সহবাসৰ পাছতেই ব্যাপকভাৱে ৰক্তপাত হৈছিল৷ কিন্তু তেওঁক চিকিৎসকলৈ কাষলৈ লৈ যোৱাৰ পৰিবৰ্তে যুৱতীগৰাকীৰ ২৬ বছৰীয়া প্ৰেমিকে যোগাযোগ কৰিছিল বন্ধুবান্ধৱৰ সৈতে৷ তেওঁলোকক ফোন কৰি প্ৰতিকাৰৰ উপায় বিচাৰি নাপায় দাৰস্থ হৈছিল নেটদুনীয়াত৷ সহবাসৰ পাছত ৰক্তপাত হ’লে কেনেকৈ বন্ধ কৰিব পাৰি সেয়া বিচাৰি ইণ্টাৰনেটত চাৰ্ছ কৰিছিল যুৱকজনে৷ এনেকৈয়ে কেইবাঘণ্টা অতিক্ৰম কৰাৰ পাছত শেষত তেওঁক হাস্পতাললৈ লৈ যায়৷ কিন্তু তেতিয়ালৈকে বহু দেৰী হৈ গৈছিল৷ দীৰ্ঘক্ষণ ধৰি ৰক্তক্ষৰণ হোৱাৰ ফলত মৃত্যুৰ শীতল কোলাত ঢলি পৰিছিল নাৰ্ছিং প্ৰথম বৰ্ষৰ ছাত্ৰীগৰাকী৷
মৰ্মান্তিক এই ঘটনা ঘটিছে বিগত সোমবাৰ অৰ্থাৎ ২৩ ছেপ্টেম্বৰত গুজৰাটৰ নৱছাৰি জিলাত৷ অনিচ্ছাকৃত হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ প্ৰেমিকক৷ একেলগে তেওঁৰ বিৰুদ্ধে প্ৰমাণসহ অভিযোগো অনা হৈছে৷ নৱছাৰিৰ এছ পি সুশীল আগৰৱালে এই সন্দৰ্ভত জনাইছে যে সেই যুৱকৰ সৈতে প্ৰায় ৩বছৰ ধৰি সম্পৰ্ক চলি আছিল যুৱতীগৰাকীৰ৷ তাৰমাজতেই কিছুমাহ দুয়োৰে মাজত বিচ্ছেদো ঘটিছিল৷ বিগত ৭মাহ পূৰ্বে তেওঁলোকৰ যোগাযোগ আকৌ আৰম্ভ হয়৷ তাৰপিছতেই বিগত ২৩ ছেপ্টেম্বৰত দুয়োৱে কিছু অন্তৰংগ সময় কটাবলৈ এখন হোটেলৰ কোঠা ভাড়ালৈ লৈছিল৷ তাতেই দুয়োৱে সহবাস কৰে, এই সহবাসৰ পাছতেই ৰক্তপাত হয় নাৰ্ছিঙৰ ছাত্ৰীগৰাকীৰ৷
আৰক্ষীৰ দাবী যে অনিয়ন্ত্ৰিতভাৱে ৰক্তপাত হৈ থকা স্বত্ত্বেও সহবাস কৰাৰ চেষ্টা কৰিছিল যুৱকজনে৷ পৰিস্থিতি বেয়ালৈ যোৱাৰ পাছতো প্ৰায় ডেৰ ঘণ্টামান সময় তাতেই ছাত্ৰীগৰাকীক লৈ বহি আছিল যুৱকজন৷ বন্ধুবান্ধৱ আৰু ইণ্টাৰনেটৰো সহায় লৈছিল৷ কিন্তু অৱস্থা শোচনীয় হৈ পৰাতহে ছাত্ৰীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয়৷ সেই নিশাই হাস্পতালে ছাত্ৰীগৰাকী নিহত ঘোষণা কৰে৷
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি যুৱকজনে এই অপৰাধ লুকুৱাবলৈ সম্পূৰ্ণ চেষ্টা কৰিছিল৷ হোটেল ৰুমৰ পৰা বাহিৰলৈ ওলোৱাৰ পূৰ্বেই তেজ পৰিষ্কাৰ কৰিছিল৷ প্ৰেয়সীক হাস্পতালত ভৰ্তি কৰোৱাৰ কিছুসময় পাছতেই মৃত্যুক সাবটি লয়৷ অত্যধিক ৰক্তক্ষৰণৰ বাবেই মৃত্যুক সাবটি লয় ছাত্ৰীগৰাকীয়ে৷ ইয়াৰোপৰি ছাত্ৰীগৰাকীৰ গোপনাংগত গুৰুতৰ আঘাতো আছিল৷ ইতিমধ্যে যুৱকজনক কৰায়ত্ত কৰি অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ