অসম লাইভ ২৪ঃ আজি ৯ ডিচেম্বৰ, কাইলৈ ১০ ডিচেম্বৰ অৰ্থাৎ কাইলৈ কেটৰিণা কাঈফ আৰু বিকি কৌশলৰ বিয়া। সকলো ফালে চৰ্চাৰ তুংগত বিকি –কেটৰিনাৰ বিয়ালৈ কাক কাক, মাতিল কাক কাক নামাতিল।
বিকি-কেটৰিণাৰ বিয়াৰ চিঠি (চিঠিখন ভালকৈ চাওক। এগৰাকী বিশেষ ব্যক্তিৰ নাম আছে।)
বিয়া ক’ত পাতিব, খাবলৈ কি দিব , বা পিন্ধিবই বা কি লাগিব তাকলৈ চিন্তা-ভাৱনাৰ অন্ত নাই একাংশৰ। ৰাজস্থানৰ এক পুৰণি ফৰ্টত বিবাহৰ বিশেষ আয়োজন চলিছে বিকি -কেটৰিনাৰ।
জয়পুৰৰ পৰা বিশেষ হেলিকপ্টাৰে বিবাহ অনুষ্ঠানত উপস্থিত হ’ব দৰা বিকি আৰু কইনা কেটৰিনা। নিমন্ত্ৰিত অতিথি হিচাপে বিবাহ অনুষ্ঠানত উপস্থিত থাকিব দুই পৰিয়ালৰ লগতে তেনেই কম সংখ্যক লোক। ইফালে, এক তৃতীয়াংশ বলিউদৰ ষ্টাৰ-ছুপাৰষ্টাৰক নিমন্ত্ৰন দিয়া হৈছে বিশেষ বিবাহ অনুষ্ঠানলৈ।
তাতো একাংশ অনুৰাগীয়ে বিভিন্ন মাধ্যমত খুচৰি ফুৰিছে যে প্ৰাক্তন প্ৰেমীক ছালমান খানক মাতিল নে নামাতিল? ৰনবীৰ কাপোৰক মাতিল নে নামাতিল ? শেষত খবৰ আহিল বুলে কেটৰিণা-বিকিৰ বিয়া লাইভৰ বাবে copy right ক্ৰয় কৰিছে বোলে কেৱল আমাজন প্ৰাইমে।
প্ৰায় ১০০ কোটি টকাত বিয়াৰ লাইভ টেলিকাষ্টৰ বিক্ৰি কৰি এইয়া আচলতে বিবাহ নে বিয়াৰ নামত বেপাৰ ইয়াক লৈয়ো বিভিন্নজনৰ প্ৰশ্ন। মুঠতে বিকি-কেটৰিণাৰ বিয়াক লৈ ভাৱনাৰ অন্ত নাই দেশৰ একাংশ লোকৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ