• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

2 months ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

2 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

3 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

4 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

4 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

5 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

6 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

6 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

7 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

8 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

8 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

9 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

নাৰিকল গছ সাগৰৰ ফালে কিয় হালি থাকে?

editor by editor
June 25, 2026
in বিবিধ, লেখা, সমীক্ষণ (আলোচনী)
0
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?
0
SHARES
141
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত সাগৰৰ পাৰত বহু দূৰলৈ নাৰিকল গছ দেখা যায়। নাৰিকলৰ গছবোৰ প্ৰায়ে সাগৰৰ ফালে হালি থকা যেন লাগে। এনে ক্ষেত্ৰত স্বাভাৱিকভাৱে প্ৰশ্ন উঠে—নাৰিকল গছ সাধাৰণতে সাগৰৰ কাষতেই কিয় দেখা যায়? পাহাৰীয়া অঞ্চল বা চহৰৰ মাজত কিয় কমকৈ দেখা যায়? ইয়াৰ আঁৰত কেৱল এটা নহয়, কেইবাটাও বৈজ্ঞানিক কাৰণ আছে। সাগৰৰ পাৰত নাৰিকল গছ বেছিকৈ হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল ইয়াৰ বীজ। নাৰিকলৰ কঠিন খোলাটোৱে ইয়াক পানীত সহজে উপঙি থকাত সহায় কৰে। গছৰ পৰা সৰি পৰা নাৰিকল সাগৰৰ ঢৌৱে কঢ়িয়াই নিব পাৰে বহু হাজাৰ কিলোমিটাৰ দূৰলৈ। যেতিয়া সেই নাৰিকল কোনো উপকূলত আহি লাগে, তেতিয়া সেয়া অংকুৰিত হৈ গছলৈ পৰিণত হয়। বিজ্ঞানৰ ভাষাত এই প্ৰক্ৰিয়াক হাইড্ৰ’ক’ৰি (Hydrochory) বুলি কোৱা হয়। অৰ্থাৎ পানীৰ জৰিয়তে বীজ বিস্তাৰ হৈ নতুন উদ্ভিদৰ জন্ম হোৱা প্ৰক্ৰিয়া। আশ্চৰ্যজনকভাৱে, বহু দূৰ ভাহি যোৱাৰ পাছতো নাৰিকল সহজে নষ্ট বা পচি নাযায়। সেইবাবেই পৃথিৱীৰ প্ৰায় সকলো উষ্ণমণ্ডলীয় দেশৰ সাগৰীয় উপকূলত নাৰিকল গছ দেখা যায়।

সাগৰীয় উপকূলৰ ৰ’দো এক গুৰুত্বপূৰ্ণ কাৰণ

সাগৰৰ কাষৰ মাটি সাধাৰণতে বালিময় আৰু সামান্য লৱণযুক্ত হয়। এই ধৰণৰ মাটি নাৰিকল গছৰ বাবে যথেষ্ট উপযোগী। তদুপৰি, উপকূলীয় অঞ্চলত প্ৰচুৰ সূৰ্যৰ পোহৰ পোৱা যায়, যিয়ে গছৰ বৃদ্ধিত সহায় কৰে। নাৰিকল গছৰ পাতবোৰক একপ্ৰকাৰ সৌৰ পেনেলৰ সৈতে তুলনা কৰিব পাৰি। যিমান বেছি পোহৰ পায়, সিমানেই খাদ্য প্ৰস্তুত কৰিব পাৰে আৰু বৃদ্ধি ভাল হয়। নাৰিকল গছৰ বাবে অতি উৰ্বৰ মাটিৰ বিশেষ প্ৰয়োজন নহয়। বালিময় মাটিয়ে শিপাবোৰক সেমেকা কৰি ৰাখে যদিও পানী জমা হৈ নাথাকে। নাৰিকল গছৰ শিপাই মাটিৰ তলৰ পৰা প্ৰয়োজনীয় পানী আহৰণ কৰিব পাৰে, সেয়েহে ইহঁতৰ বাবে মূলতঃ আর্দ্ৰতা আৰু কিছু পুষ্টি থাকিলেই যথেষ্ট।
ইয়াৰ উপৰিও, সাগৰৰ ঢৌৱে উপকূললৈ অনা মাটিত বিভিন্ন পুষ্টিকৰ উপাদান থাকে, যিয়ে গছৰ বৃদ্ধিত সহায় কৰে। সাগৰৰ উপকুলীয় অঞ্চলৰ বতাহ সদায়েই আর্দ্ৰতাৰে ভৰা থাকে। এই আর্দ্ৰ বতাহ গছে সহজতেই লাভ কৰে। সাগৰৰ ঢৌ আৰু গভীৰ শিপাৰ জৰিয়তে গছবোৰে পৰ্যাপ্ত পানী লাভ কৰে। ফলত পানীৰ অভাৱ সাধাৰণতে অনুভৱ নকৰে।

নাৰিকল গছ সাগৰৰ ফালে কিয় হালি থাকে?

বেছিভাগ গছেই সাধাৰণতে বতাহৰ বিপৰীত দিশলৈ হালিহে ডাঙৰ হয়। কিন্তু নাৰিকল গছৰ ক্ষেত্ৰত এয়া সম্পূৰ্ণ ওলোটা হোৱা দেখা যায়। ফট’ট্ৰ’পিজম (Phototropism) নামৰ প্ৰক্ৰিয়াৰ বাবে নাৰিকল গছবোৰ অধিক পোহৰ পোৱা দিশলৈ হালি যায়। সাগৰৰ ফালেই সাধাৰণতে অধিক খোলা আকাশ আৰু সূৰ্যৰ পোহৰ পোৱা যায়। সেইবাবেই বহু নাৰিকল গছ সাগৰৰ ফালে হালি থকা দেখা যায়।

পৰিৱেশ সুৰক্ষাতো নাৰিকল গছৰ ভূমিকা

সাগৰৰ পাৰত থকা নাৰিকল গছৰ দীঘল শাৰীসমূহে উপকূলীয় অঞ্চলক ধুমুহা আৰু ঘূৰ্ণীবতাহৰ তীব্ৰ প্ৰকোপৰ পৰা কিছু পৰিমাণে সুৰক্ষা দিয়ে। অৰ্থাৎ, এই গছবোৰ কেৱল নিজে শক্তিশালী নহয়, পৰিৱেশ সংৰক্ষণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অৱশ্যে নাৰিকল গছৰ খেতি কেৱল সাগৰৰ উপকুলীয় অঞ্চলতেই যে ভাল হয় তেনে নহয়। যদিও ই সাধাৰণতে উপকূলীয় অঞ্চলত অধিক দেখা যায়, তথাপিও অন্য আর্দ্ৰ অঞ্চলতো ইয়াৰ খেতি সম্ভৱ। এনে ঠাইত গছৰ শিপাৰ কাষত ক’কো পিট (Coco Peat) ব্যৱহাৰ কৰা হয়, যাতে মাটিৰ আর্দ্ৰতা ধৰি ৰাখিব পাৰি। কেৰালা, তামিলনাডু আৰু কৰ্ণাটকৰ বহু নাৰিকল বাগিচাত এই পদ্ধতি ব্যৱহাৰ কৰা হয়। ফলত সাগৰৰ কাষত নাথাকিলেও উপযুক্ত পৰিৱেশ সৃষ্টি কৰি সফলভাৱে নাৰিকল গছৰ খেতি কৰিব পাৰি।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Coconut
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick
বিনোদন

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

August 26, 2026
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ
জীৱনশৈলী

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

August 26, 2026
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ
ভাৰত

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

August 26, 2026
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…
জীৱনশৈলী

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

August 26, 2026
Next Post
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.