ্ব

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

June 25, 2026
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?
বিবিধ

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

June 25, 2026
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা
ভাৰত

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

June 25, 2026
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?
বিনোদন

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

June 25, 2026
Next Post
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.