অৱশেষত অপেক্ষাৰ অন্ত পৰিল৷ ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিলে চুমি বৰা আৰু তাৰ্কিক বৰাই৷ ডিজিপি জিপি সিঙে এক্স হেণ্ডেলত প্ৰকাশ কৰিছে এই তথ্য৷ চুমি আৰু তাৰ্কিকৰ ফটো শ্বেয়াৰ কৰি জি পি সিঙে লিখিছে, ‘The game is up for them. Compliments to the Team STF. তেওঁলোকৰ বাবে খেল শেষ। অভিনন্দন Team STF.’
ইফালে আত্মসমৰ্পণ কৰাৰ পূৰ্বে চুমি বৰাই এক ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰিছিল নিজৰ সামাজিক মাধ্যমত৷ বিশেষ ভিডিঅ’যোগে চুমি বৰাই কৈছিল, ‘মোৰ বিৰুদ্ধে বহু অপপ্ৰচাৰ চলি আছিল৷ মই মেণ্টেল হেৰেছমেণ্ট পাই আছো৷ মেণ্টেলি কোনো কথা ক’বলৈ প্ৰস্তুত নাছিলো বাবে ৭দিন যেনেতেনে কটালো৷ ন্যায়ালয়ে মোক দোষী বুলি কোৱাৰ পূৰ্বেই মিডিয়াই মোক দোষী সজাইছে৷ মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে৷ বহুত ধৰণে বিভিন্ন ক্ষেত্ৰত মোক সাঙোৰ খোৱাইছে৷ অলৰেডি মই দোষী বুলি দাবী কৰা হৈছে৷ কেছ আছিল ট্ৰেডিংৰ ওপৰত এতিয়া সকলোবোৰ মোৰ ওপৰত পৰিছে৷ মই পলাই থকা নাই মই লুকাই আছিলো৷ কোনো তথ্য নোহোৱাকৈ মোৰ ওপৰত কথা কৈ আছে৷ মোৰ মান সন্মান আৰু মোৰ পৰিয়ালৰ মান সন্মান উলংগ হৈছে৷ সেয়ে মই আজি চাৰেণ্ডাৰ কৰিম৷ ন্যায়ালয়ে মিডিয়া চাই নহয় তথ্য চাই মোৰ ওপৰত বিচাৰ কৰিব৷ মই আৰক্ষীৰ সৈতে সম্পূৰ্ণ সহযোগ কৰিম৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ