• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি

গুজৰাট ট্ৰেজেডী! মাচ্ছু নদীত সেইদিন কোনে বিক্ৰী কৰিছিল মৃত্যুৰ টিকট? মাত্ৰ এই পাঁচটা ভুলেই কাঢ়িছিল শতাধিক লোকৰ জীৱন…

4 years ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

28 minutes ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

1 hour ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

14 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

15 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

15 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

16 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

16 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

17 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

19 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

19 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

20 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

গুজৰাট ট্ৰেজেডী! মাচ্ছু নদীত সেইদিন কোনে বিক্ৰী কৰিছিল মৃত্যুৰ টিকট? মাত্ৰ এই পাঁচটা ভুলেই কাঢ়িছিল শতাধিক লোকৰ জীৱন…

editor by editor
November 26, 2022
in অপৰাধ, জীৱনশৈলী, ভাৰত
0
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গুজৰাট ট্ৰেজেডীৰ আজি তিনিটা দিন। মাচ্ছু নদীৰ ওপৰত সেইদিনা বিক্ৰী হৈছিল মৃত্যুৰ টিকট! এটা দুটা নহয় সেইদিনা মাচ্ছু নদীৰ বুকুত হেৰাই গ’ল শতাধিক লোক। কাৰ ভুলৰ বাবে প্ৰাণ দিলে এইসকল নিৰীহ লোকে? দেশজুৰি এতিয়া কেৱল মাচ্ছু নদীৰ সেই ট্ৰেজেডীৰেই চৰ্চা। প্ৰকৃততে কি ভুল ৰৈ গৈছিল এই দলঙত?

মৰ্বী ওলমা দলঙত আছিল পাঁচটা ভুল। এই ভুলৰ বাবে সংঘটিত হৈছে এই ঘটনা। কি আছিল এই মাৰাত্মক ভুল? প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে মৰ্বী ট্ৰেজেদীৰ তদন্তৰ নিৰ্দেশ দিছে।

মুকলিৰ পূৰ্বে পৰীক্ষা কৰা নাছিল

নিৰ্দিষ্ট সময়ৰ পূৰ্বেই মুকলি কৰা হৈছিল এই মৰ্বী দলং। ডিচেম্বৰ মাহত মুকলিৰ পৰিকল্পনা থকা দলংখন ২৬ অক্টোবৰত গুজৰাটী নৱবৰ্ষৰ লগত সংগতি ৰাখি মুকলি কৰা হৈছিল। মুকলিৰ পূৰ্বে পুংখানুপুংখভাৱে পৰীক্ষা–নিৰীক্ষা কৰা হোৱা নাছিল। মুকলিৰ পূৰ্বে ষ্ট্ৰাকচাৰেল অডিট কৰা হোৱা নাছিল। জৰুৰীকালীন প্ৰস্থান আৰু উদ্ধাৰৰ কোনো আঁচনি নাছিল। ওলমা দলঙখনৰ পুৰণি কেবল সলনি কৰা হোৱা নাছিল। মেৰামতিৰ কাম বিশেষজ্ঞ লোকৰ দ্বাৰা পৰ্যবেক্ষণ কৰা হোৱা নাছিল।

পুৰণি কেবলত ৰঙহে দিয়া হৈছিল

পুনঃনিৰ্মাণৰ সময়ত দলঙৰ মজিয়া চাৰিটা এলুমিনিয়ামৰ স্তৰেৰে পুনৰ নিৰ্মাণ কৰা হৈছিল যিয়ে দলংখনৰ ওজন বৃদ্ধি কৰিছিল। কিন্তু দলঙৰ কেবলবোৰ শক্তিশালী বা সলনি কৰা হোৱা নাছিল বৰঞ্চ নতুন ৰূপ দিবলৈ ৰং কৰা হৈছিল। ইয়াৰ অৰ্থ আছিল যে দলংখন আগৰ তুলনাত গধুৰ হৈ পৰিল আৰু কেবলবোৰে ইয়াৰ ভাৰসাম্য ৰক্ষাৰ বাবে অসমৰ্থ হৈছিল।

অৰেভা গ্ৰুপৰ কামকাজত গাফিলতিৰ সন্দেহ

অৰেভা গ্ৰুপে দীৰ্ঘদিন ধৰি দলংখন চোৱা–চিতা কৰিছিল। পিছে পুনঃনিৰ্মাণৰ কামটো দুটা উপ–ঠিকাদাৰী সংস্থাক অৰ্পণ কৰিছিল অৰেভা গ্ৰুপে। দুই উপ–ঠিকাদাৰী প্ৰতিষ্ঠানৰ যোগ্যতাৰ ওপৰতো উঠিছে প্ৰশ্ন। অৰেভা গ্ৰুপক কেনেকৈ কামটো উপ-ঠিকাদাৰী কৰিবলৈ দিয়া হ’ল? পুনঃনিৰ্মাণ কামৰ তত্বাৱধানৰ অভাৱ সন্দৰ্ভতো তদন্তৰ নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ।

জনসাধাৰণৰ নিয়ন্ত্ৰণহীন প্ৰৱেশ

নতুন দলংখন নিৰ্মাণৰ খেলিমেলিৰ বাবে গধুৰ হৈছিল তাৰোপৰি জনসাধাৰণৰ প্ৰৱেশো নিয়ন্ত্ৰণহীন হৈ পৰিল। অত্যাধিক জনসাধাৰণৰ প্ৰৱেশো দলঙখন ভাগি পৰাৰ এটা কাৰণ। নিয়োগ কৰা নিৰাপত্তাৰক্ষীয়ে অত্যধিক লোকক প্ৰৱেশত বাধা নিদিয়াৰ বাবেই সংঘটিত হৈছে এই অনাকাংক্ষিত ঘটনা। ইতিমধ্যে দলঙত নিয়োজিত নিৰাপত্তাৰক্ষীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

দলংখনত লাইফ জেকেট বা ৰেছকিউ নাৱৰ ব্যৱস্থা নাছিল

অৰেভা গ্ৰুপৰ দুৰ্ঘটনাৰ ক্ষেত্ৰত কোনো উদ্ধাৰ বা জৰুৰীকালীন পৰিকল্পনা নাছিল। উদাহৰণস্বৰূপে, দলংখনত লাইফ জেকেট বা ৰেছকিউ ষ্টাফ থকা নাৱৰ ব্যৱস্থা নাছিল। কোনো লোক দলঙখনৰ পৰা বাগৰি পৰিলেও উদ্ধাৰ কৰিবলগীয়া সামান্য প্ৰয়োজনীয়তাখিনিও নাছিল দলংখনত। ইয়াৰ বাবেই দলংখনৰ কেবল ছিঙি পৰাৰ ফলত মৃত্যু হ’ল ১৩৫ জনৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক
বিবিধ

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

October 3, 2026
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

October 3, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
Next Post
ফেচবুকে সলাইছে নিয়ম! ১ ডিচেম্বৰৰ পৰা প্ৰফাইলত নাথাকিব এইকেইটা তথ্য

ফেচবুকে সলাইছে নিয়ম! ১ ডিচেম্বৰৰ পৰা প্ৰফাইলত নাথাকিব এইকেইটা তথ্য

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত কোনে কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত কোনে কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.