অসম লাইভ ২৪ঃ দেশৰ কোভিড পৰিস্থিতি কিছু সুস্থিৰ হোৱাৰ সময়তে পুনৰ আশংকা কঢ়িয়াই আনিছে ডেল্টা প্লাচ ভেৰিয়েণ্টে। এইবাৰ অধিক দুঃচিন্তাৰ কাৰণ হৈছে ডেল্টা প্লাচ ভেৰিয়েণ্ট। কেন্দ্ৰীয় চৰকাৰে ডেল্টা প্লাচক ‘variant of concern’ ঘোষণা কৰিছে। পূৰ্বতকৈ অধিক সংক্ৰামক কোভিডৰ নতুন প্ৰজাতি ডেল্টা প্লাচ। ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত প্ৰায় ৪০ জন লোক আক্ৰান্ত হৈছে এই ডেল্টা প্লাচ ভেৰিয়েণ্টত। মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু কেৰালাত সৰ্বাধিক আক্ৰান্ত হৈছে এই ভাইৰাছত। মহাৰাষ্ট্ৰত ২১ জন, মধ্য প্ৰদেশত ৬ জন, কেৰালাত ৩ জন, তামিলনাডুত ৩ জন, কৰ্ণাটকত ২ জন, পঞ্জাৱ, অন্ধ্ৰপ্ৰদেশ আৰু জম্মু-কাশ্মীৰত আক্ৰান্ত হৈছে একোজনকৈ লোক। ইয়াৰ পাছতে ৰাজ্যসমূহলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। ডেল্টা প্লাচক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ। বিশ্ব স্বাস্থ্য সংস্থাই ডেল্টা প্লাচক অধিক মাৰাত্মক বুলি ঘোষণা কৰিছে। ডেল্টা প্লাচৰ বিৰুদ্ধে কোভিড ভেকচিন কাৰ্যকৰী নহ’ব বুলিও সদৰী কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ